ETV Bharat / state

Assam Book Fair 2022: চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত কাইলৈৰ পৰা অসম গ্ৰন্থমেলা - প্ৰকাশন গোষ্ঠী

বৃহস্পতিবাৰৰ পৰা চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair 2022) ৷ ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই গ্ৰন্থমেলা ৷ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ ১৫০ টা প্ৰকাশন গোষ্ঠীয়ে ।

Assam Book Fair will be held at Assam Institute of Engineering grounds in Chandmari Guwahati
অসম অভিযান্ত্ৰিক খেলপথাৰত বৃহস্পতিবাৰৰ পৰা হ’ব অসম গ্ৰন্থমেলা
author img

By

Published : Dec 28, 2022, 7:31 PM IST

অসম অভিযান্ত্ৰিক খেলপথাৰত বৃহস্পতিবাৰৰ পৰা হ’ব অসম গ্ৰন্থমেলা

গুৱাহাটী, ২৮ ডিচেম্বৰ: পুনৰ গ্ৰন্থৰ সুবাস বিচাৰি গ্ৰন্থপ্ৰেমীৰে কলৰৱত মুখৰিত হ’ব চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰ (Assam Engineering Institute Chandmari)। কিয়নো কাইলৈৰ পৰা অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা (Assam Book Fair 2022)। কাইলৈৰ পৰা 9 জানুৱাৰীলৈ অৰ্থাৎ ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে চানমাৰিত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে এই গ্ৰন্থমেলা (Guwahati Book Fair)।

গ্ৰন্থমেলাত অংশ ল’ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰ ১৫০ টা প্ৰকাশন গোষ্ঠীয়ে । গ্ৰন্থমেলাত থাকিব ৩০০ তকৈ অধিক বিপনী । ইয়াৰ ভিতৰত আছে দিল্লী ১০ টা, কলকতাৰ ১৭ টা, মুম্বাইৰ ১ টা, ঝাৰখণ্ডৰ ১ টা আৰু ঢাকাৰ ১১ টা প্ৰকাশন গোষ্ঠী । বুধবাৰে এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে অসম প্ৰকাশন পৰিষদৰ (Assam Publications Council) সচিব প্ৰমোদ কলিতাই। তেওঁ কয় যে কৰি কয় কাইলৈ অৰ্থাৎ বৃহস্পতিবাৰে বিয়লি ৪ বজাত গ্ৰন্থমেলাখনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব । গ্ৰন্থমেলা উদ্বোধন কৰিব ইণ্ডোনেছিয়াৰ পৰিৱেশ্য কাব্যশিল্পী তাৰা নৌইচন্তাৰাই ।

অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপদেষ্টা ড৹ ননীগোপাল মহন্ত, বিশিষ্ট অতিথি হিচাপে থাকিব বিশিষ্ট সাহিত্য সমালোচক ড৹ গোৱিন্দপ্ৰসাদ শৰ্মা । প্ৰতিদিনে ভাষা সাহিত্য আৰু সমাজ জীৱনৰ বিভিন্ন প্ৰসংগিক বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত আলোচনা সত্ৰ অনুষ্ঠিত হ’ব । ২ জানুৱাৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা উপদেষ্টা ড৹ ননী গোপাল মহন্তৰ গ্ৰন্থ উন্মোচন কৰিব । তদুপৰি এই গ্ৰন্থমেলাত জনপ্ৰিয় লেখক দুৰ্জয় দত্তকে ধৰি অসম তথা ভাৰতবৰ্ষৰ কেইবাগৰাকী বিশিষ্ট লেখকে অংশগ্ৰহণ কৰিব ।

গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহ দুটা জোনাকী আৰু আৱাহন নামেৰে নামাকৰণ কৰা হৈছে । লগতে গ্ৰন্থমেলাত গ্ৰন্থ বিপনীৰ ৭ টা শাৰী থাকিব । প্ৰতিটো শাৰীতে এইবছৰটোত আমাৰ মাজৰ পৰা হেৰাই যোৱা সাহিত্যিকৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলৰ নামেৰে নামাকৰণ কৰা হ’ব । আনহাতে সংবাদমেলত প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই ২০২২ ৰ অসম প্ৰকাশন পৰিষদৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটাপ্ৰাপকৰ নাম ঘোষণা কৰে । এইবছৰ এই বঁটা লাভ কৰিছে বিশিষ্ট কথাশিল্পী ড৹ প্ৰণৱজ্যোতি ডেকাই । বান্ধৱ প্ৰকাশনে প্ৰকাশ কৰা 'শ্ৰেষ্ঠ গল্প' শীৰ্ষক গ্ৰন্থখনৰ বাবে ডেকাক নিৰ্বাচন কৰা হৈছে ।

এই বঁটাত আছে লেখকৰ বাবে ৫ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলা আৰু প্ৰকাশকৰ বাবে ৩ লাখ টকাৰ লগতে প্ৰশস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলা । উল্লেখ্য যে এইবেলি এই বঁটাৰ বাবে বাছনিত উঠা ৫ খন গ্ৰন্থ আছিল ড৹ দীপক বৰকাকতীৰ হৃদয়ালয়, অপূৰ্ব কুমাৰ শইকীয়াৰ চ’তৰ উৰহী, য়েছে দৰজে ঠংচিৰ ধৰা আৰু অনান্য গল্প, নীলিম কুমাৰৰ এটা বনৰীয়া সপোনৰ অন্ধযাত্ৰা আৰু দেৱব্ৰত দাসৰ কড়ি খেলৰ সাধু । গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে প্ৰদান কৰা হ’ব এই বঁটা ।

সংবাদমেলখনত পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীকে ধৰি আন বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Tai Culture Center: তিনিচুকীয়া তাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূর্ণাংগ অধিবেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.