ETV Bharat / state

PMAY Scheme: চৰকাৰী ভূমিত বসবাস কৰা নগৰ-চহৰৰ দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ

author img

By

Published : Mar 24, 2023, 6:02 PM IST

জনতা ভৱনত মন্ত্ৰী অশোক সিংহলৰ সংবাদমেল (Minister Ashok Singhal) । 2011 চনৰ জুন মাহৰ পূৰ্বৰ পৰা ৰাজ্যৰ নগৰ-চহৰাঞ্চলত চৰকাৰী মাটিত বাস কৰা পৰিয়ালে লাভ কৰিব তিনি লেচাৰ পৰা পাঁচ লেচাকৈ ভূমিৰ আৱণ্টন । 500 টকাৰ বিনিময়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (আৰবান) ঘৰ বনোৱাৰ বাবে জিলা উপায়ুক্তৰ পৰা লাভ কৰিব অনুমতি ।

PMAY Scheme
চৰকাৰী ভূমিত বসবাস কৰা নগৰ-চহৰৰ দৰিদ্ৰ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ

গুৱাহাটী,24 মাৰ্চ: ৰাজ্যৰ নগৰ-চহৰ অঞ্চলৰ চৰকাৰী ভূমিত বসবাস কৰা লোক সকলৰ বাবে সুখবৰ ৷ 2011 চনৰ জুন মাহৰ পূৰ্বৰ পৰা ৰাজ্যৰ নগৰ-চহৰাঞ্চলত চৰকাৰী মাটিত বাস কৰা পৰিয়ালে লাভ কৰিব তিনি লেচাৰ পৰা পাঁচ লেচাকৈ ভূমিৰ আৱণ্টন ৷ লগতে 500 টকাৰ বিনিময়ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (আৰবান) ঘৰ বনোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তই প্ৰদান কৰিব অনুমতি (PMAY Urban scheme) ৷

জনতা ভৱনত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৷ সংবাদমেলত মন্ত্ৰী সিংহলে কয় যে এইক্ষেত্ৰত 22 মার্চৰ অসম চৰকাৰৰ কেবিনেট বৈঠকত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এই সিদ্ধান্তৰ পাচতে নগৰ তথা চহৰাঞ্চলত চৰকাৰী ভূমিত বাস কৰা দৰিদ্ৰ লোকসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (আৰবান) ঘৰ লাভ কৰিব পাৰিব । ইয়াৰ দ্বাৰা বৰ্তমান 20 হাজাৰৰো অধিক পৰিয়াল উপকৃত হ’ব । তেওঁ কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (আৰবান) অধীনত প্ৰথম পৰ্যায়ত 1,03,600 ঘৰ, দ্বিতীয় পৰ্যায়ত 85 হাজাৰ ঘৰ আৰু তৃতীয় পৰ্যায়ত 48.42 হাজাৰ ঘৰ আৱণ্টন দিয়া হৈছে (PMAY U) ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত আঁচনিখনৰ অধীনত 45 হাজাৰ ঘৰ সম্পূৰ্ণ কৰা হৈছে । তেওঁ লগতে কয় যে মূল্যবৃদ্ধিৰ বাবে অসম চৰকাৰে অতিৰিক্তভাৱে 10 হাজাৰ টকাকৈ প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰদান কৰিছে ৷ নগৰ-চহৰত বহু দৰিদ্ৰ লোকে চৰকাৰী মাটিত থকা বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানৰ সুবিধাৰ পৰা বঞ্চিত হৈ আছিল (People living in govt land) । যাৰ বাবে শেহতীয়া কেবিনেটত উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এতিয়াৰে পৰা জিলা উপাযুক্তই ঘৰ বনোৱাৰ বাবে অনুমতি প্ৰদান কৰিব । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰাঞ্চল) হিতাধিকাৰীৰ বাবে ৰাজ্যৰ পৌৰ এলেকাসমূহত ভূমিৰ আৱণ্টন, বসতিৰ বাবে ভূমিৰ পৰিমাণ নিৰ্ধাৰণ আৰু ভূমি বন্দোৱস্তিৰ বাবদ পৰিশোধ কৰিবলগীয়া প্ৰিমিয়াম যুক্তিসংগতকৰণৰ বাবে জিলাসমূহৰ উপায়ুক্তসকলক ক্ষমতা প্ৰদানৰ সন্দৰ্ভত কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰীয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ এক ধ্বজাবাহী আঁচনি । দেশৰ স্বাধীনতাৰ 75 বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত সকলো যোগ্য নগৰীয়া পৰিয়ালৰ বাবে এটা পকীঘৰ নিশ্চিত কৰাৰ উদ্দেশ্যেৰে দেশৰ অন্যান্য চহৰ-নগৰৰ লগতে অসমতো এই আঁচনি ৰূপায়ণ কৰা হৈছে । এই অভিযানৰ উদ্দেশ্য বাস্তৱায়িত কৰিবলৈ সমগ্ৰ ৰাজ্যতে পি এম এ ৱাই-ইউৰ ভূমিহীন হিতাধিকাৰীসকলক সুলভ মূল্যৰ প্ৰিমিয়ামত ভূমি প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছে ।

