গুৱাহাটী, ১২ জুন : মঙলবাৰে পুৱাতেই খাৰঘুলিস্থিত জাইকাৰ প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ ৷ কিন্তু সেই সময়ত প্ৰকল্পত উস্থিত নাছিল Operation & maintenanceৰ কামত নিয়োজিত কোনো কৰ্মচাৰী ৷ যাৰ বাবে কৰ্তব্যত গাফিলতি কৰা অনুপস্থিত কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলবৰ্ডক নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ৷
আনহাতে ৰাজগড়ৰ পাইপ বিস্ফোৰণস্থলীও পৰিদৰ্শন কৰিলে মন্ত্ৰীগৰাকীয়ে ৷ ক্ষতিগ্ৰস্ত পাইপলাইনৰ মেৰামতিৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যৱেক্ষণ কৰি মেৰামতিৰ কাম অনতিপলমে সম্পাদন কৰি ৰাইজক সকাহ দিবলৈ বিষয়াববীয়াসকলক নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ৷
উল্লেখ্য যে গুৱাহাটীৰ ৰাজগড় আৰু গুৱাহাটী কমাৰ্চ কলেজ সংযোগী পথত সোমবাৰে সংঘটিত হোৱা খোৱাপানীৰ পাইপ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত গুৱাহাটী জল বৰ্ডৰ জ্যেষ্ঠ বিষয়ববীয়াসকলৰ সৈতে এক জৰুৰী বৈঠকত মিলিত হয় ৷ ঘটনা সন্দৰ্ভত মন্ত্ৰী সিংহলে মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰি সবিশেষ আলোচনা কৰে ৷
ইয়াৰ পাচতেই নিজৰ চৰকাৰী বাসভৱনত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত কিছুদিনৰ ভিতৰতে মহানগৰীৰ পানীযোগান আঁচনি ৰূপায়ণত সংঘটিত দুটাকৈ দুৰ্ঘটনাত তেওঁ অতিশয় উদ্বিগ্ন ৷ এই ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দৃঢ়প্ৰতিজ্ঞ ৷ প্ৰায় ১৩ বছৰ পূৰ্বে আৰম্ভ কৰা এই প্ৰকল্পৰ খোৱাপানীৰ পাইপসমূহ বহুবছৰৰ আগতেই পোতা হৈছিল আৰু সেই কামত জড়িত অভিযন্তা-ঠিকাদাৰ আদি কোনোৱেই আজিৰ তাৰিখত কৰ্মৰত নহয় ৷ তথাপিও বিভাগীয় মন্ত্ৰী হিচাবে তেওঁ এই ঘটনাৰ দায়িত্ব এৰাব নোৱাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এনেধৰণৰ দুৰ্ঘটনা কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত তৎকালীনভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
ইয়াৰ আগৰ খাৰঘূলিৰ ঘটনাৰো পূৰ্ণ গতিত উচ্চ পৰ্যায়ৰ তদন্ত-প্ৰক্ৰিয়া চলি থকাৰ কথা উনুকিয়াই তেওঁ কয় যে সেই তদন্তৰ প্ৰাথমিক প্ৰতিবেদন ইতিমধ্যেই লাভ কৰা হৈছে আৰু অতি সোনকালেই তাৰ চূড়ান্ত প্ৰতিবেদন লাভ কৰা যাব ৷ ভৱিষ্যতে যাতে আকৌ এনেধৰণৰ কোনো ঘটনা সংঘটিত নহয় সেয়া সুনিশ্চিত কৰাই এই মুহূৰ্তত চৰকাৰৰ প্ৰাথমিক গুৰুত্ব বুলিও তেওঁ উল্লেখ কৰে ৷
আনহাতে এই ঘটনাৰ তদন্তৰ বাবে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডক দায়িত্ব অৰ্পণ কৰাৰ কথা সদৰী কৰি তেওঁ কয় যে তিনিদিনৰ ভিতৰত এই সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব ৷ তদন্তৰ সময়ত প্ৰকল্পৰ ডিপিআৰ অনুসৰি সুৰক্ষা পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছিলনে নাই সেয়াও অনুসন্ধান কৰা হ’ব বুলি জানিবলৈ দি মন্ত্ৰী সিংহলে কয় যে সোমবাৰৰ পৰা মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ পুনৰবাৰ হাইড্ৰ’টেষ্টিং কৰা হ’ব ৷ ৰাইজৰ অসুবিধা নোহোৱাকৈ এই সময়ছোৱাত কম চাপত পানীযোগান অব্যহত থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে ৷ আনহাতে আই আই টি, গুৱাহাটীৰ লগতে দেশৰ অন্যান্য প্ৰান্তত কৰ্মৰত বিশেষজ্ঞ কাৰিকৰী গোটকো মহানগৰীৰ পানী পৰিবাহী পাইপলাইনৰ সুৰক্ষা পৰীক্ষণৰ বাবে তৎকালে নিয়োজিত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : JICA water pipe blast: পুনৰ শিলসাঁকোত ফাটিল জাইকাৰ পানীৰ পাইপ