ETV Bharat / state

মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন - অসমৰ বাজেট

পঞ্চদশ অসম বিধানসভা (Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন (Budget Session) সোমবাৰৰ পৰা আৰম্ভ । সম্পূৰ্ণ এমাহজুৰি চলিব এই বাজেট অধিৱেশন ৷ বাজেট অধিৱেশনত দাখিল হ’ব কেইবাখনো বিধেয়ক (Bill) ।

assam assembly budget session
বিধানসভাৰ বাজেট অধিৱেশন
author img

By

Published : Jul 12, 2021, 10:31 AM IST

গুৱাহাটী, 12 জুলাই : সোমবাৰৰ পৰা আৰম্ভ হৈছে পঞ্চদশ অসম বিধানসভা (Assam Assembly)ৰ প্ৰথমখন পূৰ্ণাংগ বাজেট অধিৱেশন (Budget Session) । সম্পূৰ্ণ এমাহজুৰি চলিবলগীয়া এই অধিৱেশনতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Dr Himanta Biswa Sarma)ৰ চৰকাৰে দাখিল কৰিব প্ৰথমখন পূৰ্ণাংগ বাজেট । 16 জুলাইত বিত্তমন্ত্ৰী অজন্তা নেওগ (Finance Minister Ajanta Neog)য়ে 2021-22 বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব বিধানসভাত । মন কৰিবলগীয়া যে, অজন্তা নেওগেই হ’ব বাজেট দাখিল কৰা অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী ।

আনহাতে, এমাহজোৰা বাজেট অধিৱেশনত দাখিল হ’ব বহুকেইখন গুৰুত্বপূৰ্ণ বিধেয়ক (Bill) । ইয়াৰে দুখন বিধেয়কক লৈ ইতিমধ্যে আৰম্ভ হৈছে ৰাজনৈতিক মহলত তীব্ৰ বাদানুবাদ আৰু মতানৈক্য । এই বিধেয়ক দুখন হৈছে- জনসংখ্যা নিয়ন্ত্ৰণ বিধেয়ক আৰু গো সুৰক্ষা বিধেয়ক । ইফালে বিধানসভাৰ নৱ নিৰ্বাচিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰী (Biswajit Daimary)য়ে এইবাৰৰ অধিৱেশনত কেতবোৰ কঠোৰ নিয়ম মানি চলা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ।

এইবেলি বিধানসভাত বন্ধ কৰা হৈছে সংবাদ মাধ্যমৰ প্ৰৱেশ । তদুপৰি নিৰাপত্তাজনিত কাৰণত এইবাৰ অধিৱেশনৰ সময়চোৱাত বিধানসভাত জামাৰৰ জৰিয়তে ম’বাইল নেটৱৰ্ক ডাউন কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে । এইবাৰৰ অধিৱেশনত ৰাজ্যৰ 126 গৰাকী বিধায়কলৈ বিধানসভা সচিবালয়ে লেপটপ যোগান ধৰিছে ।

এই লেপটপতে সকলো বিধায়কে অনলাইনযোগে লাভ কৰিব অধিৱেশনৰ প্ৰতিদিনৰ কাৰ্যক্ৰমণিকাৰ সকলো নথি-পত্ৰ । প্ৰথমবাৰৰ বাবে এইবাৰৰ বাজেট অধিৱেশনত প্ৰচলন কৰা হৈছে বড়ো ভাষা (Bodo Language)ৰ । বিধায়কসকলে অসমীয়া, ইংৰাজী, হিন্দী আৰু বঙালী ভাষাৰ লগতে বড়ো ভাষাতো প্ৰশ্ন উত্থাপন কৰিব পাৰিব বিধানসভাত । বিধানসভাৰ নামফলকতো ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে বড়ো ভাষা ।

লগতে পঢ়ক : কেতিয়া হ’ব অস্থায়ী স্বাস্থ্যকৰ্মীৰ চাকৰিৰ নিয়মীয়াকৰণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.