ETV Bharat / state

গুৱাহাটীৰ মছলা সন্মিলনত মুখ্যমন্ত্ৰী - বিভিন্ন ৰোগৰ নিৰাময়

গুৱাহাটীত আয়োজন কৰা হ’ল আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা-বিক্ৰেতা সভা আৰু মছলা সন্মিলন ৷ এই মছলা সন্মিলনত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM at spices meeting in Guwahati)৷

Assam CM at spices meeting in Guwahati
গুৱাহাটীৰ মছলা সন্মিলনত মুখ্যমন্ত্ৰী
author img

By

Published : Jun 30, 2022, 10:45 PM IST

গুৱাহাটী, ৩০ জুন : ভাৰতীয় মছলা ব’ৰ্ডৰ উদ্যোগত গুৱাহাটীত বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা-বিক্ৰেতা সভা আৰু মছলা সন্মিলনৰ আয়োজন কৰা হয় (Spices meeting held in Guwahati) । এই সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, বৰ্তমানৰ পৰিস্থিতিত সমগ্ৰ বিশ্বই স্বাস্থ্যসন্মত খাদ্যৰ সন্ধানত আছে, যিবোৰ খাদ্য সুৰক্ষা আৰু গুণগত মানত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সমতুল্য ।

ৰাসায়নিক সাৰমুক্ত অথবা অন্যান্য দূষিত পদাৰ্থৰ পৰা মুক্ত খাদ্য সামগ্ৰীৰ প্ৰতি আকর্ষণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলে বিশ্বৰ বাবে জৈৱিক খাদ্যৰ প্ৰধান যোগানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে ৷ উল্লেখযোগ্য যে, উক্ত সন্মিলনত সমগ্ৰ উত্তৰ-পূবৰ আগশাৰীৰ বিদেশী ক্ৰেতা, প্ৰধান ৰপ্তানিকাৰক, কৃষক আৰু ব্যৱসায়ীসকলে অংশগ্ৰহণ কৰে ৷

Assam CM at spices meeting in Guwahati
গুৱাহাটীৰ মছলা সন্মিলনত মুখ্যমন্ত্ৰী

ভাৰতৰ পৰম্পৰাগত মছলা, বনৌষধি আৰু ঔষধি উদ্ভিদৰ সমৃদ্ধ ঐতিহ্যক সমগ্ৰ বিশ্বতে প্ৰচাৰ কৰাৰ লগতে অঞ্চলটোৰ পৰা মছলা, মছলাগুৰি আৰু অনুৰূপ সামগ্ৰীৰ বৃদ্ধি আৰু বিকাশৰ সুবিধা প্ৰদানৰ উদ্দেশ্যৰে এই সন্মিলনৰ আয়োজন কৰা হৈছিল (Assam CM at spices meeting in Guwahati) । ড৹ শৰ্মাই কয় যে, দেশৰ মছলা আৰু বনৌষধিয়ে ৰন্ধন প্ৰক্ৰিয়াৰ উপৰি অন্যান্য দিশতো বিশেষ ভূমিকা পালন কৰে ।

তেওঁ কয় যে, চিকিৎসামূলক গুণ থকা বাবে বিভিন্ন ৰোগৰ নিৰাময়ৰ বাবেও ইয়াক নিয়মিতভাৱে ব্যৱহাৰ কৰা হয় । আন্তর্জাতিক মানকৰণ সংস্থাই তালিকাভূক্ত কৰা ১০৯ বিধ মছলাৰ ভিতৰত ভাৰতত প্ৰায় ৭৫ বিধ মছলা উৎপাদন কৰা হয় । দেশখনে আজি বিশ্বৰ সৰ্ববৃহৎ মছলা উৎপাদক, উপভোক্তা আৰু ৰপ্তানিকাৰক হিচাপে আত্মপ্ৰকাশ কৰিছে ।

