ETV Bharat / state

ৰাজ্যৰ কৃষকসকলৰ বাবে কেবাটাও সিদ্ধান্ত গ্ৰহণ কেবিনেটৰঃ অতুল বৰা

author img

By

Published : Apr 1, 2020, 11:35 AM IST

ৰাজ্যত প্ৰশাসনৰ সহযোগত গাখীৰ কণী যোগানৰ ব্যৱস্থা কৰা হৈছে । পশু খাদ্য যোগানৰ ক্ষেত্ৰত সহায় হোৱাকৈ কৰ্ম বাহিনী গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সংবাদমেল জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ।

অতুল বৰাৰ সংবাদমেল
অতুল বৰাৰ সংবাদমেল

গুৱাহাটী, 1 মাৰ্চ : মঙলবাৰে কৰ'ণা ভাইৰাছ সংক্ৰান্তত এখন সংবাদমেল সম্বোধন কৰে কৃষি আৰু পশু বিভাগৰ মন্ত্ৰী অতুল বৰাই। লকডাউনৰ সময়ছোৱাত বহু সমস্যাৰ সম্মুখীন হৈছে সাধাৰণ ৰাইজ । এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বহু ব্যৱস্থা সম্পৰ্কে মন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ জৰিয়তে অৱগত কৰে সংবাদমাধ্যমক। চলিত দিনত ৰাজ্যৰ অৰ্থনীতিত বহু লোকচান হোৱাৰ লগতে বিশেষকৈ খেতিয়কসকলৰ ক্ষতি হৈছে বুলি অৱগত কৰে মন্ত্ৰী অতুল বৰাই। গতিকে খেতিয়কসকলৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটত বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনাই কৃষি মন্ত্ৰী গৰাকীয়ে।

অতুল বৰাৰ সংবাদমেল

কেবিনেটৰ সিদ্ধান্ত অনুসৰি সামগ্ৰীৰ অভাৱ দূৰ কৰি খেতিয়কক পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে জিলা প্ৰশাসনক । ইয়াৰোপৰি, পৰিস্থিতিৰ ওপৰত মোকাবিলা কৰিবলৈ ৰাজ্যিক পৰ্যায়ত আৰু জিলা পৰ্যায়ত দুখনকৈ কমিটি গঠনৰ ব্যৱস্থা কৰা হৈছে। অনুমোদিত ৰূপত খেতিয়কৰ পৰা শাক পাচলি সংগ্ৰহ কৰি যোগানৰ ব্যৱস্থা কৰা হৈছে । ৰাজ্যত 40 লাখ খেতিয়কৰ বেংক একাউণ্টত 2500 কৈ টকা জমা দিয়াৰ কথা ঘোষণা কৰিলে অতুল বৰাই। লগতে খানাপাৰাত এটা নিয়ন্ত্ৰণ কক্ষৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিলে পশু বিভাগ মন্ত্ৰী গৰাকীয়ে ।

অতুল বৰাৰ সংবাদমেল

লগতে পঢ়কঃ কোভিড-19ৰ বিৰুদ্ধে যুজিবলৈ ৰামজী ৰাওৱে আগবঢ়ালে 20 কোটি

ৰাজ্যত প্ৰশাসনৰ সহযোগত গাখীৰ আৰু কণী যোগানৰ ব্যৱস্থা কৰা হৈছে । পশু খাদ্য যোগানৰ ক্ষেত্ৰত সহায় হোৱাকৈ কৰ্ম বাহিনী গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সংবাদমেল জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.