ETV Bharat / state

Assam cabinet decisions: পকী হ’ব ৰাজ্যৰ ১০৮৫ খন কাঠৰ দলং

বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক (Assam state cabinet)৷ ৰাজ্যৰ মুঠ ১,০৮৫ খন কাঠৰ দলং পকী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে । ইয়াৰ বাবে কেবিনেটে ৪,৩৬০ কোটি টকা অনুমোদন জনায় ।

author img

By

Published : Apr 20, 2022, 11:06 PM IST

Assam cabinet
ৰাজ্যৰ ১,০৮৫ খন কাঠৰ দলং পকী হ’ব

গুৱাহাটী, ২০ এপ্ৰিল : ৰাজ্যৰ যোগাযোগ ব্যৱস্থা আৰু অধিক উন্নত কৰাৰ লক্ষ্যৰে সমগ্ৰ অসমতে থকা মুঠ ১,০৮৫ খন কাঠৰ দলং পকী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে (Assam state cabinet) । বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । কেবিনেটৰ অন্তত আজি গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে এই ১,০৮৫ খন দলং পকীকৰণৰ বাবে আজিৰ কেবিনেটে ৪,৩৬০ কোটি টকা অনুমোদন জনাইছে (Upgradation of wooden bridge to RCC in Assam)।

বুধবাৰৰ কেবিনেটত গৃহীত হোৱা আৰু কেইটামান সিদ্ধান্তৰ বিষয়ে অৱগত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ ডিগাৰু অঞ্চলত ৰয়েল ভূটান উচ্চায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ৫ বিঘা মাটি দিবলৈ কেবিনেটে সিদ্ধান্ত লৈছে । একেদৰে, কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত চি আৰ পি এফৰ এটা কেম্প নিৰ্মাণৰ বাবে চৰকাৰে ৭৮ বিঘা মাটি দিবলৈ সিদ্ধান্ত লৈছে ।

ৰাজ্যৰ ১,০৮৫ খন কাঠৰ দলং পকী হ’ব

আনহাতে বিভিন্ন জিলাত পণ্যাগাৰ বা ৱেৰ হাউচ নিৰ্মাণৰ বাবে মাটি আৱন্টনৰ যাৱতীয় ফাইল দিছপুৰলৈ অনুমোদনৰ বাবে আহিব লাগিছিল যদিও আজিৰ কেবিনেটে সেই ব্যৱস্থা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এতিয়াৰে পৰা উপায়ুক্তসকলেই সেই মাটিৰ আৱন্টন দিব পাৰিব । ইপিনে ৰাজ্যৰ প্ৰায় ২৮ লাখ লোকৰ এতিয়াও আধাৰ কাৰ্ড নাই যাৰ বাবে সেইসকল লোকে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে । তেওঁলোকক আধাৰ কাৰ্ড প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা উচ্চতম ন্যায়ালয়ত এক শপতশামা দাখিল কৰিবলৈও আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে । ৰাইজৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ পাব্লিক ইমাৰজেঞ্চি ফাণ্ড নামেৰে এক নতুন পুঁজি গঠন কৰিবলৈও আজিৰ কেবিনেটত সিদ্ধান্ত লোৱা হয় (CM public emergency fund in Assam) ।

আনহাতে সেনা বাহিনীৰ পৰা অৱসৰ লোৱাসকলৰ বাবে ৰাজ্য চৰকাৰৰ গ্ৰেড ৱান আৰু গ্ৰেড টু পদৰ চাকৰিত দুই শতাংশ আসন সংৰক্ষণ কৰিবলৈ আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক: মোক মোতকৈও ভালকৈ জানে মুখ্যমন্ত্ৰীয়ে; কিয় ক’লে ৰকিবুল হুছেইনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.