গুৱাহাটী, ২৭ জানুৱাৰী : অসম চৰকাৰে ৰাজ্যত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ এটা কেন্দ্ৰ স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি আৱন্টন কৰিছে । গুৱাহাটীৰ আমিনগাঁৱত ইছৰোৰ কেন্দ্ৰ স্থাপন কৰাৰ কথা জনায় জল সম্পদৰ লগতে আন কেবাটাও দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই । কেন্দ্ৰ স্থাপনৰ বাবে অসম চৰকাৰে আমিনগাঁৱত প্ৰয়োজনীয় ভূমি আৱন্টনৰ ব্যৱস্থা কৰিছে । 2017 চনতে ইছৰোৰ কেন্দ্ৰ স্থাপনৰ বাবে যোজা চলোৱা হৈছিল ।
এই কেন্দ্ৰটোৱে সঠিকভাৱে বান সতৰ্কতা প্ৰণালী, মাটি খহনীয়া আৰু ভূমিস্খলন প্ৰতিৰোধ আদিৰ বাবে ভূ-স্থানিক প্ৰযুক্তি ব্যৱহাৰ কৰাৰ সম্ভাৱনা অন্বেষণ বা অনুসন্ধান কৰিব । এই কেন্দ্ৰটোৰ দ্বাৰা ৰাজ্যখনৰ লগতে অঞ্চলটোৰ যুৱ গৱেষকসকল যথেষ্ঠ লাভান্বিত হ'ব । উল্লেখ্য যে, পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইছৰোৰ অধ্য়ক্ষক ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে মহাকাশ প্ৰযুক্তিক একত্ৰিত কৰিবলৈ আহ্বান জনাইছিল ।
লগতে পঢ়ক: প্ৰসংগ কৃষক বিদ্ৰোহ: দিল্লী আৰক্ষীৰ সাতখনকৈ FIR ৰুজু