ETV Bharat / state

Rape case in Guwahati: মহানগৰীত অৰুণাচলী যুৱতীক ধৰ্ষণ

author img

By

Published : Jun 2, 2022, 12:28 PM IST

ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ধৰ্ষণ কাণ্ড ৷ এইবাৰ মহানগৰীৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ অভিযোগ অনুসৰি, এগৰাকী অৰুণাচলী যুৱতীক ধৰ্ষণ কৰে টেনজিং দৰ্জে নামৰ এজন যুৱকে (Arunachal girl raped in Guwahati) ৷ তথ্য অনুসৰি, বৰ্তমান আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত টেনজিং দৰ্জে ৷

Arunachali girl raped in Guwahati
মহানগৰীত অৰুণাচলী যুৱতীক ধৰ্ষণ

গুৱাহাটী, 2 জুন : ৰাজ্যত অব্যাহত আছে এটাৰ পিছত আনটো নাৰী নিৰ্যাতন তথা ধৰ্ষণৰ ঘটনা ৷ বৃহস্পতিবাৰে তেনে এক জঘন্য ঘটনা পোহৰলৈ আহিছে ৷ তথ্য অনুসৰি, এইবাৰ মহানগৰীৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত সংঘটিত হৈছে এই জঘন্য কাণ্ড (Arunachali girl raped in Guwahati) ৷

অভিযোগ অনুসৰি, বুধবাৰে নিশা হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত থকা এগৰাকী অৰুণাচলৰ যুৱতীক ধৰ্ষণ কৰে টেনজিং দৰ্জে নামৰ এজন যুৱকে ৷ তাৰ পাচত আজি অৰ্থাৎ বৃহস্পতিবাৰে ভুক্তভোগী যুৱতীগৰাকীয়ে দিছপুৰ আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰৰ ভিত্তিতেই দিছপুৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযুক্ত টেনজিং দৰ্জেক আটক কৰে ৷

জানিব পৰা মতে, বৰ্তমান আৰক্ষীৰ জিম্মাত আছে টেনজিং দৰ্জে ৷ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীৰ তদন্তৰ অন্ততহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

লগতে পঢ়ক : Minor Gang Rape in Kokrajhar: ধৰ্ষণকাৰীক ফাঁচীৰ দাবীত উত্তাল কোকৰাঝাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.