ETV Bharat / state

#GoForGold : লাভলীনাৰ খেলৰ বাবে স্থগিত থাকিব সদন

author img

By

Published : Aug 3, 2021, 8:23 PM IST

Updated : Aug 3, 2021, 8:40 PM IST

বুধবাৰে স্থগিত ৰখা হ’ব অসম বিধানসভা (Assam Assembly)ৰ সদনৰ কাম-কাজ ৷ টকিঅ' অলিম্পিক (Tokyo Olympics)ত অসম কন্যা লাভলীনা বৰগোঁহাই (Lovlina Borgohain)ৰ ছেমি ফাইনেল চাবলৈ সদনত মিলিত হ’ব 126 গৰাকী বিধায়ক ৷

assam assembly to be adjourned
স্থগিত ৰখা হ’ব সদনৰ কাৰ্যক্ৰমণিকা

নিউজ ডেস্ক, 3 আগষ্ট : চলিত টকিঅ' অলিম্পিক (Tokyo Olympics)ত অসম কন্যা লাভলীনা বৰগোঁহাই (Lovlina Borgohain)ৰ ছেমি ফাইনেল চাবলৈ বুধবাৰে 30 মিনিটৰ বাবে স্থগিত ৰখা হ’ব অসম বিধানসভা (Assam Assembly)ৰ সদনৰ কাৰ্যক্ৰমণিকা ৷

মহিলা বক্সিঙৰ 69 কেজিৰ ছেমি ফাইনেলত তুৰ্কীৰ ৱৰ্ল্ড চেম্পিয়ন বুচেনাজ চুৰমেনেলী (Busenaz Surmeneli)ৰ সৈতে মুখামুখি হ’ব অসম কন্য়া লাভলীনা ৷ কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ চেন নিয়েন চিন(Nien-Chin Chen of Chinese Taipei)ক পৰাস্ত কৰি লাভলীনাই ইতিমধ্যে ভাৰতক আন এটা অলিম্পিক পদকৰ আশ্বাস প্ৰদান কৰিছে ৷

লগতে পঢ়ক : লাভলীনাৰ জয়ৰ কামনাৰে সৰুপথাৰৰ বাৰখেলীয়া নামঘৰত নাম-প্ৰসংগ

লাভলীনা বৰগোঁহাই হৈছে অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ, যিয়ে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে । মাজত মাথো আৰু কেইঘণ্টামান বাকী ৷ বহু উৎকণ্ঠাৰ অন্ত পেলাই কেইঘণ্টামানৰ পাচতে অনুষ্ঠিত হ’বলগীয়া মহিলা বক্সিঙৰ ছেমি ফাইনেলত অৱৰ্তীণ হ’ব লাভলীনা ৷

বক্সাৰগৰাকীৰ জয়ৰ কামনাৰে এতিয়া ৰাজ্যত চলিছে প্ৰাৰ্থনা তথা পূজা-অৰ্চনা ৷ লাভলীনাৰ সফলতাৰ হকে নামঘৰত একাংশ ভকতে কৰিছে নাম-প্ৰসংগ ৷ লাভলীনাই অলিম্পিকত সোণ বুটলি অনাৰ আশা কৰিছে সমগ্ৰ অসমবাসীয়ে ৷

লগতে পঢ়ক : লাভলীনাৰ সফলতা কামনাৰে কোকৰাঝাৰত সৰ্বধৰ্মীয় প্ৰাৰ্থনা

Last Updated : Aug 3, 2021, 8:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.