ETV Bharat / state

PM Modi's security breach:ৰাজ্যপালক ৰাজ্যিক বিজেপিৰ স্মাৰক পত্র প্ৰদান

author img

By

Published : Jan 8, 2022, 7:13 PM IST

পাঞ্জাৱত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুটি সন্দৰ্ভত বিভিন্ন মহলত চৰ্চা অব্যাহত (PM Modi's security breach in Punjab)। পাঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী ৰাজ্যিক বিজেপিৰ । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ ক্ষেত্রত পাঞ্জাৱ চৰকাৰ আৰু কংগ্ৰেছ দলে কৰা ভেঙুচালি অক্ষমনীয় অপৰাধ ।

security breach
ৰাজ্যপালক ৰাজ্যিক বিজেপিৰ স্মাৰক পত্র প্ৰদান

গুৱাহাটী,৮ জানুৱাৰী : পাঞ্জাৱৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ৰাজ্যিক বিজেপিয়ে । উল্লেখ্য যে পাঞ্জাৱৰ ফিৰোজপুৰত বুধবাৰে প্ৰধানমন্ত্ৰীৰ ৰেলী বাতিল হোৱা ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়াৰ (PM Modi's security breach in Punjab)। সমগ্ৰ ঘটনাটোক লৈ শাসক-বিৰোধী দুয়োপক্ষই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে ।

শনিবাৰে ঘটনা সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বৰ পাঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বিজেপি দলৰ এটা প্ৰতিনিধি দলে ৰাজ্যপাল জগদীশ মুখিক সাক্ষাৎ কৰি স্মাৰক পত্র প্ৰদান কৰে (BJP's memorandum to Governor against Punjab government)। তেওঁলোকে ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে । বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া আৰু ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাসে ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি স্মাৰক পত্র প্ৰদান কৰে ।

সংবাদ মাধ্যমৰ আগত ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ ক্ষেত্রত পাঞ্জাৱ চৰকাৰ আৰু কংগ্ৰেছ দলে কৰা ভেঙুচালি অক্ষমনীয় অপৰাধ । ইয়াৰ বিৰুদ্ধে বিজেপি দলে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে । এই ঘটনাৰ বাবে পাঞ্জাৱ চৰকাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে তদন্ত দাবী কৰি শনিবাৰে ৰাজ্যপালক স্মাৰক পত্র প্ৰদান কৰা হয় বুলি তেওঁ কয় ।

লগতে পঢ়ক :GUs Platinum Jubilee: গুৱাহাটী বিশ্ববিদ্যালয়ে অতিক্ৰম কৰিলে 75 বছৰৰ এক বৰ্ণিল যাত্ৰা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.