ETV Bharat / state

Assam cabinet meeting: পূজা কমিটী-ৰাস কমিটীলৈ চৰকাৰৰ অৰ্থ সাহায্য; খিলঞ্জীয়া ভূমিহীনলৈ মাটিৰ পট্টা

author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 5:48 PM IST

ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ২৫ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈকে সকলো মন্ত্ৰী কমেও ৫ দিন কটাব লাগিব গাঁৱত ৷ ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে ৰাজ্যজুৰি 'শিক্ষা পষেক' ৷ চাৰি শতাধিক শিক্ষানুষ্ঠানৰ আধাৰশিলা আৰু শুভাৰম্ভ কৰিব মন্ত্ৰীসকলে ৷

Assam cabinet meeting
Assam cabinet news decisions
ৰাজ্যিক কেবিনেট বৈঠক

গুৱাহাটী, ১৭ অক্টোবৰ: দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্তত দুৰ্গা পূজা উদযাপন সমিতিৰ বাবে ভাল খবৰ লৈ আহিছে অসম চৰকাৰে ৷ তিনিবছৰ সম্পূৰ্ণ হোৱা ৰাজ্যৰ ৬৯৫৩ খন দুৰ্গা পূজা সমিতিলৈ ৰাজ্য চৰকাৰে এইবছৰ ১০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়াব ৷ একেদৰে ৰাস সমিতিকো আৰ্থিক সাহায্য প্ৰদানৰ চিন্তা-চৰ্চা ৷ ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্ত সমূহ সংবাদমেল যোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

কেবিনেটৰ সিদ্ধান্ত অনুসৰি তিনি বছৰতকৈ পুৰণি দুৰ্গা পূজা কমিটীলৈ আৰ্থিক সাহায্য ঘোষণা কৰা হয় ৷ সেই অনুসৰি এই বছৰ ৬৯৫৩ খন দুৰ্গা পূজা কমিটীক অসম চৰকাৰে ১০ হাজাৰকৈ টকাৰ আৰ্থিক অনুদান দিব ৷

আনহাতে চৰকাৰে পূজাৰ নামত বলপূৰ্বক চান্দা তোলাৰ পৰা বিৰত থাকিবলৈ প্ৰতিখন পূজা কমিটীৰ প্ৰতি আহ্বান জনায় ৷ আজিৰ কেবিনেটত পৰম্পৰাগত ৰাস আৰু জীৱন্ত ৰাস উদযাপন কৰা কমিটীসমূহকো আৰ্থিক সাহায্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ৰ‍াসৰ পূৰ্বে এইক্ষেত্ৰত কেবিনেটে আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিব ৷

আনহাতে মন্ত্ৰী আৰু চৰকাৰী জ্যেষ্ঠ বিষয়াসকল গাঁৱলৈ যোৱাৰ বাবে পূৰ্বতে লোৱা সিদ্ধান্তৰ ক্ষেত্ৰত আজিৰ কেবিনেটত সময়সূচী গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি ২৫ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈকে সকলো মন্ত্ৰী কমেও ৫ দিনকৈ নিৰ্ধাৰিত প্ৰতিটো জ'নলৈ যাব লাগিব ৷

ইয়াৰ বাবে ৫ টা জ’ন নিৰ্ধাৰণ কৰা হৈছে ৷ প্ৰতিটো জ’নতে গৈ নিশা কটাব লাগিব মন্ত্ৰীসকলে ৷ বিজেপি চৰকাৰক প্ৰতিটো কামকাজৰ খতিয়ান দাঙি ধৰাৰ লগতে ৰাইজৰ সমস্যাৰ বুজ ল'ব লাগিব মন্ত্ৰীসকলে ৷ এই পাঁচটা জ’ন হৈছে উজনি অসম, উত্তৰ অসম, নামনি অসম, বৰাক আৰু বিটিআৰ ৷

আজিৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়‍াৰে পৰা চৰকাৰী অধিবক্তাসকলক নিযুক্তি সম্পূৰ্ণ নিয়মীয়াকৈ দিয়া হ’ব ৷ প্ৰায় ৩৫০ গৰাকী অধিবক্তাক নিয়মীয়া নিযুক্তি দিয়া হ’ব ৷ ন্যায় ব্যৱস্থা খৰটকীয়া কৰাৰ বাবে কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: CM HBS Controversy: মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা শিক্ষা ব্যৱস্থাত শেষ গজালটো মাৰিবলৈ ওলাইছে

সেইদৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে ৰাজ্যজুৰি 'শিক্ষা পষেক' উদযাপন কৰা হ'ব ৷ এই সময়চোৱাত মন্ত্ৰীসকলে চাৰি শতাধিক শিক্ষানুষ্ঠানৰ আধাৰশিলা আৰু শুভাৰম্ভনী কৰিব ৷ এই শিক্ষা পষেকত বাগিচা অঞ্চলত ১০০ খন নতুন বিদ্যালয় স্থাপন কৰা হ’ব ৷ ৭ কোটি টকাকৈ ৩০০খন বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণ কৰা হ’ব ৷ তদুপৰি ১৫ খন নতুন কলেজৰো শুভাৰম্ভ কৰা হ’ব ৷ মন্ত্ৰীসকলৰ উপস্থিতিত এই শিক্ষা পষেক উদযাপন কৰা হ’ব ৷

আনহাতে আজিৰ কেবিনেটে ২০২৪ বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত অনুমোদন জনায় ৷ সেই অনুসৰি ৩৬ টা গেজেটেড বন্ধ, ৩০ টা সীমিত বন্ধ আৰু ২ টা অৰ্ধ ছুটী আছে ৷

ইফালে কেবিনেটৰ সিদ্ধান্ত অনুসৰি চহৰাঞ্চলৰ ১২৩ টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক মাটি দিয়া হ'ব ৷ বসুন্ধৰা-২ৰ জৰিয়তে গ্ৰামাঞ্চলৰ ৫৫ হাজাৰ ভূমিহীন পৰিয়ালক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ সেইদৰে কেবিনেটে জলসিঞ্চন বিভাগৰ প্ৰস্তাৱিত চাৰ্কোল ডিভিজন আৰু চাব ডিভিজনৰ ক্ষেত্রত অনুমোদন জনায় ৷

আজিৰ কেবিনেটে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ অৱসৰৰ দিন ৩০ এপ্ৰিল ধাৰ্য কৰে ৷ অৰ্থাৎ চাকৰি ৬০ বছৰ হোৱাৰ লগে লগে বয়সৰ লগত মিল থকাকৈ ৩০ এপ্ৰিল অৱসৰৰ দিন হ'ব ৷ যাতে আগতিয়াকৈ নিযুক্তিৰ ব্যৱস্থা কৰিব পৰা যায় ৷ কেবিনেটৰ সিদ্ধান্ত অনুসৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ চিকিৎসক সকলৰ নন প্ৰেকটিছিং এলাউন্সৰ ব্যৱস্থা ৫ বছৰ কৰা হৈছে ৷

সেইদৰে কাৰ্বি লাংপিৰ ৰিভাইছ প্ৰজেক্টৰ বাবে ৪১৭.৩২ কোটি টকাৰ অনুমোদন জনাই আজিৰ কেবিনেটে ৷ আনহাতে আজিৰ কেবিনেটে এইচ পি চি এলত কনভাৰ্ছন অৱ ইনভেষ্টমেন্টৰ বাবে ৭৫৮কোটি টকাৰ অনুমোদন জনায় ৷

লগতে পঢ়ক: Micro Finance Relief Scheme: কামৰূপ মহানগৰ জিলাৰ ৩২৮২ গৰাকীক ঋণমুক্ত প্ৰমাণপত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.