ETV Bharat / state

চলিত মাহৰ ভিতৰতে সকলো ভঙা মথাউৰি মেৰামতিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ - CM Himanta Biswa Sarma

চলিত মে' মাহৰ ভিতৰতে ৰাজ্যত এতিয়াও মেৰামতি বিহীন বাবে পৰি থকা সকলো মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷ সোমবাৰে জনতা ভৱনত এই সম্পৰ্কে এক পৰ্যালোচনা বৈঠকত ভাগ লৈ এই নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

assam-cm-discusses-flood-management-with-water-resources-depertment
চলিত মাহৰ ভিতৰতে সকলো ভঙা মথাউৰি মেৰামতিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
author img

By

Published : May 17, 2021, 5:24 PM IST

গুৱাহাটী, ১৭ মে': কৰ’ণাৰ বিভীষিকাৰ মাজতে আহি আছে বাৰিষাৰ আন এক আতংক বানপানী । এনে অৱস্থাত এতিয়াও ৰাজ্যৰ বিভিন্ন অঞ্চলত বহু ভঙা মথাউৰিৰ মেৰামতি সম্পূৰ্ণ হৈ উঠা নাই । মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই সোমবাৰে জনতা ভৱনত এই সম্পৰ্কে এক পৰ্যালোচনা বৈঠকত ভাগ লয় । নৱনিযুক্ত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা সমন্বিতে বিভাগটোৰ শীৰ্ষ বিষয়াসকলৰ পৰা কামৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

assam-cm-discusses-flood-management-with-water-resources-depertment
চলিত মাহৰ ভিতৰতে সকলো ভঙা মথাউৰি মেৰামতিৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে যাতে চলিত মে' মাহৰ ভিতৰতে ৰাজ্যত এতিয়াও মেৰামতি বিহীন বাবে পৰি থকা সকলো মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হয় । আনহাতে প্ৰতি বছৰে ৰাজ্যৰ যিকেইখন নদীয়ে অধিক তাণ্ডৱৰ সৃষ্টি কৰে সেই নদীসমূহ চিনাক্ত কৰি বান প্ৰতিৰোধী এক সুকীয়া ব্যৱস্থা হাতত লোৱাৰ বাবেও বিভাগীয় মন্ত্ৰী আৰু আমোলা বিষয়া সকলক নিৰ্দেশ দিয়ে ।

আনহাতে বানপানী ৰোধৰ নামত কিম্বা মথাউৰি মেৰামতিৰ নামত কোনো কাৰণতে যাতে ৰাজহুৱা ধনৰ অপচয় হ’ব নোৱাৰে তাৰ বাবে জবাবদিহি কৰিব পৰা এক ব্যৱস্থা আৰম্ভ কৰিবলৈও নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: নতুন এছ অ পি জাৰি কৰাৰ পিছতেই সষ্টম নগাঁও আৰক্ষী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.