ETV Bharat / state

Fertiliser Jihad : ৰাসায়নিক সাৰ ব্যৱহাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ নতুন অস্ত্ৰ 'সাৰ জিহাদ' - Abdul Khalek reacts on fartiliser jihad

ৰাজ্যৰ বাংলাদেশী মূলৰ মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ শব্দকোষত সৃষ্টি কৰিছে এক নতুন বাক্যাংশ- 'সাৰ জিহাদ' ।

Fertiliser Jihad
Fertiliser Jihad
author img

By

Published : Jun 12, 2023, 3:12 PM IST

Updated : Jun 12, 2023, 5:42 PM IST

নিউজ ডেস্ক, ১২ জুন : জিহাদ আৰু সন্দেহযুক্ত বাংলাদেশীৰ কাৰ্যকলাপক লৈ সততে সৰৱ হৈ আহিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । শেহতীয়াভাৱে ৰাজ্যত চৰ অঞ্চল আৰু বাংলাদেশীমূলৰ লোক অধ্যুষিত অঞ্চলত বিভিন্ন অপৰাধমূলক ঘটনাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে মুখ্যমন্ত্ৰীয়ে । তাৰ সমান্তৰালভাৱে ৰাজ্যৰ শিক্ষা জগতখনত ক্ৰমান্বয়ে নিজৰ দখল অধিক সুদৃঢ় কৰি অহা এইসকল বাংলাদেশী মূলৰ মুছলমানক লৈ 'শিক্ষা জিহাদ'ৰ প্ৰসংগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এইবাৰ কৃষি ক্ষেত্ৰৰ প্ৰসংগ টানি আনি পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে এই সম্প্ৰদায়টোক । বিশেষকৈ ৰাজ্যত বিভিন্ন খাদ্য-শস্য উৎপাদনত বৃহৎ মাত্ৰাত অতি মাৰাত্মক ৰাসায়নিক সাৰ ব্যৱহাৰৰ বিষয়টোৱে বিভিন্ন মহলত উদ্বেগৰ সৃষ্টি কৰি থকাৰ সময়তে এই বিষয়টোত সোচ্চাৰ হৈ পৰিছে মুখ্যমন্ত্ৰী । সেয়েহে এই বিষয়টোক অসমৰ স্বাস্থ্য খণ্ডত এক পৰিকল্পিত আক্ৰমণ বুলি অভিহিত কৰি এয়াও এক প্ৰকাৰ 'জিহাদ' বুলি ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীয়ে । যাৰ বাবে তেওঁ এতিয়া তেওঁৰ আক্ৰমণৰ শব্দকোষত নতুনকৈ এক বাক্যাংশ সংযোজন ঘটাইছে, যাক কোৱা হৈছে 'সাৰ জিহাদ' ।

শেহতীয়াভাৱে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰাকৃতিক কৃষিৰ বিকাশ আৰু ৰূপায়ণৰ আহ্বান জনোৱা এক ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ চৰকাৰে নিৰ্বাচনৰ সময়ত 'সাৰ জিহাদৰ বিৰুদ্ধে যুঁজ' দিয়াৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । আৰু এতিয়া সেই প্ৰতিশ্ৰুতি পূৰণৰ সময় আহি পৰিছে ।

মুখ্যমন্ত্ৰীয়ে কয়, "আমাৰ মাটি আৰু প্ৰকৃতিত ইমান শক্তি লুকাই আছে যে যদি আমি সেই শক্তি ব্যৱহাৰ কৰিবলৈ শিকোঁ তেন্তে অতিৰিক্তভাৱে ইউৰিয়া, ফছফেট, নাইট্ৰেট আদি ব্যৱহাৰৰ কোনো প্ৰয়োজন নহ'ব । আমি অসমত চৰকাৰ গঠন কৰাৰ সময়ত ৰাজহুৱা মঞ্চত এটা কথা কৈছিলোঁ যে আমাৰ ৰাজ্যত বিভিন্ন খাদ্য-সামগ্ৰী উৎপাদনৰ বাবে ৰাসায়নিক সাৰৰ অনিয়ন্ত্ৰিত ব্যৱহাৰ কৰাৰ বাবে বৃক্ক, হৃদযন্ত্ৰ আদিৰ ৰোগৰ সৃষ্টি কৰিছে ।"

উল্লেখ্য যে দেশৰ ৰাজনীতিত বৰ্তমান এক গুৰুত্বপূৰ্ণ স্থান দখল কৰা বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃষি সন্দৰ্ভত 'সাৰ জিহাদ' ব্যৱহাৰ কৰাটো এইটোৱেই প্ৰথম উদাহৰণ নহয় । তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত স্বাস্থ্য মন্ত্ৰী হৈ থাকোঁতে ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত তেওঁ কৈছিল যে অসম 'খাৰুপেটিয়া আৰু দলগাঁৱত বাস কৰা লোকৰ এটা অংশৰ' 'ৰাসায়নিক আৰু জৈৱিক আক্ৰমণ'ৰ অধীনত আছে ।

