ETV Bharat / state

ৰাজ্যৰ ৩৯৯ টা মণ্ডলত নির্মাণ কৰা হ’ব বিজেপিৰ স্থায়ী কার্যালয় ভৱন: মুখ্যমন্ত্রী

author img

By

Published : Apr 6, 2022, 9:57 PM IST

বিজেপিৰ নিৰ্মিয়মান ৰাজ্যিক মুখ্য ক‍াৰ্যালয় চৌহদত দলৰ ৪২ সংখ্যক প্রতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে ক’লে, দলৰ সকলাে কার্যকর্তাই একত্রিত ভাৱে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে নিজকে সমর্পণ কৰিবলৈ সকলাে সময়তে সাজু হৈ থাকিব লাগিব । দলৰ বুথ পৰ্যায়ত ১৫ দিনীয়া ব্যাপক কাৰ্যসূচীৰে “সামাজিক ন্যায় পষেক” (State BJP celebrates 42nd Foundation Day)।

CM in BJP foundation day celebration program at Guwahati
ৰাজ্যৰ ৩৯৯ টা মণ্ডলত নির্মাণ কৰা হ’ব বিজেপিৰ স্থায়ী কার্যালয় ভৱন

গুৱাহাটী, ৬ এপ্ৰিল : সমগ্ৰ দেশৰ প্ৰতিটো বুথতে বুধবাৰে পালন কৰা হয় বিজেপিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱস (State BJP celebrates 42nd Foundation Day)। সমান্তৰালকৈ ৰাজ্যতো পালন কৰা হয় বিজেপিৰ প্ৰতিষ্ঠা দিৱস । বিজেপিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি গুৱাহাটীৰ বেলতলাত নিৰ্মীয়মান দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয় চৌহদত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয় । প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি বন্তি প্ৰজ্বলন কৰে আৰু উপস্থিত সকলোকে সম্বোধন কৰে ।

ৰাজ্যৰ ৩৯৯ টা মণ্ডলত নির্মাণ কৰা হ’ব বিজেপিৰ স্থায়ী কার্যালয় ভৱন : মুখ্যমন্ত্রী

ইফালে ভাষণ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ সবল নেতৃত্বত ভাৰতবৰ্ষই পৰম বৈভৱৰ স্থিতিলৈ সফলতাৰে গতি কৰিছে । দলৰ সকলাে কার্যকর্তাই একত্রিতভাৱে ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰণে নিজকে সমর্পণ কৰিবলৈ সকলাে সময়তে সাজু হৈ থাকিব লাগিব ।

তেওঁ কয় যে, ১৯৮০ চনতেই অংকুৰিত হােৱা দলটোৱে বর্তমান এক বিশাল বটবৃক্ষৰ ৰূপ লৈছে । তেওঁ লগতে কয় যে, আগন্তুক সময়ত অসমৰ ৩৯৯ টা মণ্ডলতেই দলৰ স্থায়ী কার্যালয় নির্মাণৰ কাম হাতত লােৱা হ'ব ।

CM in BJP foundation day celebration program at Guwahati
ৰাজ্যৰ ৩৯৯ টা মণ্ডলত নির্মাণ কৰা হ’ব বিজেপিৰ স্থায়ী কার্যালয় ভৱন : মুখ্যমন্ত্রী

উল্লেখ্য যে, ইতিমধ্যে ৰাজ্যখনৰ প্ৰতিটো জিলা সদৰতে দলৰ স্থায়ী কার্যালয় নির্মাণৰ কাম পূর্ণ গতিত চলি আছে । ইয়াৰে ১১ খন জিলাত নির্মাণকার্য ইতিমধ্যে সম্পূর্ণ হােৱা বুলি মুখ্যমন্ত্ৰীয়ে কার্যকর্তা সকলক অৱগত কৰে । ইফালে দলৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাই জনোৱা মতে বুধবাৰৰ পৰা ১৫ দিনীয়া ব্যাপক কাৰ্যসূচীৰে “সামাজিক ন্যায় পষেক” দলৰ বুথ পর্যায়ত পালন কৰা হ'ব ।

আনহাতে, দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই তেওঁৰ গৃহ চহৰত ৰঙিয়া মণ্ডলে আয়ােজন কৰা দলৰ প্রতিষ্ঠা দিৱসৰ কার্যক্রমত অংশগ্রহণ কৰে ।
উল্লেখ্য যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মােদী আৰু দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলীয় কার্যকর্তাক এই অনুষ্ঠানত ভাৰ্চুৱেলী সম্বােধন কৰে । দলৰ প্ৰতিটো মণ্ডল, বুথ, জিলা তথা ৰাজ্যিক কার্যালয়ত প্রধানমন্ত্রীৰ ভাষণ শুনাৰ ব্যৱস্থা কৰা হয়।

ইয়াৰোপৰি, গুৱাহাটী মহানগৰীৰ বেলতলা চাৰিআলিত নির্মীয়মাণ অৱস্থাত থকা দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ চৌহদত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই দলীয় কার্যকর্তা সকলৰ সৈতে একেলগে বহি প্রধানমন্ত্ৰীৰ ভাষণ শুনে ।

আনহাতে, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মাই হেঙেৰাবাৰীস্থিত ‘অটল বিহাৰী বাজপেয়ী’ ভৱনত আয়ােজিত প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্রহণ কৰে । প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বুধবাৰে ৰাজ্যৰ প্ৰতিটো বুথত শােভাযাত্রা, দলৰ নীতি-আদৰ্শৰ ওপৰত বক্তব্য প্রদান, স্বচ্ছতা কার্যসূচী গ্রহণ কৰাৰ লগতে দলৰ প্ৰতিজন কার্যকর্তাই নিজ নিজ বাসগৃহত দলীয় পতাকা উত্তোলন কৰে ।

বুধবাৰে দলৰ প্ৰতিজন ৰাজ্যিক বিষববীয়া, কার্যনির্বাহক সদস্য, সাংসদ, মন্ত্রী, বিধায়ককে আদি কৰি সকলাে নেতৃত্বই ৰাজ্যিকভাৱে আয়ােজিত অনুষ্ঠানত উপস্থিত থকাৰ সমান্তৰালভাৱে জিলা পর্যায়ত সভাপতিকে প্রমুখ্য কৰি জিলা স্তৰৰ সকলাে বিষয়ববীয়া তথা কার্যকর্তা আৰু বুথ, শক্তিকেন্দ্র স্তৰৰ সকলাে কার্যকর্তা,পঞ্চায়ত ৱাৰ্ডৰ সদস্যসকল বুথ পর্যায়ত উপস্থিত থাকি উলহ-মালহৰে দলৰ প্রতিষ্ঠা দিৱস উদযাপন কৰে ।

লগতে পঢ়ক : Price rise in Assam: দাম কমোৱাৰ ক্ষেত্ৰত নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হোৱা নাই চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.