গুৱাহাটী, 16 নৱেম্বৰ : গুৱাহাটীৰ চচলত অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি নিয়ন্ত্ৰণ আৰু কয়লাকে ধৰি চৰকাৰৰ ছত্ৰছাঁয়াত অবাধে চলি বিভিন্ন ছিণ্ডিকেটৰাজ বন্ধৰ দাবীত দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী সদস্যসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ মূল্যবৃদ্ধি ৰোধ কৰক, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা যোগান মন্ত্ৰী ৰঞ্জিত দাস হায় হায়, কয়লা চিণ্ডিকেট বন্ধ কৰক আদি শ্লো'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
এই প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰা সংগঠনটোৰ নেতৃবৃন্দই সংবাদ মাধ্যমৰ আগত কয় যে, যোগান মন্ত্ৰীৰ নিৰ্লিপ্ততাৰ বাবে বজাৰত এতিয়া নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ জুই-ছাই দাম ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দামৰ বাবে এতিয়া দুখীয়া মানুহৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ অথচ দাম বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰঞ্জিত দাসে এতিয়ালৈ কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷
সেয়েহে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা ব্যৰ্থ মন্ত্ৰীগৰাকীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰা উচিত বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷ মহানগৰীৰ চচলত চৰকাৰৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত কেইবাটাও দাবীৰ সমৰ্থনত দিনৰ 11 বজাৰ পৰা 1 বজালৈ ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৰ তৰফৰ পৰা দিছপুৰ থানাৰ জৰিয়তে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে, বিগত দিন সমূহত ৰাজ্যত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধিয়ে মাধমাৰ শোধাইছে সৰ্বসাধাৰণক ৷ দুগুণৰ পৰা পাঁচ গুণলৈ হোৱা দাম বৃদ্ধিত চকুৰে সৰিয়হ ফুল দেখিছে ৰাইজে ৷ কিন্তু প্ৰায় প্ৰত্যেক দিনেই বৃদ্ধি পোৱা দামক লৈ উদাসীন ৰাজ্যৰ যোগান বিভাগ তথা চৰকাৰ ৷ ৰাইজকে ধৰি বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক দাম হ্ৰাসৰ দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ বিপৰীতে দাম বৃদ্ধিক লৈ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰী-বিধায়ক সকলে বিভিন্ন সময়ত টুলুঙা মন্তব্য কৰি অহা পৰিলশ্ৰক্ষিত হৈছে ৷ ফলত ক্ষোভিত হৈ পৰিছে ৰাইজ ৷
লগতে পঢ়ক : স্বাভিমানী জাতি এটাই আজমলৰ দৰে ব্যক্তিক গামোচা পিন্ধাব নালাগে: মুখ্যমন্ত্ৰী