ETV Bharat / state

Assam assembly winter session: এঘন্টাৰ বাবে স্থগিত বিধানসভাৰ অধিবেশন - সম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিন

অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (Assam assembly winter session)। যাৰ‌ বাবে শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা অধিবেশনৰ কাম-কাজ মাজতে এঘন্টাৰ বাবে বন্ধ কৰি দিয়া হয় (Assam Assembly session adjourned)।

Assam Assembly session adjourned for an hour
এঘন্টাৰ বাবে স্থগিত বিধানসভাৰ অন্তিম দিনাৰ অধিবেশন
author img

By

Published : Dec 24, 2022, 11:50 AM IST

গুৱাহাটী, 24 ডিচেম্বৰ: অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় (Assam assembly winter session)। যাৰ‌ বাবে শনিবাৰে অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনা অধিবেশনৰ কাম-কাজ মাজতে এঘন্টাৰ বাবে বন্ধ কৰি দিয়া হয় (Assam Assembly session adjourned) ।

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে এঘন্টাৰ বাবে সদনৰ কাৰ্যসূচী বন্ধ কৰি দিয়ে । উল্লেখ্য যে শনিবাৰে পুৱা ৯.৩০ বজাৰ পৰা অসম বিধানসভাৰ শীতকালীন অধিবেশনৰ অন্তিম দিনৰ কাৰ্যসূচী প্ৰশ্নোত্তৰৰ কালেৰে আৰম্ভ হৈছিল । ছিণ্ডিকেটৰ বিৰুদ্ধে বিধানসভা চৌহদত অখিল গগৈৰ প্ৰতিবাদ, কয়লা, চুপাৰি, গাহৰি, মদৰ ছিণ্ডিকেট চলি থকাৰ অভিযোগ তুলি সদন উত্তাল কৰি তোলে (MLA Akhil Gogoi in Assam assembly) । বিৰোধী দলৰ বিধায়কসকলেও এই সন্দৰ্ভত প্ৰশ্ন তোলে ।

যাৰ বাবে সদনত ইয়াকেলৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । যাৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Assam Assembly Speaker Biswajit Daimary) এঘন্টাৰ বাবে সদনৰ কাৰ্যসূচী বন্ধ কৰি দিয়ে । উল্লেখ্য বিধানসভাৰ শীতকালীন অধিবেশনৰ প্ৰথম দিনাই উত্তপ্ত পৰিস্থিতিৰে বিধানসভাৰ কাম-কাজ আৰম্ভ হৈছিল ।

লগতে পঢ়ক: Opposition Leader Debabrata Saikia: অসমৰ পৰা জীৱ জন্তু চৰকাৰৰ পৃষ্ঠপোষকতাত বাহিৰলৈ সৰবৰাহ হয়: দেৱব্ৰত শইকীয়া

প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিবেশনৰ আৰম্ভণিতে মহিলাৰ বিৰুদ্ধে ধৰ্ষণ, অপৰাধ বৃদ্ধি পোৱা আৰু অসম আৰু মেঘালয়ৰ সীমা সমস্যাকলৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে সদনৰ মজিয়া উত্তপ্ত কৰি তুলিছিল ।

কিন্তু অখিল গগৈয়ে বাৰে বাৰে অধ্যক্ষৰ নিৰ্দেশ অমান্য কৰাৰ‌ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অখিল গগৈক সদনৰ পৰা নিলম্বন কৰিছিল । উল্লেখ যে পঞ্চদশ অসম বিধানসভা, ২০২২ বৰ্ষৰ শীতকালীন অধিবেশনখন (Assam Assembly Winter Session 2022) যোৱা মঙলবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । ইতিমধ্যে বিধানসভাৰ শীতকালীন অধিবেশনত কেইবাখনো বিধেয়ক উত্থাপন আৰু গৃহীত কৰা হৈছে । বিধানসভাৰ অধিবেশনৰ আজি অন্তিম দিনাও কেইবাখনো বিধায়ক উত্থাপন আৰু গৃহীত কৰা‌ হ’ব ।

লগতে পঢ়ক: Illegal Coal Mining in Assam: কয়লাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.