ETV Bharat / state

Assam Athletics association: খেল মহাৰণৰ জৰিয়তে গাঁৱৰ খেলুৱৈক আগবঢ়াই নিয়াৰ আশা অসম এথলেটিকছ এছ’চিয়েচনৰ - Assam Athletics players

অসম এথলেটিকছ এছ’চিয়েচনৰ বৈঠকত খেল মহাৰণ, নেচনেল গেমছ, ইষ্ট জ'ন জুনিঅ'ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ বিভিন্ন দিশৰ ওপৰত আলোচনা ৷ খেল মহাৰণৰ জৰিয়তে গাঁৱৰ খেলুৱৈসকলক আগবঢ়াই নিব লাগিব বুলি আশা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ৷

Upcoming National games
Assam Athletics association
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 8:22 PM IST

গুৱাহাটী, ৩ অক্টোবৰ: মহানগৰীৰ বেলতলাস্থিত হোটেল ৰয়েল দি কাছাত মঙলবাৰে অনুষ্ঠিত হৈ যায় অসম এথলেটিকছ এছ’চিয়েচনৰ এখন বৰ্ধিত কার্যনিবাহক সভা । উক্ত সভাখনত অধ্যক্ষতা কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । আগন্তুক খেল মহাৰণ, গোৱাত অনুষ্ঠিতব্য নেচনেল গেমছ আৰু কলকাতাত অনুষ্ঠিতব্য ইষ্ট জ'ন জুনিঅ'ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ বিভিন্ন দিশৰ ওপৰত সভাত আলোচনা কৰা হয় । সভাৰ শেষত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কি কি বিষয় আলোচনা কৰা হয় সেই সন্দৰ্ভত সাংবাদিকৰ আগত ব্যাখ্যা দাঙি ধৰে ।

  • Presided over an "Extended Executive Meeting" of the Assam Athletics Association, and delved into various facets of the upcoming Khel Maharon, East Zone Junior Athletics Championship set to take place in Kolkata, as well as the National Championships scheduled for Goa. We also… pic.twitter.com/wZPqhfLlP7

    — Jayanta Mallabaruah (@jayanta_malla) October 3, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মন্ত্ৰীগৰাকীয়ে কয় যে অহা ১৫ তাৰিখৰ পৰা কলকাতাত অনুষ্ঠিত হ’ব লগা ইষ্ট জ'ন জুনিঅ'ৰ এথলেটিকছ চেম্পিয়নশ্বিপ, খেল মহাৰণ, গোৱাত অনুষ্ঠিতব্য নেচনেল গেমছ আদিৰ বিভিন্ন দিশৰ ওপৰত পুংখানুপুংখকৈ সভাত আলোচনা কৰা হয় । লগতে তেওঁ কয় যে, অহা ৬ আৰু ৭ অক্টোবৰত ৰাজ্যত ইষ্ট জ'নৰ ট্ৰায়েল আৰম্ভ হ’ব । ৬ অক্টোবৰত খেলুৱৈসকল আহিব আৰু ৭, ৮ তাৰিখে ট্ৰায়েল হ’ব । তাৰ পিছত ৯ তাৰিখৰ পৰা কোচিং হ’ব । ১৫ তাৰিখৰ পৰা খেলুৱৈসকল আকৌ ইষ্ট জ’ন খেলিবলৈ যাব । ইষ্ট জ’নৰ পিছতে নেচনেল গেমছৰ বাবে প্ৰস্তুতি চলোৱা হ’ব । এনেধৰণৰ যিখিনি কাম, এই কামখিনি সকলোকে ভগাই দায়িত্ব দিয়া হৈছে ।

মন্ত্ৰীগৰাকীয়ে এইবাৰ অত্যন্ত আনন্দিত হোৱা বুলি উল্লেখ কৰি কয় যে ছাৰে সাতশতকৈ অধিক খেলুৱৈয়ে এইবাৰ ইষ্ট জ’নৰ ট্ৰায়েলৰ কাৰণে আহিব বিচাৰিছে । আগতে ২০০-৩০০ খেলুৱৈ আহিছিল, এইবাৰ ৭৫০ৰো অধিক খেলুৱৈয়ে ইষ্ট জ’নত খেলিবলৈ আহিব বিচৰাটো এটা শুভ লক্ষণ ।

মন্ত্ৰীগৰাকীয়ে কয়, “আমি ভাবো এনেদৰে আমি এথলেটিকচটোক আগুৱাই নিব লাগিব ।’’ সভাত খেল মহাৰণৰ বিষয়েও আলোচনা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে অসম চৰকাৰৰ খেল মহাৰণত এথলেটিক এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী । ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ, ৮০০ মিটাৰ এই চাৰিটা পৰ্যায়ত খেল অনুষ্ঠিত হ’ব । সেইকাৰণে এথলেটিক এছ’চিয়েচন বিলাকত জড়িত হোৱা এন আই এছ প্ৰশিক্ষক বা সাধাৰণ প্ৰশিক্ষকসকল বা গাঁৱত থকা প্ৰাক্তন খেলুৱৈসকল যাতে ইয়াত জড়িত হয় তাৰ কাৰণে এছ’চিয়েচনৰ ফালৰ পৰা এটা নিৰ্দেশনা দিয়া হৈছে ৷

লগতে পঢ়ক: Lovlina Borgohain: ফাইনেলত প্ৰৱেশ লাভলীনা; বাসগৃহত আনন্দৰ বন্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.