ETV Bharat / state

অভিভাৱক মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা

author img

By

Published : Sep 1, 2022, 2:18 PM IST

শেহতীয়া কেবিনেট বৈঠকত অভিভাৱক মন্ত্ৰীসকলৰ কাম-কাজ সন্দৰ্ভত পৰ্যালোচনা । কামৰ খতিয়ান ল'লে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । একাংশ অভিভাৱক মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে বিচৰা ধৰণে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই । সলনি হ'ব দায়িত্ব। অভিভাৱক মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা (Nandita Garlosa)।

Assam CM is not satisfied with the work of Parent minister
অভিভাৱক মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা

গুৱাহাটী, ১ চেপ্টেম্বৰ: শীঘ্ৰে সলনি হ'ব বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী । একাংশ অভিভাৱক মন্ত্ৰীৰ কাম-কাজত অসন্তুষ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । যি উদ্দেশ্যৰে মন্ত্ৰীসকলক অভিভাৱক হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছিল সেই উদ্দেশ্য পূৰণত ব্যৰ্থ হৈছে একাংশ মন্ত্ৰী (Himanta Biswa Sarma not satisfied with work of Guardian minister)।

যাৰ বাবে মুখ্যমন্ত্ৰীয়ে দায়িত্ব সলনি কৰাৰ ব্যৱস্থ‍া গ্ৰহণ কৰিছে । জানিব পৰা মতে, শেহতীয়া কেবিনেট বৈঠকত অভিভাৱক মন্ত্ৰীসকলৰ কাম-কাজ সন্দৰ্ভত পৰ্যালোচনা কৰা হৈছিল । এই পৰ্যালোচনাত একাংশ অভিভাৱক মন্ত্ৰীৰ ক‍াম-কাজকলৈ অসন্তুষ্টি ব্যক্ত কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM Himanta Biswa Sarma) । বিশেষকৈ শেহতীয়া ভয়াৱহ বান পৰিস্থিতিৰ সময়ত একাংশ অভিভাৱক মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে বিচৰা ধৰণে নিজৰ দায়িত্ব পালন কৰিব পৰা নাছিল ।

উল্লেখ যে বিগত বৰ্ষৰ ২৬ মে'ত মন্ত্ৰীসকলক অভিভাৱক মন্ত্ৰী হিচাপে বিভিন্ন জিলাৰ দায়িত্ব দিয়া হৈছিল । কেবিনেটৰ সিদ্ধান্ত অনুসৰি দায়িত্ব দিয়া জিলাৰ সৈতে অভিভাৱক মন্ত্ৰীৰ তালিকা প্ৰকাশ কৰা হৈছিল । সেই অনুসৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক বঙাইগাওঁ, ধুবুৰী আৰু বৰপেটা জিলাৰ, মন্ত্ৰী অতুল বৰাক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ, মন্ত্ৰী ইউ জি ব্ৰক্ষ্মক বাক্সা আৰু চিৰাং জিলাৰ, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দৰং, কামৰূপ আৰু কামৰূপ মেট্ৰ'ৰ আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্যক হাইলাকান্দি কৰিমগঞ্জ আৰু হোজাই জিলাৰ দায়িত্ব দিয়া হৈছিল ৷

আনহাতে মন্ত্ৰী কেশৱ মহন্তক গোলাঘাট আৰু মৰিগাওঁ জিলাৰ, মন্ত্ৰী ডা৹ ৰণোজ পেগুক শিৱসাগৰ আৰু যোৰহাট জিলাৰ, মন্ত্ৰী অশোক সিংঘলক কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰ জিলাৰ, মন্ত্ৰী যোগেন মহনক কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ, মন্ত্ৰী সঞ্জয় কিষানক ধেমাজি আৰু লখিমপুৰ জিলাৰ, মন্ত্ৰী অজন্তা নেওগক নলবাৰী, গোৱালপাৰা আৰু দক্ষিণ শালমাৰা জিলাৰ, মন্ত্ৰী পীয়ুষ হাজৰিকাক শোণিতপুৰ, বিশ্বনাথ আৰু নগাঁও জিলাৰ আৰু মন্ত্ৰী বিমল বৰাক মাজুলী, চৰাইদেউ আৰু বজালী জিলাৰ দায়িত্ব দিয়া হৈছিল ।

আনহাতে মন্ত্ৰীসকলৰ লগত আছিল একো একোজন সচিব । বিগত সময়চোৱাত অভিভাৱক মন্ত্ৰীসকলে কৰা কাম-কাজৰ পৰ্যালোচনা কৰাত একাংশ মন্ত্ৰীৰ ব্যৰ্থতা উন্মোচিত হয় । যাৰ বাবে অভিভাৱক মন্ত্ৰীৰ জিলাৰ দায়িত্ব সালসলনি কৰাৰ ব্যৱস্থা কৰা হৈছে । ইফালে নতুনকৈ মন্ত্ৰীত্ব লাভ কৰা জয়ন্ত মল্ল বৰুৱা আৰু নন্দিতা গাৰ্লোচা (Nandita Garlosa) অভিভাৱক মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হ'ব (Minister Jayanta Malla Baruah) ।

লগতে পঢ়ক: ভাৰতৰ ৰাজধানী পাঁচটা স্থানত হোৱাটো বিচাৰে হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.