ETV Bharat / state

আফগান নাগৰিকৰ হাতত অসমৰ আধাৰ কাৰ্ড

তালিবানৰ নিয়ন্ত্ৰণত আফগানিস্তান । ইতিমধ্যে ভয় আৰু শংকাত আফগানিস্তানৰ পৰা পলায়ন কৰিছে বহু আফগান নাগৰিকে । তেনে সময়তে কেৰালা আৰক্ষীৰ জালত এগৰাকী আফগান নাগৰিক । কিন্তু ৰহস্যজনকভাৱে লোকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে অসমৰ আধাৰ কাৰ্ড ।

Afghan national Abbas arrested
কেৰালাত গ্ৰেপ্তাৰ আফগান নাগৰিক আব্বাছৰ হাতত অসমৰ আধাৰ কাৰ্ড
author img

By

Published : Aug 22, 2021, 12:44 PM IST

Updated : Aug 22, 2021, 7:07 PM IST

গুৱাহাটী, ২২ আগষ্ট : তালিবানৰ আতংকই সমগ্ৰ বিশ্বকে কম বেছি প্ৰভাৱিত কৰাৰ মাজতে কেৰালাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা এজন আফগান নাগৰিকৰ পৰা উদ্ধাৰ হৈছে অসমৰ ঠিকনাৰে প্ৰস্তুত কৰা আধাৰ কাৰ্ড ৷ যি সময়ত তালিবানৰ সপক্ষে সামাজিক মাধ্যমত মন্তব্য কৰি ৰাজনৈতিক নেতা আৰু মৌলানাৰ পৰা আৰম্ভ কৰি ছাত্ৰলৈকে অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে, তেনে সময়তে আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ চেষ্টা কৰা এজন আফগান যুৱকৰ পৰা অসমৰ ঠিকনাৰে প্ৰস্তুত কৰা আধাৰ কাৰ্ড উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

আফগানৰ প্ৰতি অসমৰ একাংশ লোকৰ দৰদ উপজাক লৈ ব্যাপক চৰ্চা অব্যাহত আছে ৷ তালিবানৰ সপক্ষে সামাজিক মাধ্যমত মন্তব্য কৰি শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন জিলাত অসম আৰক্ষীৰ হাতত 14 জনকৈ লোক গ্ৰেপ্তাৰ হৈছে ৷ এই ঘটনাই ৰাজ্যত তোলপাৰ লগোৱাৰ মাজতে বিজেপি নেতা মমিনুল আৱালেও অসমৰ একাংশ ইছলামধৰ্মী লোকৰ মন আৰু মগজু তালিবানী চিন্তাৰে সংপৃক্ত বুলি মন্তব্য কৰিছে ৷ এইসমূহ ঘটনাক্ৰমৰ মাজতে আফগানিস্তানৰ নাগৰিকৰ হাতত অসমৰ ঠিকনা থকা আধাৰ কাৰ্ড উদ্ধাৰ হোৱা ঘটনা স্বাভাৱিকতেই গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, সম্প্ৰতি কেৰালা আৰক্ষীৰ জিম্মাত আছে আফগানিস্তানৰ এজন 22 বছৰীয়া নাগৰিক ৷ নাম আব্বাছ খান ওৰফে ঈদগুল । যি সময়ত তালিবানী শাসকৰ নৃশংসতাই আফগানিস্তানৰ নাগৰিকক আতংকিত কৰি তুলিছে, হাজাৰ হাজাৰ আফগান নাগৰিকে প্ৰাণৰ মায়াত দেশ এৰি পলায়ন কৰিছে । প্ৰাণটো কোনোমতে বচাবলৈ দিক-বিদিক হেৰুৱাই বিমানৰ চকাত ধৰি ওলমি দেশৰ পৰা পলায়নৰ চেষ্টা চলাওতে বিমানৰ পৰা সৰি পৰি কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । তেনে সময়তে ভাৰতবৰ্ষৰ কেৰালা আৰক্ষীয়ে কলকাতাৰ পৰা গ্ৰেপ্তাৰ কৰিছে এইজন আফগান নাগৰিকক ।

কেৰালাৰ কোচিৰ এটা জাহাজ কেৰিয়াৰ কোম্পানীত ঠিকাদাৰৰ অধীনত বিগত দুবছৰৰ পৰা কাম কৰি আছিল আব্বাছ খানে । কিন্তু শেহতীয়াকৈ কেৰালা আৰক্ষীয়ে এক খবৰ লাভ কৰে যে, আব্বাছৰ সৈতে পাকিস্তানৰ এক বিশেষ যোগাযোগ আছে । লগে লগে আৰম্ভ হয় কোচি আৰক্ষীৰ অভিযান । কোচি আৰক্ষী যদি ডালে ডালে আব্বাছ পাতে পাতে । অভিযানৰ খবৰ পাই কৰ্মস্থলীৰ পৰা উধাও হয় আব্বাছ ওৰফে ঈদগুল । আৰক্ষীয়েও কিন্তু সমান্তৰালভাৱে অভিযান অব্যাহত ৰাখে ।

অৱশেষত কলকাতাৰ বৌবাজাৰ অঞ্চলৰ পৰা কোচি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঈদগুলক । এই ঘটনাৰ এইখিনিলৈকে অসমৰ কোনো সম্পৰ্ক নাছিল । কিন্তু কেৰালা আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ পিছতহে ওলাই পৰে অসম সম্পৰ্ক । আঠ দিন কোচি আৰক্ষীৰ জিম্মাত থকাৰ পিছত ধৃত আব্বাছে স্বীকাৰ কৰে যে, তেওঁ প্ৰকৃততে আফগান নাগৰিক ।

২০১৯ চনত মেডিকেল ভিছা লৈ অসমলৈ আহিছিল আব্বাছ । মাত্ৰ তিনি মাহৰ বাবে আছিল ভিছাৰ ম্যাদ । ম্যাদ শেষ হোৱাৰ পিছতো কিন্তু আব্বাছ নিজ দেশলৈ ঘূৰি যোৱা নাছিল । অসমৰ ভুৱা ঠিকনা দি সেই ঠিকনাতে আব্বাছে প্ৰস্তুত কৰিছিল আধাৰ কাৰ্ড ।

যিখন আধাৰ কাৰ্ড ইতিমধ্যে কোচি আৰক্ষীয়ে জব্দ কৰিছে । প্ৰশ্ন উঠে অসমৰ ভুৱা ঠিকনাৰে কেনেকৈ এজন আফগান নাগৰিকে আধাৰ কাৰ্ড প্ৰস্তুত কৰিবলৈ সক্ষম হ'ল ? আব্বাছে আৰক্ষীৰ জেৰাত আৰু স্বীকাৰ কৰিছে যে তেওঁৰ পিতৃ আফগান হ'লেও মাতৃ অসমৰ । সম্প্ৰতি এনআইএ (NIA) আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাইয়েও আব্বাছক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : তালিবানৰ সমৰ্থনত পোষ্ট কৰি ৰঙাঘৰৰ আলহী কৰিমগঞ্জৰ দুই যুৱক

Last Updated : Aug 22, 2021, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.