গুৱাহাটী, 11 ডিচেম্বৰ : ‘‘দেশজুৰি কংগ্ৰেছে অব্যাহত ৰাখিছে ভাৰত জোড়ো যাত্ৰা ৷ কিন্তু দলটোৰ ভিতৰতে কংগ্ৰেছ তোৰো অভিযান চলি আছে’’৷ বিভিন্ন দলৰ 75 গৰাকী মহিলাই বিজেপিত যোগদান কৰা এক কাৰ্যসূচীত এনেদৰে মন্তব্য কৰিলে ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই (BJP leader Angoorlata Deka)৷
উল্লেখ্য যে, স্বাধীনতাৰ 75 বছৰ উপলক্ষে সমগ্ৰ দেশতে অব্যাহত আছে বিভিন্ন কাৰ্যসূচী৷ স্বাধীনতাৰ অমৃৎ মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে অসম ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত এক যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ সমাজৰ বিভিন্ন স্তৰৰ ৭৫ গৰাকী মহিলাই যোগদান কৰে বিজেপিত (BJP joining meet in Guwahati)৷
কংগ্ৰেছ দলৰ সামাজিক মাধ্যম আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগতে আম আদমি পাৰ্টিৰ 75 গৰাকী মহিলাই যোগদান কৰে বিজেপি দলত ৷ যোগদান কাৰ্যসূচীত উপস্থিত থাকি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই কয় যে অহা ২৩, ২৪ আৰু ২৫ ডিচেম্বৰত মহিলা মৰ্চাৰ উদ্যোগত ৪০০ বছৰীয়া লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে মহিলাসকলৰ মাজত কাবাডী খেল অনুষ্ঠিত কৰা হ’ব (Kabaddi Tournament by Mahila Marcha in Guwahati)৷ গুৱাহাটী অথবা সমীপৱৰ্তী অঞ্চলত অনুষ্ঠিত হ’ব উক্ত কাবাডী প্ৰতিযোগিতা ৷
আঙুৰলতা ডেকাই কয় যে, মহিলাৰ দক্ষতাক বিজেপি দলে সন্মান কৰে৷ মহিলা হৈছে অৰ্ধ আকাশৰ শক্তি ৷ বিজেপি দলত ৪৫ হাজাৰ মহিলাই কাম কৰি আছে৷ আগন্তুক ২০ বছৰত আন কোনো দলে চৰকাৰ কৰিব নোৱাৰে বুলিও মন্তব্য কৰে মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই ৷
লগতে পঢ়ক : 3 Years of CAA protest: কা বাতিলৰ দাবীত অসম জাতীয় পৰিষদৰ প্ৰতাৰণা দিৱস পালন