ETV Bharat / state

পাঠ্যক্ৰমত লাচিত বৰফুকন : সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ড৹ শৰ্মাৰ চিঠি

author img

By

Published : Apr 22, 2022, 8:28 PM IST

অসমৰ ইতিহাসত অন্যতম এক চৰিত্ৰ লাচিত বৰফুকন । লাচিত বৰফুকনৰ বিষয়ে সমগ্ৰ দেশক জ্ঞাত কৰোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক প্ৰচেষ্টা (Chapter on Lachit Borphukan in curriculum ) । পাঠ্যক্ৰমত লাচিত বৰফুকনৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ হিমন্ত বিশ্ব শৰ্মাৰ ।

cm letter on lachit
পাঠ্যক্ৰমত লাচিত বৰফুকনঃ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ডঃ শৰ্মাৰ চিঠি

গুৱাহাটী,২২ এপ্ৰিল: ষোল্লবাৰকৈ মোগলক খেদি পঠিওৱা বীৰ লাচিত বৰফুকনৰ পৰাক্ৰমৰ বিষয়ে কেৱল অসমে জানিলেই নহ’ব, সমগ্ৰ দেশে জানিব লাগিব । যিদৰে ভাৰতৰ প্ৰান্তে প্ৰান্তে সকলোৱে জানে মহাবীৰ শিৱাজীৰ বিষয়ে, ঠিক তেনেদৰে লাচিত বৰফুকনকো জানিব লাগিব । এই অনুভৱ মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ ।

অন্ততঃ দেশৰ নতুন প্ৰজন্মই বীৰ লাচিতৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন(Chapter on Lachit Borphukan in curriculum ) । সেইবাবেই পাঠ্যক্ৰমত বীৰ লাচিত বৰফুকনৰ বিষয়ে অন্তৰ্ভুক্ত কৰাৰ বাবে অনুৰোধ জনাই মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ইতিমধ্যে ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে । বৃহস্পতিবাৰে এক ৰাজহুৱা অনুষ্ঠানত অংশ লৈ এই কথা নিজেই প্ৰকাশো কৰিছে মুখ্যমন্ত্ৰীয়ে ।

অৱশ্যে নিজা নিজা ৰাজ্যত পাঠ্যক্ৰমত বিষয়টো অন্তৰ্ভুক্ত কৰা-নকৰাৰ সিদ্ধান্ত ল’ব সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহে । এইখিনিতে উল্লেখ কৰিব পাৰি যে বিজেপিয়ে ৰাজ্যত প্ৰথমবাৰ চৰকাৰ গঠন কৰাৰ পিছতেই সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকে সকলো চৰকাৰী কাৰ্যালয়ত বীৰ লাচিতৰ একোখন ছবি ৰখাটো বাধ্যতামূলক কৰিছিল ।

সেই সিদ্ধান্তৰ পিছৰে পৰাই এতিয়াও প্ৰায় সকলো চৰকাৰী কাৰ্যালয়ত লাচিত বৰফুকনৰ একোখনকৈ ছবিয়ে অসমীয়া জাতিৰ শৌৰ্য-বীৰ্যৰ পৰিচয় দি আহিছে । সেয়া আছিল অসম চৰকাৰৰ সিদ্ধান্ত । কিন্তু পাঠ্যক্ৰমত লাচিত বৰফুকনৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনোৱা অনুৰোধৰ প্ৰতি কোন ৰাজ্যই কেনেদৰে সহাৰি দিয়ে ‌সেয়া কিছুদিন পিছতহে জানিব পৰা যাব ।

লগতে পঢ়ক : অসমত 'আপ'ৰ উত্থানকলৈ শংকিত কোন ? বিজেপি নে কংগ্ৰেছ !

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.