গুৱাহাটী, ১৭ জুলাই: অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ নেতা মৌলানা বদৰুদ্দিন আজমলৰ 'অসমীয়া-মিঞা' প্রসংগই তুমুল বিতৰ্কৰ সৃষ্টি কৰিছে । এই বিষয়টোক লৈ চৰ্চা হৈ থকাৰ মাজতেই ইয়াৰ বিৰুদ্ধে সৰৱ হৈছে অসম চিভিল ছ'চাইটি । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে এই 'অসমীয়া-মিঞা' প্রসংগ উত্থাপনই কৰি দিয়া বক্তব্য অতি দুৰ্ভাগ্যজনক আৰু প্ৰৰোচনামূলক বুলি অভিহিত কৰি দুয়ো গৰাকীৰে বক্তব্যক অসম চিভিল ছ'চাইটিয়ে তীব্ৰ বিৰোধিতা কৰে ।
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি ছ'চাইটিৰ সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয়," প্রতিপক্ষৰ ভূমিকাত অৱতীৰ্ণ হৈ মৌলানা বদৰুদ্দিন আজমলে বিপৰীত দৃষ্টিকোণৰ পৰা গোঢ়া ধৰ্মীয় বক্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীক সুবিধা প্ৰদান কৰি আহিছে । যিটো দুয়োগৰাকী ৰাজনীতিকৰ উগ্ৰ ধৰ্মান্ধতা আৰু ঠেক সাম্প্রদায়িক মনোবৃত্তিৰে চালিত স্বার্থান্ধ অভিসন্ধি । দুয়োগৰাকীৰে বক্তব্য গৰিহণাৰ যোগ্য ।" তেওঁ পুনৰ কয় ,"দেশৰ এক সাংবিধানিক উচ্চ-পদস্থ পদত অধিস্থিত এগৰাকী মুখ্যমন্ত্ৰীৰ ৰাজহুৱা বক্তব্যই সমাজত ঘৃণা, বিদ্বেষ, মনোমালিন্য তথা শত্রুতা বিয়পাই দুটা বা ততোধিক জনগোষ্ঠীৰ মাজত বিভাজন আৰু দ্বন্দ সৃষ্টি কৰাৰ ষড়যন্ত্ৰক আমি নিন্দা কৰিছো আৰু আইন বিৰোধী বুলি অভিহিত কৰিছো । "
অসম চিভিল ছ'চাইটিৰ সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয় যে মুখমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১৩ জুলাইত উল্লেখ কৰা ‘অসমীয়া-মিঞাৰ সম্পৰ্ক আৰু ৰাজ্যখনত বৃদ্ধি পোৱা শাক-পাচলিৰ মূল্যবৃদ্ধি প্রসংগ টানি অতি নিম্ন মানসিকতা আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা বক্তব্য আগবঢ়াই দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ সৃষ্টি কৰি ৰাজ্যখনত শাস্তি ভংগ কৰাৰ ষড়যন্ত্ৰ কৰিছে । তেওঁ ভাৰতীয় দণ্ড বিধিৰ ১৫৩-এ ধাৰা ভংগ কৰিছে । গতিকে উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্রশাসনে গোচৰ ৰুজু কৰিব লাগে,অন্যথা আদালতক অবমাননা কৰা হ'ব বুলি গণ্য কৰা হ'ব ।
তেওঁ লগতে কয়,"মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ ল'ৰা আনি পাচলি বেপাৰ কৰিব আৰু নামনি অসমৰ ল'ৰাই চাকৰি কৰিব বুলি কৰা মন্তব্যই উজনি অসমৰ ল'ৰাক ইতিকিং কৰিছে । এনেধৰণৰ মন্তব্য কৰাৰ তেওঁৰ উদ্দেশ্য কি ধৰিব পৰা নাই । কাৰ মাজত তেওঁ বিভাজন আনিব বিচাৰিছে ।"এনে সংকীৰ্ণ ৰাজনীতিৰ পৰা বিৰত থাকিবলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে অসম চিভিল ছ'চাইটিৰ সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে । উক্ত সংবাদমেলত ছ'চাইটিৰ কাৰ্যকৰী সভাপতি আব্দুল মান্নানকে ধৰি আন সদস্য সকল উপস্থিত থাকে ।
লগতে পঢ়ক:Youth killed in army vehicle collision: সাতগাঁৱত সেনাবাহিনীৰ গাড়ীৰ খুন্দাত যুৱকৰ মৃত্যু