ETV Bharat / state

CM Press Meet: বিশিষ্ট চিকিৎসক ডাঃ তপন শইকীয়ালৈ ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান

author img

By

Published : Jan 4, 2023, 5:30 PM IST

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকৰ নাম । এইবাৰ এগৰাকীলৈ অসম বৈভৱ, পাঁচগৰাকীলৈ অসম সৌৰভ আৰু ১৫ গৰাকীলৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে । মুঠ ২১ গৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা আগবঢ়োৱা হৈছে ।

CM Press Meet
বিশিষ্ট চিকিৎসক ডাঃ তপন শইকীয়ালৈ ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান

গুৱাহাটী,৪ জানুৱাৰী: আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়ালৈ(Dr Tapan Sakia) আগবঢ়োৱা হৈছে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান 'অসম বৈভৱ'(Asom Baibhav Award) বঁটা । উল্লেখ যে, আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sarma) পৌৰোহিত্যত জনতা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপকসকলৰ নাম ৷

সেই অনুসৰি অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা এইবাৰ আগবঢ়োৱা হৈছে বিশিষ্ট কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন শইকীয়ালৈ । আনহাতে 'অসম সৌৰভ'(Asom Haurav Award) বঁটা আগবঢ়োৱা হৈছে ভ্ৰাম্যমান থিয়েটাৰৰ কৃষ্ণ ৰয়, বিশিষ্ট ফুটবলাৰ গীলবাৰ্টছন ছাংমা, খ্যাতিমান খেলুৱৈ নয়নমণি শইকীয়া, বিশিষ্ট সমাজকৰ্মী ড৹ বিনয় কুমাৰ শইকীয়া আৰু স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ শশীধৰ ফুকনলৈ ।

সেইদৰে 'অসম গৌৰৱ'(Asom Gaurav Award) বঁটা আগবঢ়োৱা হৈছে নৱগ্ৰহত মৃতদেহ সৎকাৰৰ ক্ষেত্ৰত সেৱা আগবঢ়াই অহা ধৃতিমালা ডেকা, বিশিষ্ট মীন গৱেষক ডাঃ দেৱজিৎ বৰ্মন, মানস ৰাষ্ট্ৰীয় উদ্যানৰ টুৰিষ্ট গাইড তথা পৰ্যটন ক্ষেত্ৰৰ উৎকৰ্ষ সাধনত জড়িত ৰুস্তম বসুমতাৰী, চিংফৌ হেৰিটেজৰ হৈ কাম কৰি অহা মাঞ্জেলা, পৰ্যটন ক্ষেত্ৰৰ উত্তৰণৰ বাবে কাম কৰি অহা বিনন্দ হাতীবৰুৱা, বিশিষ্ট শিক্ষাবিদ তথা সমাজসেৱী অতুল চন্দ্ৰ বৰুৱা, মহিলা সৱলীকৰণৰ ক্ষেত্ৰত কাম কৰি অহা কল্যাণী ৰাজবংশীলৈ ৷

লগতে আশাকৰ্মী শীলা গোৱালা, ৰেচম তথা সোণালী সূতাৰ বিশেষজ্ঞ ডাঃ যোগেশ দেউৰী, বিশিষ্ট ব্যৱসায়ী পংকজলাল গগৈ, আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী, আদৰ্শ খেতিয়ক মানথাং মাৰ, নাৰ্চাৰিৰ ক্ষেত্ৰখনৰ সৈতে জড়িত ড৹ ধ্ৰুৱজ্যোতি শৰ্মা, বিশিষ্ট মুখাশিল্পী দয়াল গোস্বামী আৰু বিশিষ্ট সমাজকৰ্মী ডাঃ ছৈয়দ ইফটিকাৰ আহমেদলৈ আগবঢ়োৱা হৈছে অসম গৌৰৱ ।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে, ‘‘এই বঁটাৰ বাবে ৰাইজৰ পৰা লাভ কৰা আবেদনসমূহ বিভাগীয়ভাৱে বিশ্লেষণ কৰাৰ পাছত কেবিনেট উপ-সমিতিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে । পূৰ্বতে এই বঁটাত ক্ৰমে ৫ লাখ, ৩ লাখ আৰু ২ লাখ টকাৰ নগদ ধন দিয়া হৈছিল । এইবাৰ এতিয়ালৈকে চূড়ান্ত কৰা হোৱা নাই ৷’’

আনহাতে বঁটাসমূহ কেতিয়া প্ৰদান কৰা হ’ব সেই কথা ঘোষণা কৰা নাই যদিও কোনো এটা ভাল দিনত বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে । সংবাদমেলত উপস্থিত থাৰে মন্ত্ৰী অতুল বৰা, অজন্তা নেওগ, ডাঃ ৰণোজ পেগু, পীযুষ হাজৰিকা আৰু অশোক সিংঘাল । উল্লেখ যে, এইবাৰ এগৰাকীলৈ অসম বৈভৱ, পাঁচগৰাকীলৈ অসম সৌৰভ আৰু ১৫ গৰাকীলৈ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে ।

লগতে পঢ়ক: Protest at Bihpuria : হত্যাকাৰীক ফাঁচিৰ দাবীত উত্তাল হ’ল বিহপুৰীয়া আৰক্ষী থানাৰ চৌহদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.