ETV Bharat / state

Child marriage case in Assam: ১০ দিনত অসমত বাল্য বিবাহৰ ৪০০৪ টা গোচৰ ৰুজু

author img

By

Published : Feb 2, 2023, 2:54 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে বাল্য বিবাহৰ বিৰুদ্ধে যোৱা ১০ দিনত ৰুজু হৈছে প্ৰায় ৪০০০ টা গোচৰ (Child marriage case in Assam)। তেওঁলোকৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা লোৱা হ'ব আইনী ব্যৱস্থা । তথ্যৰ মতে অসমৰ ৩৬ খন জিলাৰ ভিতৰত বাল্য বিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে ।

Child marriage case in Assam
অসমত বাল্য বিবাহৰ ৪০০৪ টা গোচৰ ৰুজু

গুৱাহাটী,২ ফেব্ৰুৱাৰী : বাল্য বিবাহৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰাৰ পাছতে অসমত যোৱা ১০ দিনত বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছে বহু গোচৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যমৰ জৰিয়তে সদৰি কৰা মতে এতিয়ালৈ অসমত বাল্য বিবাহৰ বিৰুদ্ধে ৰুজু হৈছে ৪০০৪ টা গোচৰ (4000 case against child marriage in Assam)। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে তেওঁলোকৰ বিৰুদ্ধে শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব আইনী ব্যৱস্থা ।

তথ্য মতে অসমৰ ৩৬ খন জিলাৰ ভিতৰত বাল্য বিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে (Child marriage case highest in Dhubri)। দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা ।

তথ্য মতে বাল্য বিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত ৩৭০ টা, হোজাই জিলাত ২৫৫ টা, ওদালগুৰি জিলাত ২৩৫ টা, কামৰূপ মহানগৰ জিলাত ১৯২ টা, গোৱালপাৰা জিলাত ১৫৭ টা, বজালী জিলাত ১৩২ টা, বাক্সা জিলাত ১৫৩ টা, বৰপেটা জিলাত ৮১ টা, বিশ্বনাথ জিলাত ৯৮ টা, বঙাইগাঁও জিলাত ১২৩ টা, কাছাৰ জিলাত ৩৫ টা, চৰাইদেউ জিলাত ৭৮ টা, চিৰাং জিলাত ৫৪ টা, দৰং জিলাত ১২৫ টা, ধেমাজি জিলাত ১০১ টা ।

ডিব্ৰুগড় জিলাত ৭৫ টা, ডিমা হাছাও জিলাত ২৪ টা, মৰিগাঁও জিলাত ২২৪ টা, গোলাঘাট জিলাত ৬২ টা, যোৰহাট জিলাত ২৫ টা, কামৰূপ জিলাত ৮০ টা, কাৰ্বি আংলং জিলাত ১২৬ টা, কৰিমগঞ্জ জিলাত ৯২ টা, কোকৰাঝাৰ জিলাত ২০৪ টা, লখিমপুৰ জিলাত ৩২ টা, মাজুলী জিলাত ৪৪ টা, নগাঁও জিলাত ১১৩ টা, নলবাৰী জিলাত ১৭১ টা, শদিয়া জিলাত ৮৫ টা, শিৱসাগৰ জিলাত ৫৪ টা, শোণিতপুৰ জিলাত ৬০ টা, দক্ষিণ শালমাৰা জিলাত ১৪৫ টা, তামুলপুৰ জিলাত ১১০ টা, তিনিচুকীয়া জিলাত ৭৩ টা, হামৰেণ জিলাত ১৫ টা আৰু হাইলাকান্দি জিলাত ১ টা গোচৰ ৰুজু হৈছে ।

উল্লেখ্য যে যোৱা ২৩ জানুৱাৰীত জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দেশৰ সংসদে ২০০৬ চনতেই গ্ৰহণ কৰা বাল্য বিবাহ নিষিদ্ধকৰণ আইন গ্ৰহণ কৰিছিল । কেবিনেটে ৰাজ্যত এই আইন কার্যকৰী কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰি ২৪ জানুৱাৰীৰ পৰা ৰাজ্যত এই আইনৰ অধীনত ব্যাপক অভিযান চলোৱাৰ বাবে আৰক্ষীক নির্দেশ দিছে (Assam CM reacts over child marriage)।

আৰক্ষীয়ে ১৪ বছৰৰ তলৰ যিসকল মহিলাৰ বিৰুদ্ধে এই অপৰাধ সংঘটিত হৈছে, সেই সকলৰ বিৰুদ্ধে 'পক্সো' আইনৰ অধীনত গোচৰ ল'ব। এই আইনৰ অধীনত সর্বাধিক শাস্তি হ'ল যাৱজ্জীৱন কাৰাদণ্ড । গতিকে কোনোৱে তেনে শিশুক বিয়া কৰালে বা মাতৃত্বৰ বোজা জাপি দিলে তেওঁৰ অপৰাধ 'পক্সো' আইনৰ অধীনত গণ্য কৰা হ'ব । ১৪ বছৰৰ ওপৰৰ খিনিৰ ক্ষেত্ৰত বাল্য বিবাহ নিষিদ্ধ আইনৰ অধীনত গোচৰ ল'বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্রী ড° শৰ্মাই সদৰি কৰিছিল ।

মন কৰিবলগীয়া যে শেহতীয়াকৈ প্ৰকাশ পোৱা এন এম এইচ এছ-৫ (২০১৯-২০২০) ৰ তথ্য মতে অসমত ১৮ বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ হাৰ ৩১.৮ শতাংশ । আনহাতে তাৰ বিপৰীতে এন এম এইচ এছ-৫ (২০১৯-২০২০)ৰ তথ্য মতে সৰ্বভাৰতীয় পৰ্যায়ত ১৮ বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ হাৰ আছিল ২৩.৩ শতাংশ ।

ইয়াৰ পৰা দেখা যায় যে অসমত ১৮ বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ হাৰ সৰ্বভাৰতীয় পৰ্যায়তকৈ যথেষ্ট বেছি (Child marriage rate in Assam)। আকৌ ২০১৫-২০১৬ চনৰ পৰা ২০১৯-২০২০ চনলৈ অসমত ১৮ বছৰৰ তলৰ বিবাহপাশত আৱদ্ধ হোৱা কিশোৰীৰ হাৰ অৰ্থাৎ বাল্য বিবাহৰ সংখ্যা বৃদ্ধি পাই আহিছে ।

লগতে পঢ়ক :Humanity in Mariani: ঠিকনাবিহীন এগৰাকী আইতাৰ কাষত তিতাবৰ প্ৰতিবন্ধী মূকবধিৰ বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.