ETV Bharat / state

বাজেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন অজন্তা নেওগ - ক’ভিড পৰিস্থিতি

অতি লক্ষনীয় হাৰত হ্ৰাস পোৱা ৰাজহ সংগ্ৰহ আৰু ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ অসম চৰকাৰৰ বাজেটৰ ব্যয় অনুমোদন এক‌লাখ কোটিৰ তললৈ নমাৰ আশংকা আছে । অহা ১৬ জুলাইত ৰাজ্যৰ বাৰ্ষিক বাজেট দাখিল কৰিবলৈ প্ৰস্তুতি চলোৱা বিত্তমন্ত্ৰী অজন্তা নেওগ ইয়াকে লৈ বিমোৰত পৰা‌ পৰিলক্ষিত হৈছে।

budget_predictions
বাজেট প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন অজন্তা নেওগ
author img

By

Published : Jul 10, 2021, 10:19 PM IST

গুৱাহাটী,১০ জুলাই: ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰথম খন বাজেট অধিবেশনত ২০২১-২২ বৰ্ষৰ বাজেট দাখিল কৰিবলৈ লৈ কাৰ্যত অস্বস্তিত পৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগ । এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক দিয়া হাজাৰ কোটিটকীয়া প্ৰতিশ্ৰুতি আনফালে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অব্যাহত লক্ষনীয় ঘাটিয়ে বিপাঙত পেলাইছে বিত্ত মন্ত্ৰীগৰাকীক ৷

মনকৰিবলগীয়া যে, বাজেট প্ৰস্তুতকৰণৰ আগে আগে বিভাগীয় মন্ত্ৰী নেওগে ৰাইজৰ পৰা পৰামৰ্শ বিচাৰি যি আবেদন ৰাখিছিল তাৰ বিপৰীতে ইতিমধ্যে বিত্ত বিভাগে লাভ কৰিছে ১২০০০ হেজাৰৰো অধিক অনুৰোধ আৰু পৰামৰ্শ । বিত্ত বিভাগৰ এক সূত্ৰই ইটিভিক জনোৱা মতে, এই বাৰ হেজাৰ আৰ্জিৰ ৯০০০ টা‌ হোৱাটছেপ আৰু বাকী ৩০০০ হাজাৰ মেইল আৰু পোনপটীয়া আবেদনযোগে আহিছে য’ত সচেতন নাগৰিক তথা দল সংগঠনে চৰকাৰখনে লবলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা উল্লেখ কৰিছে ।

কিন্তু, বিত্ত বিভাগৰ সূত্ৰটোৰ মতে, যোৱাটো বিত্তীয় বৰ্ষত দেখা দিয়া ৰাজহ সংগ্ৰহৰ ঘাটিয়ে নতুন বাজেট দাখিলৰ সময়ত বিত্তমন্ত্ৰী অজন্তা নেওগক সচকিত কৰাৰ লগতে বিমোৰতো পেলাইছে । চৰকাৰী তথ্য অনুসৰি, ২০২০ চনৰ ২১ মাৰ্চত তদানীন্তন বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিখন বাজেট দাখিল‌ কৰিছিল তাত মুঠ ব্যয় নিৰ্ধাৰণ কৰা হৈছিল ১,০৩,৭৬২ কোটি টকা । এই ব্যয় আছিল পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষৰ (২০১৯-২০) বায়তকৈ ১৩.৩% কম ।

