ETV Bharat / state

Assam Budget 2022-23: কেইবাখনো শিক্ষানুষ্ঠানৰ বাবে বাজেটত বিশেষ ঘোষণা - Assam assembly budget

ৰাজ্যৰ ৬ খন বিশ্ববিদ্যালয়ৰ বাবে বাজেটত ৫০ কোটিকৈ টকাৰ অনুদান । ৭ খন এনে মহাবিদ্যালয়লৈ ১০ কোটিকৈ টকাৰ অনুদান (Assam Budget 2022)।

Assam Budget 2022-23
কেইবাখনো শিক্ষানুষ্ঠানৰ বাবে বাজেটত বিশেষ ঘোষণা
author img

By

Published : Mar 16, 2022, 5:50 PM IST

গুৱাহাটী, ১৬ মাৰ্চ: সদনত বুধবাৰে দাখিল কৰা ২০২২-২৩ বৰ্ষৰ বাজেট(Assam Budget 2022)ত উচ্চ শিক্ষাৰ অনুষ্ঠানৰ বাবে বিত্তীয় অনুদান ঘোষণা কৰা হৈছে । বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত ৬ খন বিশ্ববিদ্যালয়ৰ বাবে ৫০ কোটিকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে । মাজুলী বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়লৈ আগবঢ়োৱা হৈছে এই অনুদান । ইয়াৰ উপৰি মাধৱদেৱ বিশ্ববিদ্যালয়, বীৰংগনা সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়লৈও আগবঢ়োৱা হৈছে এই অনুদান (Assam budget on educational institute) ।

আনহাতে ৰাজ্যৰ কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । মুঠ ৭ খন এনে মহাবিদ্যালয়লৈ ১০ কোটিকৈ টকাৰ অনুদান আগবঢ়োৱা হৈছে । এই অনুদান লাভ কৰিব শিৱসাগৰ মহাবিদ্যালয়, কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়, বঙাইগাওঁ মহাবিদ্যালয়, জগন্নাথ বৰুৱা মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয়, সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু নগাওঁ মহাবিদ্যালয়ে ।

তদুপৰি গুৱাহাটী বিশ্ববিদ্যালয়ত ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰৰ বাবে ২৫ কোটি টকা, অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়লৈ ১৫ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ ৯ খন মহাবিদ্যালয় উন্নীতকৰণৰ বাবে ২৫ কোটি টকা, আন্তঃগাঁথনি উন্নয়নৰ বাবে টি আই এছ এছলৈ ১৫ কোটি টকা আগবঢ়োৱা হৈছে ।

সেইদৰে হাফলং মহাবিদ্যালয়ত বিজ্ঞান ব্লক নিৰ্মাণৰ বাবে ১০ কোটি টকাৰ অনুদানৰ কথাও ঘোষণা কৰা হৈছে বাজেটত ।

লগতে পঢ়ক: কাশ্মীৰ ফাইল চাবলৈ অৰ্ধছুটী ল’ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.