ETV Bharat / state

Teacher Appointment: শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম, টেট উত্তীৰ্ণয়ো দিব লাগিব পৰীক্ষা

author img

By

Published : May 10, 2023, 11:03 PM IST

শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত অহা বছৰৰ পৰা প্ৰযোজ্য হ'ব কেতবোৰ নতুন নিয়ম ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (HBS Comments on Teacher Appointment) ৷

HBS Comments on Teacher Appointment
শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন নিয়ম
টেট উত্তীৰ্ণয়ো দিব লাগিব পৰীক্ষা

গুৱাহাটী, 10 মে' : টেট উত্তীৰ্ণয়ো পুনৰ দিব লাগিব পৰীক্ষা ৷ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত অহা বছৰৰ পৰা প্ৰযোজ্য হ'ব কেতবোৰ নতুন নিয়ম ৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Assam CM comments on TET and teacher Appointment) ৷

তেওঁ কয় যে, বহু প্ৰাৰ্থীক অসমৰ বাহিৰৰ কিছুমান মুক্ত বিশ্ববিদ্যালয়ৰ পৰা বি এডৰ চাৰ্টিফিকেট লৈ অহা দেখা পোৱা যায় ৷ চাৰ্টিফিকেটখনত কোনো ভুল নাই, কাৰণ তেওঁলোক ইউ জি চিৰ অনুমোদনপ্ৰাপ্ত ৷ কিন্তু মহাবিদ্যালয় সমূহলৈ এদিনো যাব নালাগে শিক্ষাৰ্থী ৷ ইয়াৰ ফলত কষ্ট কৰি বি এড পাছ কৰাসকলে চাকৰি নোপোৱা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্ত এতিয়াৰ পৰা তেনে নহয় ৷ অহা বছৰৰ পৰা শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰত নতুন নিয়ম হ’ব বুলি কয় তেওঁ (HBS Comments on Teacher Appointment) ৷

টেট পৰীক্ষাত উতীৰ্ণ হোৱাৰ লগতে বি এডৰ নম্বৰো থাকিব শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত ৷ কিন্তু অৱশেষত আন এটা লিখিত পৰীক্ষা দিব লাগিব প্ৰাৰ্থী সকলে ৷ যিমান পদ থাকিব সিমানৰ লিখিত পৰীক্ষা হ'ব ৷ টেট, বি এড আৰু উচ্চতৰ মাধ্যমিকৰ নম্বৰৰ পাচতো আৰু এটা পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব প্ৰাৰ্থী সকল ৷ সকলোৱে যাতে সমান সুবিধা পায়, কাৰো মনলৈ যাতে শতাশা নাহে তাৰ বাবে সকলোৱে এই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব বুলি কয় মুখ্যমন্ত্ৰীজনে ৷ উচ্চতৰ মাধ্যমিক, মাধ্যমিক আৰু এল পিৰ শিক্ষক নিযুক্তিৰ বাবে হ’ব এই পৰীক্ষা ৷

সমসাময়িক পৰিৱেশৰ লগত খাপ খোৱাকৈ ২০১৪ চনত আৰম্ভ কৰা শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত এতিয়া পৰিৱৰ্তন অনা হ'ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ আনহাতে জিলা ভিত্তিত শিক্ষক বাচনি কৰা নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰৰ পৰা এটা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ৷ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত জিলাভিত্তিত বাদ দি এটা লিখিত পৰীক্ষাত পাছ কৰিলে দাবীসমূহ পূৰণ কৰিব পৰা যাব । শিক্ষক নিযুক্তিৰ ক্ষেত্রত ৰাজ্যিক ভিত্তিত এটা পৰীক্ষা অনুষ্ঠিত কৰা হ'ব বুলি তেওঁ কয় ৷

লগতে পঢ়ক: Govt free textbook distribution: উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে 7 খন জিলালৈ প্ৰেৰণ প্ৰায় 2 লাখ পাঠ্যপুথি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.