২০১৯-২০ বিত্তীয় বৰ্ষত ব্যয় নিৰ্ধাৰণ কৰা হৈছিল ১,১৯,৭১৬ কোটি টকা । ২০২০-২১ বৰ্ষত ব্যয় হ্ৰাস কৰিবলগীয়া হৈছিল ক’ভিড জনিত পৰিস্থিতিয়ে ৰাজহ সংগ্ৰহৰ হাৰ কমোৱাৰ আশংকা কৰিয়েই । অতি লক্ষনীয়ভাৱে এই বাজেটত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচিত বিভাগৰ বিপৰীতে পুঁজিৰ আবন্টন হ্ৰাস কৰা হৈছিল । ২০২০-২১ বৰ্ষত বাজেট বায় হ্ৰাস‌ কৰা বিভাগবোৰ আছিল ক্ৰমে, গ্ৰামোন্নয়ন (৪৫ শতাংশ) ,কৃষি (২৭ শতাংশ), জলসিঞ্চন আৰু বান নিয়ন্ত্ৰণ (২৫ শতাংশ), আৰক্ষী (২০ শতাংশ) ।

বিভাগীয় সূত্ৰটোৰ মতে, ২০২০-২১ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত দেখা দিয়া ঘাটিয়ে এইবাৰৰ বাজেটত মুঠ বাজেট ব্যয় (total budget expenditure) এক লাখ কোটিৰ তললৈ নমাই আনিব বুলি আশংকাৰ সৃষ্টি হৈছে। স্বাভাবিকতে এই কথাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনতো নেতিবাচক প্ৰভাৱ পেলাব । ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি ইতিমধ্যে ৰাজ্যৰ বাৰ হেজাৰ নাগৰিক তথা দল সংগঠনে যি আৰ্জি বিত্ত বিভাগত দাখিল কৰিছে সেয়াইও বাজেট প্ৰস্তুত কৰণৰ দিশত কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ।

বিত্ত বিভাগৰ হাতত পৰা নাগৰিক সমাজৰ আৰ্জিসমূহৰ ভিতৰৰ প্ৰধান কেইটামান হ'ল- চৰকাৰে ঠিকা ভিত্তিত নিযুক্তি দিয়া গৃহৰক্ষী জোৱানসকলৰ চাকৰি নিয়মীয়া কৰা । চেন্ট্ৰেল টেট পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক ৰাজ্য চৰকাৰৰ বিদ্যালয়টো অগ্ৰাধিকাৰ ভিত্তিত নিযুক্তি দিয়া । অসম টেটত উত্তীৰ্ণ হৈ ঠিকা ভিত্তিত নিযুক্তি লাভ কৰা‌ শিক্ষকসকলকো ৰাজ্য চৰকাৰৰ নিয়মীয়া শিক্ষকৰ দৰমহাৰ স্কেল আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা।

উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ হৈও স্কুটিৰ পৰা বঞ্চিত ছাত্ৰীক স্কুটি দিয়া ।‌‌ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত চলি থকা টোল গেট সমূহ উঠাই দিয়া বা মাছুল হ্ৰাস কৰা । পদপথৰ সাধাৰণ ব্যৱসায়ী সকলক ক’ভিড জনিত পৰিস্থিতিৰ বাবে আৰ্থিক সাৰ্হায প্ৰদান কৰা । একেদৰে হোজাই আৰু বজালী জিলাক পূৰ্ণাংগ জিলাৰ সা-সুবিধাৰে প্ৰস্তুত কৰি তোলা৷ ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত থকা জলাশয় আৰু বিল বোৰ নিবনুৱাৰ বিপৰীতে আবন্টন দি মীন উৎপাদন বৃদ্ধি কৰা ।

আমেৰিকা আৰু ইংলেণ্ডত থকা নামঘৰ সমূহক অৰ্থসাহায্য প্ৰদান কৰা। গুৱাহাটীত শিশুৰ কাৰণে এখন বৃহৎ শিশু উদ্যান নিৰ্মাণ কৰা । মদ আৰু গুটখাৰ বিপৰীতে বিক্ৰী কৰ বৃদ্ধি কৰা । বাংলাদেশ আৰু আন চুবুৰীয়া ৰাজ্য কেইখনৰ লগত মুক্ত বানিজ্যৰ পৰিবেশ বৃদ্ধি কৰা । কেন্দ্ৰীয় লোকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব খোজা সকলৰ বাবে আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰা ।‌

