গুৱাহাটী, 27 জানুৱাৰী: অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ মাজত দিনক দিনে তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ প্ৰত্যেক ৰাজনাতিক দলে নিজা ৰণকৌশল অনুসৰি নিৰ্বাচনৰ দিশে আগুৱাই যোৱাৰ মাজতে বুধবাৰে অসম সংগ্ৰামী মঞ্চই সমাগত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ৷
বুধবাৰে ৰাজগড়স্থিত দলৰ মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি অসম সংগ্ৰামী মঞ্চৰ বিষয়ববীয়া সকলে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ উত্থাপন কৰি বিজেপিক উৎখাত কৰাৰ ক্ষেত্ৰত ৰাইজৰ সহযোগ কামনা কৰি দলটোৱে নিজৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে ৷
প্ৰকাশিত তালিকা অনুসৰি ডিব্ৰুগড় সমষ্টিত চৈয়দ মহচিনুৰ ৰহমান, চাবুৱা সমষ্টিত আসাম মাঝি, মৰাণ সমষ্টিত জিতু দিহিংগীয়া, টিংখংত দিলীপ ভড়ালী, মাহমৰাত যাদৱ শইকীয়া, থাওৰাত ডা: গোবিন্দ সন্দিকৈ, শিৱসাগৰ আৰু নাজিৰাত দিগন্ত কোঁৱৰ, টিয়কত যতীন গগৈ, মৰিয়নীত গোপাল চন্দ্ৰ ঘাটোৱাৰ, যোৰহাটত উত্তম কুমাৰ দাস, খুমটাইত চুচেনফা গগৈ, বিহপুৰীয়াত প্ৰেমধৰ বৰা, ৰঙিয়াত দেব্ৰবত কলিতা, লাহৰিঘাটত ইন্দ্ৰমোহন চৰকাৰ আৰু নলবাৰী সমষ্টিত কিশোৰ হাজৰিকাই প্ৰতিদ্বন্দিতা আগবঢ়াব ৷
প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিয়েই বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি দলটোৱে বিজেপি চৰকাৰে কোনো নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে ৷ সংবাদমেল খনৰ জৰিয়তে দলৰ কৰ্মী সকলে জাগীৰোড, কাছাৰ কাগজ কলৰ বেলি মাৰ গ'ল, স্মাৰ্ট চিটি নহ'ল, নিৱনুৱাৰ সংস্থাপন নহ'ল বুলি মন্তব্য কৰে ৷
দলটোৱে লগতে এই কথাও জানিবলৈ দিয়ে যে, অসম চুক্তি ৰূপায়ণ, কৃষক আইন বাতিল, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ দাবীত 17 ফেব্ৰুৱাৰীত অসম সংগ্ৰামী মঞ্চই ৰাজভৱনলৈ এক প্ৰতিবাদী সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰিব ৷
লগতে পঢ়ক:কম সম্পত্তিৰে কোন এই দহ জনপ্ৰতিনিধি ?