ETV Bharat / state

আজিৰে পৰা পুনৰ আৰম্ভ হ’ল বাজেট অধিৱেশন: লাভলীনাৰ খেলৰ সাক্ষী হ'ব সদন - semi final, Boxing

বুধবাৰৰ পৰা পুনৰ আৰম্ভ হ'ল অসম বিধানসভা(ASSAM ASSEMBLY)ৰ বাজেট অধিৱেশন(BUDGET SESSION) । অসম বিধানসভাৰ বাবে এক গুৰুত্বপূৰ্ণ দিন ৰূপে চিহ্নিত হৈ ৰ'ব । দিনৰ ১১ বজাৰ পৰা আধা ঘন্টাৰ বাবে স্থগিত ৰখা হ'ব সদনৰ কাম-কাজ ।

Assam assembly session to resume from Wednesday
বুধবাৰৰ পৰা পুনৰ আৰম্ভ বাজেট অধিৱেশন
author img

By

Published : Aug 4, 2021, 10:05 AM IST

গুৱাহাটী, ৪ আগষ্ট: প্ৰায় দুসপ্তাহৰ বিৰতিৰ অন্তত পুনৰ বুধবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভা(ASSAM ASSEMBLY)ৰ বাজেট অধিৱেশন(BUDGET SESSION) । নিয়মীয়া কাৰ্যক্ৰমণিকাৰেই সদনৰ কাম-কাজ চলিব যদিও বুধবাৰৰ দিনটো অসম বিধানসভাৰ বাবে এক গুৰুত্বপূৰ্ণ দিন ৰূপে চিহ্নিত হৈ ৰ'ব । কিয়নো, অসমকন্যা লাভলীনাৰ ফেল ছোৱাৰ বাবে 30 মিনিটৰ বাবে স্থগিত ৰখা হ’ব সদনৰ কাম-কাজ ৷

অসমকন্যা লাভলীনা বৰগোহাঁই(LOVLINA BARGOHAIN) আজি টকিঅ' অলিম্পিকত বক্সিঙৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব । দিনৰ ১১ বজাত অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা । সুযোগ্য এইগৰাকী অসমকন্যাৰ প্ৰতি সন্মান জনাবলৈ অসম বিধানসভাই গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা । অসম বিধানসভাৰ প্ৰতিগৰাকী সদস্যই উপভোগ কৰিব লাভলীনাৰ খেল ।

বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ প্ৰস্তাৱত এই সিদ্ধান্ত গ্ৰহণ কৰিছে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

অৱশ্যে ১১.৩০ বজাৰ পৰা পুনৰ আৰম্ভ হ'ব সদনৰ কাম । স্মৰ্তব্য যে, পূৰ্বতে এনে ঘটনাৰ নজিৰ নাই বিধানসভাত । অসমৰ এগৰাকী সুদক্ষ খেলুৱৈক এইদৰে উৎসাহ যোগাবলৈ অথবা সন্মান জনাবলৈ এনেদৰে কেতিয়াও স্থগিত ৰখা হোৱা নাছিল বিধানসভাৰ কাৰ্যক্ৰমণিকা ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.