ETV Bharat / state

১ এপ্ৰিলৰ পৰা ৰাজ্যত শিথিল কৰা হ'ব তলাবন্ধ! - ASSAM ASSEMBLY TAKE DECISION REGARDING LOCK DOWN, WILL RELAX FROM 1ST APRIL

১ এপ্ৰিলৰ পৰা ৰাজ্যত কিছু শিথিল কৰা হ'ব তলাবন্ধ। ৰাজ্য চৰকাৰে তলাবন্ধ শিথিল কৰাৰ সিদ্ধান্ত লৈছে । ৰাজ্যত খাদ্য সামগ্ৰীৰ নাটনিৰ দোহাই দি চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

১ এপ্ৰিলৰ পৰা ৰাজ্যত শিথিল কৰা হ'ব তলাবন্ধ!

author img

By

Published : Mar 31, 2020, 1:10 PM IST

Updated : Mar 31, 2020, 1:24 PM IST

গুৱাহাটী, 31মাৰ্চঃ সমগ্ৰ বিশ্বতে এতিয়া কভিড-১৯ কৰ'ণা ভাইৰাছৰ আতংক। বিশ্বৰ ১৯৯ খন দেশত চলাইছে কভিড-১৯ কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস,নিহত হৈছে কেইবা হাজাৰ লোক,আক্রান্তও হৈছে লক্ষাধিক লোক। চিকিৎসা বিজ্ঞানৰ হাতত নাই কভিড-১৯ কৰ'ণা ভাইৰাছক পৰাভূত কৰাৰ কোনো ঔষধ তথা ভেকচিন। সামাজিক দূৰত্ব একমাত্ৰ উপায় কভিড-১৯ কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা পোৱাৰ। সামাজিক দূৰত্ব বজাই ৰাখিবলৈ বিশ্বৰ কেইবাখনো দেশত এতিয়া তলাবন্ধ। ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছে জগতক। ভাৰততো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৪ মাৰ্চৰ পৰা সমগ্ৰ দেশত ঘোষণা কৰিছে তলাবন্ধ। অসমতো তলাবন্ধৰ ব্যাপক প্ৰভাৱ দেখিবলৈ পোৱা গৈছে যদিও ইয়াৰ মাজতে ৰাজ্য চৰকাৰে অসমত তলাবন্ধ শিথিল কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

১ এপ্ৰিলৰ পৰা ৰাজ্যত শিথিল কৰা হ'ব তলাবন্ধ!

ৰাজ্য চৰকাৰে ৰাজ্যত খাদ্য সামগ্ৰীৰ নাটনিৰ দোহাই দি অহা ১ এপ্ৰিলৰ পৰা তলাবন্ধ শিথিল কৰাৰ সিদ্ধান্তই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সোমবাৰে ৰাজ্য চৰকাৰৰ এক কেবিনেট মিটিঙত তলাবন্ধ শিথিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে ১ এপ্ৰিলৰ পৰা ৰাজ্যৰ চাহ বাগান সমূহ পুনৰ মুকলি কৰি দিয়াৰ লগতে চাউলৰ মিল,আটাৰ মিল খুলি দিয়াৰ নিৰ্দেশ জাৰি কৰিছে। চৰকাৰে কভিড-১৯ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে বন্ধ হৈ থকা মথাউৰি নিৰ্মাণৰ কামো পুনৰ আৰম্ভ কৰিবৰ নিৰ্দেশনা জাৰি কৰিছে।
উল্লেখ্য যে, ১ এপ্ৰিলৰ পৰা খেতিয়কসকলে খেতি পথাৰত পুনৰ সক্ৰিয় হ'ব পাৰিব বুলিও ৰাজ্য চৰকাৰে কেবিনেট মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰিছে । কভিড-১৯ কৰ'ণা ভাইৰাছৰ বাবে খাদ্য সামগ্ৰী লৈ ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা ট্ৰাক সমূহ ১ এপ্ৰিলৰ পৰা পুনৰ ৰাজ্যত প্ৰৱেশ কৰিব পাৰিব।

লগতে চাওকঃ কৰ'ণাতংক: ইটালীত 12 এপ্ৰিললৈকে বৃদ্ধি লক ডাউনৰ ম্যাদ

Last Updated : Mar 31, 2020, 1:24 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.