গুৱাহাটী, 11 আগষ্ট: বাৰ্মিংহামত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত (Commonwealth Games 2022) লন বল (Lawn Bowls)ত সোণৰ পদক লাভ কৰি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা নয়নমনি শইকীয়া বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় ( CWG Gold Medalist Nayanmoni Saikia) । বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে সোণৰ পদক বিজয়ী নয়নমনি শইকীয়াক উষ্ম আদৰণি জনোৱা হয় ।
অসমলৈ গৌৰৱ কঢ়িয়ায় অনা নয়নমনি শইকীয়াক জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় (Assam CM Felicitates CWG Gold Medalist Nayanmoni Saikia) । জনতা ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে মত বিনিময় কৰি সোণৰ পদক বিজয়ী নয়নমনি শইকীয়াই কয় ‘‘মোৰ এই যাত্ৰা যথেষ্ট কষ্টকৰ আছিল । কমনৱেলথ গেমছত পদক লাভ কৰি মোৰ এই কষ্ট কমি গৈছে ’’।
উল্লেখ্য যে, নয়নমনি শইকীয়া এগৰাকী কন্যা সন্তানৰ মাতৃ । লগতে তেওঁ কয়, ‘‘খেলৰ বাবে সাজু হোৱাৰ ক্ষেত্ৰত এগৰাকী মাক হিচাপে মোৰ কষ্ট হৈছিল । ছোৱালীক ঘৰত এৰি আহি মই খেলৰ বাবে সাজু হৈছিলো । কেতিয়াও ভাগৰি পৰা নাছিলো । কিন্তু এই সফলতাই মোৰ সকলো দুখ কষ্ট পাহৰাই দিছে ’’।
তাৰোপৰি পদক বিজয়ী নয়নমনিক মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতলৈ ভালদৰে খেলি থাকিবলৈ কৈছে পৰামৰ্শ দিয়ে । ইয়াৰ লগতে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইপিনে বিধায়ক দুৰ্গা দাস বড়োয়ে কয়, নয়নমনি শইকীয়াই মুখ্যমন্ত্ৰীক উজনি অসমত লন বলৰ ভাল ষ্টেডিয়াম নিৰ্মাণৰ বাবে কৰা আৱেদন মুখ্যমন্ত্ৰী বিবেচনাৰ বাবে সম্মতি দিছে ।
লগতে পঢ়ক: Nayanmoni Saikia will be rewarded as DSP: উপ-আৰক্ষী অধীক্ষক হ’ব নয়নমণি শইকীয়া