ETV Bharat / state

ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমত শিশুৰ মৃত্যুৰ হাৰ অধিক : এন এইছ এম - নৱজাতকৰ মৃত্যু

চলিত বৰ্ষৰ জুন মাহত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় চেম্পল ৰেজিষ্ট্ৰেছন (এছআৰএছ )ৰ প্ৰতিবেদন অনুসৰি, বৰ্তমানো সৰ্বভাৰতীয় তুলনাত শিশু আৰু নৱজাতকৰ মৃত্যুৰ হাৰ অসমত অধিক । প্ৰতিটো বছৰৰ পৰিসংখ্যা দুবছৰৰ পিছতহে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ কৰা হয় । এই সমগ্ৰ বিষয়টো ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম )য়ে তদাৰক কৰে ।

ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমত শিশুৰ মৃত্যুৰ হাৰ অধিক : এন এইছ এম

author img

By

Published : Jul 7, 2020, 10:45 PM IST

গুৱাহাটী, 6 জুলাই : সৰ্বভাৰতীয় তুলনাত বৰ্তমানো শিশু আৰু নৱজাতকৰ মৃত্যুৰ হাৰ অসমত অধিক । চলিত বৰ্ষৰ জুন মাহত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় চেম্পল ৰেজিষ্ট্ৰেছন (এছআৰএছ )ৰ প্ৰতিবেদন অনুসৰি, 2018 বৰ্ষত অসমত শিশুৰ মৃত্যুৰ হাৰ প্ৰতি 1000ৰ ভিতৰত 81 টা হোৱাৰ বিপৰীতে সৰ্বভাৰতীয় স্তৰত এই সংখ্যা হৈছে 32 টা । অৱশ্যে নৱজাতক (জন্মৰ 28 দিনৰ ভিতৰত)ৰ মৃত্যুৰ ক্ষেত্ৰত অসম সৰ্বভাৰতীয় পৰ্যায়তকৈ নিম্ন স্তৰত আছে ।

2018 বৰ্ষত সৰ্বভাৰতীয় স্তৰত এই সংখ্যা প্ৰতি 1000ত 23 হোৱাৰ বিপৰীতে অসমত এই পৰিসংখ্যা হৈছে 21 । উল্লেখ্য যে, প্ৰতিটো বছৰৰ পৰিসংখ্যা দুবছৰৰ পিছতহে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকাশ কৰা হয় । সেই অনুসৰি, চলিত বৰ্ষৰ জুন মাহত 2018 বৰ্ষৰ পৰিসংখ্যা প্ৰকাশ কৰা হৈছে । সদ্য প্ৰকাশিত এই তথ্য অনুসৰি, 2018 বৰ্ষত অসমত শিশুৰ মৃত্যুৰ হাৰ পূৰ্বতকৈ অৰ্থাৎ 2017 বৰ্ষতকৈ 3 পইণ্ট (7 শতাংশ) হ্ৰাস পাইছে । একেদৰে নৱজাতকৰ মৃত্যুৰ হাৰো 2017 বৰ্ষতকৈ 2 পইণ্ট ( 9 শতাংশ ) হ্ৰাস পাইছে ।

ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমত শিশুৰ মৃত্যুৰ হাৰ অধিক : এন এইছ এম
ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমত শিশুৰ মৃত্যুৰ হাৰ অধিক : এন এইছ এম

ৰাজ্যত এই সমগ্ৰ বিষয়টো তদাৰক কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইছ এম )য়ে । এন এইছ এম অসমৰ মিছন ডাইৰেক্টৰ ডঃ লক্ষ্মণন এছে ই টিভি ভাৰতক সদৰী কৰা অনুসৰি, এই পৰিসংখ্যা অসমৰ বাবে এক আশাৰ বতৰা ৷ তেওঁ কয় যে, সৰ্বভাৰতীয় তুলনাত অসমৰ এই পৰিসংখ্যা অধিক যেন লাগিলেও পূৰ্বৰ বছৰসমূহৰ তুলনাত ৰাজ্যখনত শিশু আৰু নৱজাতকৰ মৃত্যুৰ ৰেখাচিত্ৰডাল ক্ৰমাৎ নিম্নমুখী হ’বলৈ আৰম্ভ কৰিছে । কিয়নো, শিশুৰ মৃত্যুৰ হাৰ 2013 চনত অসমত প্ৰতি 1000ত 54 টা আছিল । একেদৰে 2014ত 49, 2015ত 47, 2016ত 44 আৰু 2017 চনতো এই সংখ্যা আছিল 44 টা ।

ঠিক সেইদৰে, নৱজাতকৰ মৃত্যুৰ পৰিসংখ্যাও বিগত 5 টা বছৰত অসমত আছিল এনেধৰণৰ- 2013ত 27, 2014ত 26, 2015ত 25, 2016ত 23 আৰু 2017ত 21 টা । সম্প্ৰতি শিশু আৰু নৱজাতকৰ মৃত্যুৰ সংখ্যা আৰু অধিক নিম্নমুখী কৰাৰ লক্ষ্যৰে চৰকাৰে প্ৰসূতিসকলক ঘৰৰ পৰিৱৰ্তে হাস্পতালত প্ৰসৱ কৰাৰ বাবে সজাগতাৰ চেষ্টা চলাইছে বুলি ডঃ লক্ষ্মণন এছে মন্তব্য কৰে ৷

মনকৰিবলগীয়া যে, এটা সময়ত শিশুৰ মৃত্যুৰ হাৰ অসমত প্ৰতি 1000ৰ বিপৰীতে 64 টা আছিল । এছ আৰ এছৰ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে যে, 2008 চনত সৰ্বভাৰতীয় পৰ্যায়ত শিশুৰ মৃত্যুৰ সংখ্যা (প্ৰতি 1000ত) 53 হোৱাৰ বিপৰীতে অসমত আছিল 64 টা । 2016ৰ পৰা 2018 চনলৈ যদি ভাৰতবৰ্ষৰ ক্ষুদ্ৰ ৰাজ্যকেইখন বাদ দি বাকী ৰাজ্যসমূহৰ তুলনা কৰা যায় তেন্তে দেখা যাব এই সময়ছোৱাত শিশুৰ মৃত্যুৰ পৰিসংখ্যাৰ ক্ষেত্ৰত প্ৰায় ওচৰা ওচৰিকৈ থকা ৰাজ্যকেইখন হ'ল- অসম, ছত্তীশগড়, মধ্য প্ৰদেশ, ওড়িশা, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ।

লগতে পঢ়ক : এদিনতে কামপুৰত দুটকৈ শোকাৱহ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.