তেওঁ কয় যে, সামগ্ৰিকভাৱে বিগত কিছু বছৰৰ পৰা বিভিন্ন ধৰণৰ মছলাৰ উৎপাদন দ্ৰুত গতিত বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰীয়ে কয় যে, গুণগত মানসম্পন্ন হোৱাৰ লগতে জৈৱিক বুলি স্বীকৃত হোৱাৰ বাবে আজি উত্তৰ-পূৰ্বাঞ্চলে বিশ্ব মানচিত্ৰত এক বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : ১ জুলাইৰ পৰা দেশত নিষিদ্ধ হ’ব এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক

অঞ্চলটোৰ মছলাসমূহৰ এক বিশেষ বৈশিষ্ট থকা বাবে বিশ্বব্যাপি ইয়াৰ চাহিদা থকাৰ লগতে বিশেষ স্বীকৃতিও লাভ কৰিবলৈ সক্ষম হৈছে । লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, অসমত বছৰি প্ৰায় ৩.১ লাখ মেট্রিকটন মছলা উৎপাদন হয় । আদা, হালধি, সৰিয়হ, জলকীয়া আদি মছলা উৎপাদনত ৰাজ্যখনৰ এক বৃহৎ অংশ জড়িত হৈ আছে ।

তেওঁ আৰু কয় যে, অসম উত্তৰ-পূৱ ভাৰতৰ দুৱাৰমুখ হোৱাৰ লগতে উন্নত যোগাযোগ আৰু দ্ৰুত বিকাশশীল আন্তঃগাঁথনিৰ সুবিধাৰ সৈতে মছলাৰ প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ বাবে এক প্ৰধান কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে । ৰাজ্যখনে ভৱিষ্যতে অন্যতম প্ৰধান ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ।

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৱৰ বাবে গ্ৰহণ কৰা উন্নয়নমূলক পদক্ষেপক আগুৱাই নিয়াৰ বাবে ‘‘এখন জিলাত এটা উৎপাদন’’ আঁচনি (অ’ডিঅ'পি)ৰ কাৰ্যকৰীকৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, অ’ ডি অ' পিৰ অধীনত অসমৰ কেইবাখনো জিলাত মছলা জাতীয় শস্য উৎপাদনৰ দিশত অগ্ৰাধিকাৰৰ শস্য হিচাপে চিহ্নিত কৰিছে ।

বঙাইগাঁৱৰ পৰা হালধি, দৰং, ধেমাজি, ডিব্ৰুগড় আৰু মাজুলীৰ জিলাৰ বাবে সৰিয়হ আৰু সৰিয়ঁহৰ সামগ্ৰী, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাছাওত আদা উৎপাদন, ধুবুৰী আৰু যোৰহাট জিলাত জলকীয়া উৎপাদন কৰিব পৰা জিলা হিচাপে চিনাক্ত কৰা হৈছে ।

গুৱাহাটীত মছলাৰ বাবে এটা গুণগত মূল্যায়ন পৰীক্ষাগাৰ আৰম্ভ কৰাৰ বাবে মছলা ব’ৰ্ডে লোৱা পদক্ষেপক প্ৰশংসা কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই পৰীক্ষাগাৰে উত্তৰ-পূৰ্বাঞ্চলত মছলা জাতীয় শস্যৰ বিকাশ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হ’ব । এই পৰীক্ষাগাৰৰ জৰিয়তে অত্যাধুনিক পৰীক্ষণ উপলব্ধ হ’ব আৰু যিয়ে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সৈতে সমতুল্য পৰ্যায়ত এক সুবিধা প্ৰদানৰ দিশতো প্ৰভাৱ পেলাব ।

মছলা প্ৰক্ৰিয়াকৰণ আৰু মূল্য সংযোজনৰ বাবে পর্যাপ্ত আঃগাঁথনি আৰু উদ্যোগ নথকা বাবে বৰ্তমানৰ বেছিভাগ উৎপাদিত সামগ্ৰী কেঁচা অথবা অর্ধ প্ৰক্ৰিয়াকৃত পৰ্যায়ত বাহিৰলৈ যায় । ফলত কৃষক আৰু উৎপাদকৰ আয় বহুগুণে হ্ৰাস পায় বুলি তেওঁ কয় ।

লগতে পঢ়ক : গুৱাহাটীত বিজেপিৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাংগঠনিক সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.