ETV Bharat / state

Raksha Bandhan 2023 : ভগ্নীসকলৰ হাতেৰে ৰাখী পিন্ধিলে মুখ্যমন্ত্ৰী শৰ্মাই; উপহাৰ হিচাপে কি দিলে মুখ্যমন্ত্ৰীয়ে - পালন কৰা হৈছে ৰাখী বন্ধন

এডাল ৰঙীন সূতা; যিডাল সূতাত নিহিত হৈ থাকে ভাতৃ-ভগ্নীৰ মৰম-স্নেহ তথা আত্মীয়তা । ভাতৃক ৰাখী বান্ধি ভগ্নীয়ে বঢ়াই আত্মবিশ্বাস । ভাতৃয়েও ভগ্নীক দিয়ে আজীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি । দেশৰ লগতে ৰাজ্যজুৰি আজি পালন কৰা হৈছে ৰাখী বন্ধন ।

Assam CM Celebrates Raksha Bandhan 2023
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত পবিত্ৰ ৰাখী বন্ধনৰ অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 12:10 PM IST

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত পবিত্ৰ ৰাখী বন্ধনৰ অনুষ্ঠান

গুৱাহাটী, ৩১ আগষ্ট : আজি ৰাখী বন্ধন । শাওনৰ পূৰ্ণিমাৰ দিনটোত ভাতৃৰ হাতত ৰাখী পিন্ধালে ভগ্নীয়ে । এই বৰ্ষ ৩০ আৰু ৩১ আগষ্ট দুদিনীয়াকৈ পালন কৰা হৈছে ৰাখী বন্ধন । সাধাৰণ লোকৰ পৰা ৰাজনীতিবিদ, তাৰকা আদি সকলোৱে উদযাপন কৰিলে ভাতৃ-ভগ্নীৰ এই পৱিত্ৰ দিনটো । ৰাখী বন্ধনৰ এই পৱিত্ৰ দিনটোও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহতো উলহ-মালহেৰে অনুষ্ঠিত কৰা হ’ল পৱিত্ৰ ৰাখী বন্ধনৰ অনুষ্ঠান ।

ভাতৃ-ভগ্নীৰ একতা সুদৃঢ় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীক ৰাখী পিন্ধালে বিজেপি মহিলা মৰ্চাৰ নেতৃত্বত বিভিন্ন দল-সংগঠনৰ মহিলাসকলে । ৰাখী পিন্ধাই মুখ্যমন্ত্ৰীক ভগ্নীয়ে নিজ হাতেৰে খুৱালে মিঠাই, প্ৰদান কৰিলে বিভিন্ন আকৰ্ষণীয় উপহাৰ । ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্ক অটুট ৰখাৰ উদ্দেশ্যৰে গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ।

Raksha Bandhan 2023
পালন কৰা হৈছে ৰাখী বন্ধন

মুখ্যমন্ত্ৰীগৰাকীয়েও ৰাখি বন্ধনৰ উপহাৰ স্বৰূপে ভগ্নীসকলক প্ৰদান কৰিলে একোখনকৈ শ্ৰীমদ্ভাৱগদগীতা ধৰ্মগ্ৰন্থ আৰু গুণমালা । ৰাখীবন্ধনৰ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী অশোক সিংহাল, সাংসদ পল্লৱ লোচন দাসকে ধৰি বহু ব্যক্তি । মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাখি বন্ধন উপলক্ষে অসমৰ প্ৰতিগৰাকী ভগ্নীলৈ জনালে শুভেচ্ছা আৰু আশীৰ্বাদ ।

সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘সনাতন সভ্যতাত ৰাখী বন্ধন হৈছে ভাতৃয়ে ভগ্নীক ৰক্ষা কৰা এক নিবিড় সম্পৰ্ক । মই সকলোকে ৰাখী পূৰ্ণিমাৰ শুভেচ্ছা জনাইছো । অসমখন সকলোৰে বাবে সুৰক্ষিত হওক ৷ আই মাতৃসকল দোপদদোপে আগবাঢ়ি যাওক ৷ বাই-ভনীসকল আগবাঢ়ি যাওক, তাকেই পৰম পিতাৰ ওচৰত কামনা কৰিছো’’ । এনেদৰেই এতিয়া ভাতৃ-ভগ্নীৰ এই পবিত্ৰ দিনটোৱে সকলোৱে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক : Raksha Bandhan Celebration: টীয়কত ৰাখী বন্ধন উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.