গুৱাহাটী, ৯ নৱেম্বৰঃ শিলচৰ বিমান বন্দৰত "পাকিস্তান জিন্দাবাদ" ধ্বনি দিয়া সন্দৰ্ভত চলি থকা বিতৰ্কই এক নতুন মুৰ ল'লে । মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত "পাকিস্তান জিন্দাবাদ" ধ্বনি দিয়া সন্দৰ্ভত এটা প'ষ্ট দিয়াৰ পিছত তিনি দিন উকলি গ'ল যদিও মন্ত্ৰীগৰাকীয়ে ইয়াৰ সত্যাসত্য নিৰূপন কৰিব নোৱাৰিলে । যাৰ ফলত সোমবাৰে বিৰোধী দল কংগ্ৰেছে মহানগৰীৰ ভঙাগড় থানাত মন্ত্ৰী ডঃ শৰ্মাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ।
ইতিমধ্যে ফেচবুক কৰ্তৃপক্ষই হিমন্ত বিশ্ব শৰ্মাই আপলোড কৰা ভিডিঅ'টি আঁতৰাই দিছে যদিও ৰাজ্যৰ আৰক্ষী বা গৃহ বিভাগে সমাজত ঘৃণা বিয়পোৱাৰ অভিযোগত এতিয়ালৈকে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাৰ নেতৃত্বত কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে ভাৰতীয় দণ্ডবিধি ১৫৩ (ক) অধীনত ভঙাগড় থানাত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।
তাৎপৰ্যপূৰ্ণ যে, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা দাখিল কৰা এই এজাহাৰ গ্ৰহণ কৰিবলৈ আৰক্ষী অনিচ্ছুক হৈছিল যদিও থানাৰ ভিতৰতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত এজাহাৰ গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