গুৱাহাটী, ২৬ মে’: “কংগ্ৰেছৰ দিনত এটা কিনিলে দুটা ফ্ৰী আছিল ৷” এই মন্তব্যৰে কংগ্ৰেছক প্ৰত্যাক্ৰমণ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ লগতে ভৱেশ কলিতাই সাংবাদিকৰ সন্মুখত শুকুৰবাৰে ক’লে কংগ্ৰেছৰ দিনৰ চৰকাৰ আৰু ফাঁচী বজাৰৰ সম্ৰাট গোৱেংকাৰ দোকানৰ কাহিনী (Bhabesh Kalita slams APCC president) ৷
নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে এবছৰটো বাদেই দুবছৰতো ১ লাখ চাকৰি দিব নোৱৰাক লৈ এতিয়া বিৰোধীৰ টাৰ্গেট হৈ পৰিছে চৰকাৰখন ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শুকুৰবাৰে এখন সংবাদমেলত বিজেপিক কঠোৰ সমালোচনা কৰে ৷ তাৰ প্ৰত্যুত্তৰত ৰাজ্যিক বিজেপিৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত কংগ্ৰেছ তথা ভূপেন বৰাক উভতি ধৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita slams congress) ৷
দুবছৰত এক লাখ চাকৰি দিব নোৱৰা বিষয়টো অৱদমন কৰি ভৱেশ কলিতাই গুৰুত্ব সহকাৰে স্বচ্ছ-নিকা নিযুক্তি দিয়া প্ৰসংগটো অগ্ৰাধিকাৰ দিয়ে (Assam govt job recruitment) ৷
“কংগ্ৰেছৰ দিনত চাকৰিৰ বজাৰত এটা কিনিলে দুটা ফ্ৰী ৷ APSC ৰ চাকৰিৰ বজাৰৰ কথা নতুনকৈ ক’ব নালাগে ৷ চাকৰিৰ ক্ষেত্ৰত ফাঁচী বজাৰৰ সম্ৰাট গোৱেংকাৰ দোকান খুলি লৈছিল কংগ্ৰেছ চৰকাৰে ।” এইদৰে চাকৰিৰৰ সংখ্যাক লৈ কংগ্ৰেছৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিলে ভৱেশ কলিতাই (Bhabesh Kalita criticizes Congress) ৷
ভৱেশ কলিতাই লগতে APCC ৰ সভাপতি ভূপেন বৰাক সোঁৱৰাই দিয়ে যে, 2024 ৰ লোকসভা নিৰ্বাচন আহি আছে ৷ তেতিয়াই কংগ্ৰেছে গম পাব গদাৰ কোবটো কাৰ গাত পৰিব ৷ স্বচ্ছ নিযুক্তিৰে বিজেপিয়ে ৰাইজৰ মন জয় কৰিছে ৷ সেয়ে ৰাইজ বিজেপিৰ লগতে আছে বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে (Bhabesh Kalita on Lok Sabha election 24) ৷
আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচন প্ৰসংগত বিজেপি ৰাজ্যিক সভাপতিগৰাকীৰ দাবী যে, এইবাৰ অসমত বিজেপিয়ে ১৪ খন আসনেই দখল কৰাৰো সম্ভাৱনা আছে ৷ আনহাতে, কংগ্ৰেছৰ যে খাটা খোল নাখায় সেয়া নিশ্চিত ৷ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ আসন শূন্য হ’ব বুলি লিখি থবলৈয়ো আহ্বান ভৱেশ কলিতাৰ ৷
আনকি কংগ্ৰেছ হাতত থকা নগাঁও, বৰপেটাতো বাদেই AIUDF ৰ সাংসদ আজমলৰ দখলত থকা ধুবুৰী লোকসভাতো বিজেপিয়ে জয় লাভ কৰাৰ সম্ভাৱনা আছে বুলি অত্যুৎসাহ প্ৰদৰ্শন কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ৷