অসমত ৰাজ্য চৰকাৰৰ গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে এই আঁচনিখন ৰূপায়ণৰ বাবে ন’ডেল কর্তৃপক্ষ হিচাবে কাম কৰি আছে । নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত আঁচনিখনৰ কাৰ্যকৰীকৰণ সুশৃংখলিত কৰাৰ বাবে এই বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । নগৰাঞ্চলৰ ভূমিহীন খিলঞ্জীয়া হিতাধিকাৰীসকলক ভূমি প্ৰদানৰ বাবে বিভাগটোৱে কেবিনেটত প্ৰস্তাৱ আগবঢ়াইছিল । সেই অনুসৰি 2021 চনৰ 24 নৱেম্বৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে 2011 চনৰ 28 জুন তাৰিখৰ পৰা বা তাৰ আগতে চৰকাৰী ভূমিত অবিৰতভাৱে বাস কৰি থকা খিলঞ্জীয়া ভূমিহীন ব্যক্তিসকলক পি এম এ ৱাই-এইচ এফ এ (নগৰীয়া)ৰ অধীনত সুবিধা আগবঢ়োৱাৰ বাবে বিভাগৰ প্ৰস্তাৱত অনুমোদন জনায় (PMAY HFA) ।

এই সন্দৰ্ভত কেবিনেটে ভূমি নীতি-2019 সংশোধন কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমি নীতি সংশোধন কৰি 2021 চনৰ 22 ডিচেম্বৰত এক জাননী জাৰি কৰে । কিন্তু গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে মত ব্যক্ত কৰে যে খিলঞ্জীয়া ভূমিহীন লোকসকলৰ স্বাৰ্থত এই জাননীৰ কিছুমান কথা সৰলীকৰণ কৰাৰ প্ৰয়োজন আছে ।

বিভাগটোৱে লগতে থলুৱা ভূমিহীন হিতাধিকাৰীসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ কথা বিবেচনা কৰি ভূমি বন্দোবস্তিৰ বাবদ প্ৰদান কৰিবলগীয়া প্ৰিমিয়ামৰ হাৰো যুক্তিসংগত কৰা পোষকতা কৰে । তদুপৰি PMAY-U ঘৰৰ সন্দৰ্ভত মাটিৰ বন্দোৱস্তিৰ বাবে যোগ্যতাৰ মাপকাঠী, চৰ্ত আৰু নিয়মৰ সংশোধন তথা যোগ্য হিতাধিকাৰীসকলক আপত্তিহীন প্ৰমাণপত্ৰ (NOC)ৰ ব্যৱস্থাও সৰলীকৰণ কৰাৰ প্ৰস্তাৱ দিয়ে ।

এই সকলো দিশ চালি-জাৰি 22 মার্চত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেটে ভূমিহীন খিলঞ্জীয়াসকলৰ বাসগৃহ নির্মাণৰ বাবে পি এম এ ৱাই-ইউ মিছন সম্পূর্ণ নোহোৱালৈকে এককালীন ব্যৱস্থা হিচাবে জিলা উপায়ুক্তসকলক ক্ষমতা প্ৰদানৰ ক্ষেত্ৰত অনুমোদন দিয়ে । সেই অনুসৰি জিলা উপায়ুক্তই নগৰ তথা চহৰাঞ্চলৰ চৰকাৰী ভূমিত বাস কৰা দৰিদ্ৰ লোকসকলক তিনিৰ পৰা পাঁচ লেচা ভূমিত প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰবানৰ গৃহ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰিব ।

লগতে পঢ়ক: SEBA issues strict guidelines: বিদ্যালয় পৰিদৰ্শকলৈ কঠোৰ নিৰ্দেশনাৱলী SEBA ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.