ETV Bharat / state

Crackdown Against Child Marriage: বাল্যবিবাহ বিৰোধী অভিযানক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা আছাদউদ্দিন ওৱেছিৰ - Asaduddin Owaisi

অসমৰ বাল্যবিবাহ বিৰোধী অভিযানক(anti child marriage drive in Assam) সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা AIMIMৰ নেতা আছাদউদ্দিন ওৱেছিৰ ৷ অসমৰ বিজেপি চৰকাৰে মুছলমান বিৰোধী স্থিতি গ্ৰহণ কৰা বুলি মন্তব্য ওৱেছিৰ ৷ ওৱেছিৰ এই মন্তব্যৰ পাচতে ৰাজনৈতিক মহলত পুনৰ আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ৷

Crackdown Against Child Marriage
বাল্যবিবাহ বিৰোধী অভিযানক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা আছাদউদ্দিন ওৱেছিৰ
author img

By

Published : Feb 4, 2023, 5:38 PM IST

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী: ৰাজ্যত বাল্যবিবাহৰ(anti child marriage drive in Assam) বিৰুদ্ধে ব্যাপক অভিযান চলি থকাৰ সময়তে এইবাৰ পানী ঘোলা কৰিবলৈ নামিছে AIMIMৰ নেতা আছাদউদ্দিন ওৱেছি(Asaduddin Owaisi reacts to Assam Child marriage drive) ৷ বাল্যবিবাহৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে যি স্থিতি গ্ৰহণ কৰিছে তাক ৰাইজে সমৰ্থন কৰিলেও অভিযান চলোৱা প্ৰক্ৰিয়াক বিৰোধিতা কৰিছে বিৰোধী ৰাজনৈতিক দলকে ধৰি সাধাৰণ ৰাইজেও ৷

কিন্তু, ৰাজ্যত চলা এই অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ সমগ্ৰ বিষয়টোক সাম্প্ৰদায়িক ৰং দিয়াৰ চেষ্টা আছাদউদ্দিন ওৱেছিৰ(AIMIM leader Asaduddin Owaisi) ৷ এই সন্দৰ্ভত তেওঁ কয়, ‘‘বিবাহিত মহিলাসকলৰ দায়িত্ব এতিয়া কোনে গ্ৰহণ কৰিব ? বাল্যবিবাহৰ 4000 গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে, কিন্তু কিয় চৰকাৰে অসমত নতুন বিদ্যালয় খোলা নাই ? অসমৰ বিজেপি চৰকাৰে মুছলমান বিৰোধী স্থিতি গ্ৰহণ কৰিছে ৷ উজনি অসমত ভূমিহীনক দিবলৈ চৰকাৰৰ ভূমি আছে, কিন্তু নামনি অসমৰ ভূমিহীনৰ বাবে চৰকাৰৰ ভূমি নাই ৷’’

এই মন্তব্যই স্পষ্ট কৰিছে যে, চৰকাৰৰ এই অভিযানক লৈ এতিয়া হিন্দু-মুছমানৰ ৰাজনীতি কৰিব বিচাৰিছে আছাদউদ্দিন ওৱেছিয়ে(Asaduddin Owaisi on Assam Child marriage drive) ৷ ওৱেছিৰ এই মন্তব্যকলৈও এতিয়া সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ নামনি অসমকে ধৰি বিভিন্ন স্থানত চলা উচ্ছেদ অভিযানৰ পাচত প্ৰকৃত ভাৰতীয় নাগৰিকক ন্যায়িক প্ৰক্ৰিয়াৰে ভূমি প্ৰদান কৰিছে চৰকাৰে ৷ কিন্তু, ওৱেছিৰ এনে মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিছে বহুলোকে ৷

উল্লেখ্য যে, আৰক্ষীয়ে বিগত দুটা দিনত বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাই দুই সহস্ৰাধিক বেআইনী প্ৰক্ৰিয়াৰে বিবাহ সম্পন্ন কৰা ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে(Crackdown against child marriage in Assam) ৷ চৰাকাৰে হঠাতে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পাচত ৰাজ্যত ঠায়ে ঠায়ে পৰিছে বিৰূপ প্ৰভাৱ ৷ ইতিমধ্যেই এই অভিযানৰ ফলত ভীতিগ্ৰস্ত হৈ মানকাচৰত আত্মহত্যাৰ দৰে এক চৰম পথ বাচি লৈছে এগৰাকী বিধৱা মহিলাই ৷

আনহাতে, গ্ৰেপ্তাৰ কৰা স্বামীক মুকলিৰ দাবীৰে ধুবুৰীৰ তামাৰহাট থানাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৷ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদী মহিলাৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰাৰ লগতে প্ৰয়োগ কৰিছে কন্দুৱা গেছ ৷ সামান্তৰালভাৱে বিহালীতো সৃষ্টি হৈছে অনুৰূপ পৰিস্থিতিৰ ৷ স্বামীক মুকলিৰ দাবীৰে থানাৰ বাহিৰত ভিৰ কৰিছেহি বহু মহিলাই(protest against anti child marriage drive) ৷

এনে পৰিস্থিতিত AIMIMৰ নেতা আছাদউদ্দিন ওৱেছিয়ে প্ৰদান কৰিছে সাম্প্ৰদায়িক মন্তব্য ৷ বিষয়টোক হিন্দু-মুছলমানৰ ৰং সানি ৰাজনৈতিক মুনাফা আদায়ৰ চেষ্টা ওৱেছিৰ (Source-ANI) ৷

লগতে পঢ়ক: Anti Child Marriage Drive: গ্ৰেপ্তাৰ কৰা স্বামীক মুকলিৰ দাবীত তামাৰহাট থানাত আৰক্ষী-মহিলাৰ খণ্ডযুদ্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.