ETV Bharat / state

সীমা বিবাদ: নতুন বছৰত আহিব নতুন খবৰ

কইনাধৰাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বৈঠক । ১৫ জানুৱাৰীৰ ভিতৰত ৬ টা বিবদমান এলেকাৰ সমস্যা সমাধান হ'ব । দুয়োজন মুখ্যমন্ত্ৰীয়ে আগবাঢ়ি আহিছে সমস্যা সমাধানৰ বাবে। আজিৰ বৈঠকত কমিটী কেইখনৰ মতামত গ্ৰহণ কৰা হয় ।

Assam and Meghalaya CM meeting
নতুন বছৰত আহিব নতুন খবৰ
author img

By

Published : Dec 22, 2021, 11:00 PM IST

গুৱাহাটী, ২২ ডিচেম্বৰ: অসম-মেঘালয় সীমা বিবাদৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে অগ্ৰসৰ হৈছে । কইনাধৰাত আজি অৰ্থাৎ বুধবাৰে সন্ধিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই (Meghalaya CM Conrad Sangma) পুনৰ এক বৈঠকত মিলিত হয় । সীমান্ত সমস্যাৰ সৌহাদ্যপূৰ্ণ নিষ্পত্তিৰ বাবে গঠন কৰা দুয়োখন ৰাজ্যৰ তিনিখন উচ্চ পৰ্যায়ৰ কমিটীৰ অধ্যক্ষয়ো বৈঠকত অংশ গ্ৰহণ কৰে ।

ইতিমধ্যে কমিটী কেইখনে বিবাদমান এলেকা পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিছে । উল্লেখ যে, অসম-মেঘালয় সীমান্তত মুঠ ১২ টা বিবাদমান অঞ্চল আছে । প্ৰথম পৰ্যায়ত তাৰে ৬ টা অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

বিবাদমান অঞ্চলকেইটা হৈছে খানাপাৰা, হাহিম, বক্লাপাৰা, পিলিংকাটা, তাৰাবাৰী আৰু গিজাং ।

সীমা বিবাদ : নতুন বছৰত আহিব নতুন খবৰ

বাকী থকা ৬ টা অঞ্চলৰ ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ চৰকাৰে পৰৱৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰিব । সীমা বিবাদৰ সমস্যা (Assam Meghalaya border conflict) সমাধান কৰাৰ বাবে দুয়োখন ৰাজ্যই কেবিনেট মন্ত্ৰীৰে তিনিখনকৈ উচ্চস্তৰীয় কমিটী গঠন কৰিছিল । কমিটি তিনিখনে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব ।

উল্লেখ যে, কইনাধৰাত আজি অসম-মেঘালয় সীমান্ত বিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী পৰ্যায়ৰ চতুৰ্থখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচং, অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী আৰু পীযুষ হাজৰিকাকে ধৰি মেঘালয়ৰ কেইবাগৰাকী মন্ত্ৰী আৰু ৰাজ্য দুখনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল ।

বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰা (Minister Atul Bora) আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী প্ৰিষ্টন টিনচঙে সংবাদ মাধ্যমৰ আগত কয় যে, আজিৰ আলোচনা ইতিবাচক হৈছে । নতুন বছৰত নতুন খবৰ আহিব । ১৫ জানুৱাৰীৰ পূৰ্বে পুনৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ ওচৰত জমা দিব ।

লগতে তেওঁলোকে কয় যে, ১৫ জানুৱাৰীৰ ভিতৰত ৬ টা বিবদমান এলেকাৰ সমস্যা সমাধান হ'ব । দুয়োজন মুখ্যমন্ত্ৰীয়ে আগবাঢ়ি আহিছে সমস্যা সমাধানৰ বাবে । আজিৰ বৈঠকত কমিটী কেইখনৰ মতামত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : হতাশাত ৰাজ্যৰ খেতিয়ক: বিধানসভাত কৃষি মন্ত্ৰী অতুল বৰাৰ গা এৰা দিয়া মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.