তাৎপৰ্যপূৰ্ণ কথাটো হৈছে, দৰং জিলাৰ অন্তৰ্গত খাৰুপেটীয়া আৰু দলগাঁৱত বাংলাদেশী মূলৰ মুছলমানৰ আধিপত্য আছে আৰু এই বৃহত্তৰ অঞ্চলটো গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অংশত পাচলি যোগান ধৰা পাচলি খেতিয়কসকলৰ অন্যতম বৃহৎ কেন্দ্ৰ ।

"যোৰহাট, শিৱসাগৰ আৰু উজনি অসমৰ অন্যান্য জিলাৰ লোকসকল খাৰুপেটীয়া আৰু দলগাঁৱৰ পাচলিৰ ওপৰত নিৰ্ভৰশীল । কিন্তু উক্ত কৃষকসকলে পাচলিৰ দ্ৰুত উৎপাদন আৰু সংৰক্ষণৰ বাবে বিপজ্জনক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে ।" মুখ্যমন্ত্ৰীয়ে কয় ।

ইফালে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মিনাতুল ইছলামে কয় যে এনেধৰণ কথা কোৱাটো কেতিয়াও মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ মৰ্যাদা হোৱা উচিত নহয় । "সঁচাকৈয়ে ৰাজ্যখনৰ বেছিভাগ অংশক খাদ্য যোগান ধৰাৰ কাম সংখ্যালঘু সম্প্ৰদায়, বিশেষকৈ মিঞা মুছলমানসকলে কৰে । আৰু এই খাৰুপেটীয়া বেল্টটো হৈছে এটা মুখ্য ক্ষেত্ৰ । তেওঁলোকে তেওঁলোকৰ শস্যৰ খেতি কৰিবলৈ বিভিন্ন ঋতুত যথেষ্ট পৰিশ্ৰম কৰে ।" তেওঁ লগতে কয় ।

আনহাতে, এআইইউডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে সাৰৰ অনিয়ন্ত্ৰিত ব্যৱহাৰ হৈছে চৰকাৰী বিফলতাৰ ফল আৰু হিমন্ত বিশ্ব শৰ্মাৰ এনে মন্তব্যৰ জৰিয়তে ইয়াক তুচ্ছ কৰা হৈছে ।

"সাৰ আৰু কীটনাশক হৈছে স্বাস্থ্যৰ বাবে বিপজ্জনক আৰু ৰাজ্যৰ খাদ্য আৰু কৃষি বিভাগে ইয়াক নিয়ন্ত্ৰণ কৰি সীমাবদ্ধতা আৰোপ কৰিবলৈ তথা সেইবোৰৰ বৈজ্ঞানিক ব্যৱহাৰ নিশ্চিত কৰিবলৈ পদক্ষেপ লোৱা উচিত । কিন্তু চৰকাৰে এইটো কৰিবলৈ সক্ষম হোৱা নাই... এই সন্দৰ্ভত এবাৰ জিহাদ শব্দটো ব্যৱহাৰ কৰা মানে ইয়াৰ আওতাত সমগ্ৰ সম্প্ৰদায়টো পৰে । কিয়নো এই গোটেই দায়িত্বটো এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ সৈতে সংলগ্ন হৈ আছে, যাৰ দ্বাৰা এটা গুৰুতৰ বিষয় পোহৰলৈ আহে ।" আমিনুল ইছলামে কয় ।

আনহাতে, কংগ্ৰেছৰ বৰপেটাৰ সাংসদ আব্দুল খালেকে মুখ্য়মন্ত্ৰীৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমক কয় যে মুখ্যমন্ত্ৰীয়ে 'ঘৃণাৰ জৰিয়তে ভোট লাভৰ উদ্দেশ্য'ৰে মুছলমানসকলক লক্ষ্য কৰি লৈছে । "তেওঁ আগবাঢ়ি আহিব লাগে আৰু সকলো ধৰণৰ জিহাদ বন্ধ কৰিব লাগে । কিন্তু উৎপাদন তেতিয়াও হ'ব লাগিব । উৎপাদন বৃদ্ধি কেৱল মুখৰ কথাৰ দ্বাৰা নহয় । এইটো সঁচা যে সাৰ ব্যৱহাৰৰ ক্ষেত্ৰত সমস্যা আছে । কিন্তু যদি এইটো 'সাৰ জিহাদ' হয় আৰু যদি তেওঁ জৈৱিক কৃষি কৰিব বিচাৰে, তেন্তে এই কাৰ্যত জড়িত লোকসকলক 'সাৰ জিহাদ'ৰ সৈতে জড়িত বুলি শব্দাংশ ব্যৱহাৰ কৰা উচিত নহয় ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :BJP leader suspicious dead : আবেলিৰে পৰা পৰিয়ালে লাভ কৰা নাছিল মৃত জোনালী নাথৰ শুংসূত্ৰ

Last Updated : Jun 12, 2023, 5:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.