কামৰূপ, ২ নৱেম্বৰ : ৰোগী কঢ়িয়াই নিয়া বাহনক জৰুৰীকালীন পথেৰে যোৱাত বাধা আৰোপ কৰাক লৈ কামৰূপৰ মদনপুৰ টোলগে'টত অপ্ৰীতিকৰ পৰিস্থিতি । ঘটনাৰ বিৱৰণী মতে, টংলাৰ মিলনপুৰৰ পূৰণ চন্দ্ৰ নাথ আৰু তেখেতৰ পত্নী পূৰ্ণিমা ভূঞাৰ COVID-19ত আক্ৰান্ত হৈছিল ২৫ দিন পূৰ্বে ।
মহামাৰীৰ উপৰিও পূৰ্বৰে পৰা আন কিছু ৰোগত ভুগি থকা বাবে পুত্ৰই গুৱাহাটীৰ হেল্থ চিটী হাস্পাতাললৈ চিকিৎসাৰ বাবে লৈ আহিছিল তেওঁলোকক । শনিবাৰে দুয়োগৰাকীকে হাস্পতালৰ পৰা ঘৰ অভিমুখে লৈ গৈ থকা অৱস্থাতে মদনপুৰ টোলগে'টত কৰ্মচাৰীৰে সৈতে সংঘাতৰ সৃষ্টি হয় । অক্সিজেন লৈ থকা ৰোগী থকা বাবে বাহনখন টোলগে'টৰ জৰুৰীকালীন পথেৰে পাৰ হৈ যাবলৈ লওঁতেই কৰ্মচাৰীয়ে বাধা প্ৰদান কৰে ।
ভুক্তভোগী যাত্ৰীয়ে অভিযোগ উত্থাপন কৰিছে যে, টোলগে'টৰ কৰ্মচাৰীয়ে বাহনৰ আগত ড্ৰাম পেলাই ৰখোৱাৰ চেষ্টা কৰাৰ লগতে মোবাইল ফোন আৰু সোণৰ চেইন কাঢ়ি নিয়াৰ চেষ্টা কৰে । ইয়াকে লৈ দুয়োপক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় । কৰ সংগ্ৰহৰ নামত ৰোগীকো হাৰাশাস্তি ভোগাইছে টোলগে'ট কৰ্তৃপক্ষই ।
লগতে পঢ়ক:উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে মুকলি পৰ্টেল