পঞ্জাব আৰু হাৰিয়ানাৰ দৰে অসম চৰকাৰেও নিহত সেনা বাহিনীৰ জোৱানৰ পৰিয়ালক এক কোটি টকাৰ আৰ্থিক সাহায্য দিয়াৰ বৱ্যস্থা কৰা । চাহ পৰ্যটন আৰু গাঁও পৰ্যটনৰ বাবে বিশেষ পেকেজৰ ব্যাৱস্থা কৰা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীকো মাহটোৰ শেষৰ দিনটোতেই দৰমহা দিয়াৰ সিদ্ধান্ত লোৱা । ৰাজ্যৰ বাৰ হাজাৰতকৈও অধিক নাগৰিক আৰু সংগঠনে দিয়া এই আৰ্জিৰ কিছু সংখ্যকে হয়তো অজন্তা নেওগৰ বাজেটত ঠাই পাব।

কিন্তু, ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ পৰিস্থিতি যিমানেই বেয়া নহওক কিয় কেইটামান বিশেষ বিষয়ক আওকান কৰি‌ অজন্তা নেওগে এইবাৰ বাজেট দাখিল কৰিব নোৱাৰিব । তাৰ ভিতৰত প্ৰধান হৈছে ৰাজ্যৰ ২৭ লাখ মহিলাৰ বিপৰীতে ৮৩০ টকাকৈ প্ৰদান কৰা অৰুণোদয় আঁচনি, আত্মসহায়ক গোটৰ যুৱক যুৱতীক পঞ্চাশ হেজাৰ কৈ প্ৰদান কৰা স্বয়ম আঁচনি ৷ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই দিয়াৰ সিদ্ধান্তৰ বিপৰীতে হ'ব লগা বৃহৎ পৰিমানৰ পুঁজিৰ আৱন্টন ।

যোৱাটো বিত্তীয় বৰ্ষত অৰুণোদয়ৰ বাবে ২৮০০ কোটি, স্বয়মৰ বাবে ১০০০ কোটি আৰু বিনামূলীয়া চাউলৰ অন্ন আঁচনিৰ ৰূপায়নৰ বাবে ৪৭২ কোটি টকা ধাৰ্য কৰা হৈছিল । এই আৱন্টন অব্যাহত ৰখাৰ উপৰি এইবাৰ মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে ৮০০০ কোটিৰ এক বৃহৎ পৰিমানৰ ৰাজহুৱা পুঁজি এই বাজেটত থাকিব লাগিব । এই ঋণ ৰেহাই প্ৰক্ৰিয়া যদি দীঘলীয়া কৰা হয় তেতিয়া হ'লে বৰ্ধিত সুদৰ বোজা চৰকাৰেই ল’ব লাগিব ।

আনহাতে চৰকাৰে এক লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব এই বিত্তীয় বৰ্ষতে । অজন্তা নেওগৰ সন্মুখত এইবোৰেই আজি এক বৃহৎ প্ৰত্যাহ্বান ৰূপে থিয় দিছে । কেৱল সেয়ে নহয়, শনিবাৰে ৰাজ্য চৰকাৰৰ ঘোষিত কেবিনেটৰ সিদ্ধান্ত অনুসৰি বিত্ত বিভাগে ডিপাৰ্টমেন্ট অৱ ইন্ডিজিনিয়াছ ফেইথ এন্ড বিলিভৰ দৰে নতুন বিভাগ খোলাৰ বাবে পুঁজি দিব লাগিব ।

উল্লেখ্য যে, আজি বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব ইউ জি ব্ৰহ্মক দিয়া হৈছে । গতিকে পুঁজিৰ আৱন্টন সেইধৰণে বাঢ়িব । ইটিভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, অহা ১৩ জুলাইত অজন্তা নেওগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এক বিশেষ বৈঠকত মিলিত হ’ব আৰু সেইদিনাৰ পৰাহে বাজেটৰ মূল কাম আগবাঢ়িব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়কঃ অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.