গুৱাহাটী,২ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে বুধবাৰে সংসদত দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে নতুন দিগন্ত আখ্যা দিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । বৃহস্পতিবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) বাজেট সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ কয় যে ২০১৪ চনৰ পৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ পৃষ্ঠপোষকতাত দাখিল কৰা প্ৰতিখন বাজেটে দেশত বিকাশৰ পথ প্ৰশস্ত কৰিছে । বুধবাৰৰ বাজেটখন অমৃতকালৰ প্ৰথমখন বাজেট । এই বাজেটত সপ্ত-ঋষিৰ ধাৰণা উপস্থাপন কৰা হৈছে । সাতটা স্তম্ভৰে অমৃতকালৰ দিশ উত্থাপন কৰা হৈছে ।
কেন্দ্ৰীয় বাজেটে অসমসহ উত্তৰ-পূৰ্বাঞ্চলক বিকাশৰ পথত আৰু অধিক আগুৱাই লৈ যাব বুলি উল্লেখ কৰি তেওঁ কয় যে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে বৃহৎ পৰিমাণৰ পুঁজিৰ আবণ্টন দিয়া হৈছে(Himanta Biswa Sarma reactions on Union budget) । ৭৮,৫০০ কোটি টকা ধাৰ্য কৰা হৈছে । আনহাতে ড'নাৰৰ বাবে আবণ্টন দিয়া হৈছে ৫৮৯২ কোটি টকা । উত্তৰ-পূৰ্বাঞ্চলৰ বাবে দিয়া পুঁজিৰ ৪০ শতাংশ অসমৰ বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰ অসমক ৩১৯০০ কোটি টকা দিয়া হৈছে । সেইদৰে অসমৰ বাবে সুদ বিহীন মূলধনী ঋণ ১.৩৭ লাখ কোটি দিয়া হৈছে(Union Budget 2023) । ইয়াৰ দ্বাৰা অসম বিশেষভাৱে লাভৱান হ'ব ।
তেওঁ লগতে কয় যে বাজেটত অসমক ১০ হাজাৰ কোটি টকাৰ আনটাইড ফাণ্ড দিয়া হৈছে(Assam CM reactions on Union budget) । যিটো পুঁজি অসম চৰকাৰে নিজৰ ইচ্ছা অনুসৰি ব্যয় কৰিব পাৰিব । বাজেটৰ যোগেদি দৰিদ্ৰ জনগণৰ কল্যানৰ উপৰি নিম্ন মধ্যবিত্তৰ লোকসকলকো সামৰি লোৱা হৈছে । ৭ লাখ টকালৈকে আয়কৰ ৰেহাই দিয়া হৈছে । ইয়াৰ ফলত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলো আয়কৰৰ পৰা মুক্ত হ'ব । এইখন বাজেটে দেশক অৰ্থনৈতিকভাৱে বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ অমৃতকালৰ ভেঁটি সুদৃঢ় কৰিব ।
তেওঁ লগতে কয় যে কেন্দ্ৰীয় বাজেটে অসম চৰকাৰক ৰাজ্যিক বাজেট প্ৰস্তুতৰ ক্ষেত্রত মনোবল তথা প্ৰেৰণা দিছে । এনে এখন কল্যানমুখী বাজেট দিয়াৰ বাবে তেওঁ প্ৰধানমন্ত্রী আৰু কেন্দ্ৰীয় বিত্তমন্ত্রীক অসমবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে । অসম চৰকাৰৰ আগন্তুক বাজেট সন্দৰ্ভত তেওঁ কয় যে অসম চৰকাৰৰ বাজেটত তিনিটা দিশত বিশেষ গুৰুত্ব দিয়া হ'ব । শিক্ষাৰ ক্ষেত্রত বাজেটত নতুন দৃষ্টিভংগী লোৱা হ'ব । স্বনিয়োজনত গুৰুত্ব দিয়া হ'ব । দৰিদ্ৰজনৰ কল্যানৰ বাবে বিশেষ আঁচনি থাকিব বুলি তেওঁ কয় । সংবাদমেলত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাও উপস্থিত আছিল ।
লগতে পঢ়ক: Union Budget Reaction: কেন্দ্ৰীয় বাজেটক জনমুখী আখ্যা বিজেপি-অগপৰ