ETV Bharat / state

লতাশিলত শিল্পী সমাজৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

মহানগৰীৰ লতাশিল খেলপথাৰত দেওবাৰে শিল্পীসমাজৰ পৃষ্ঠপোষকতাত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ শিল্পীসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

নাগৰিকত্ব সংশোধনী আইন
লতাশিলত শিল্পী সমাজৰ চি এ এ বিৰোধী প্ৰতিবাদ
author img

By

Published : Dec 29, 2019, 6:46 PM IST

গুৱাহাটী, 29 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ক্ষান্ত হোৱা নাই গণ আন্দোলন ৷ সমগ্ৰ অসমত এই আন্দোলন অব্যাহত আছে । সৰ্বসাধাৰণৰ পৰা আৰম্ভ কৰি দল-সংগঠন, ছাত্ৰ সমাজ, শিল্পী, বুদ্ধিজীৱী সকলোৱে কৰিছে এই আইনৰ বিৰোধিতা ৷ মহানগৰীৰ লতাশিল খেলপথাৰত দেওবাৰে শিল্পীসমাজ পৃষ্ঠপোষকতাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ শিল্পীসকলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকাদেৱৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।

অংশগ্ৰহণ কৰে বহুকেইগৰাকী শিল্পীয়ে

উক্ত অনুষ্ঠানত জে পি দাস, শান্তা উজীৰ, মনীষা হাজৰিকাকে ধৰি বহু শিল্পী উপস্থিত থাকে ৷ বিশিষ্ট সংগীত শিল্পী জে পি দাসে একালৰ বিপ্লৱীসকলে লিখা বহু গান আৰু দেশপ্ৰেমমূলক গীতেৰে মুখৰিত হৈছে লতাশিল বুলি প্ৰকাশ কৰে । নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত অসমৰ জনগণে চলাই যাব প্ৰতিবাদ । এই বিপ্লৱৰ শেষ নিৰ্ধাৰণ কৰিব চৰকাৰৰ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে গ্ৰহণ কৰা পৰৱৰ্তী সিদ্ধান্তৰ ওপৰত ৷

লগতে চাওকঃবাইহাটাত অনুষ্ঠিত মিঃ অসম চেম্পিয়নচিপ প্ৰতিযোগিতা

Intro:নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গণ আন্দোলন সমগ্ৰ অসমত চলি আছে। সাধাৰণ জনতাৰ পৰা দল ,সংগঠন, ছাত্ৰ সমাজ, শিল্পী বুদ্ধিজীৱী সকলোৱে একেলগে হৈ কৰিছে এই নাগৰিকত্ব আইনৰ বিৰোধিতা। গণতান্ত্ৰিক প্ৰতিবাদ চলি আছে সমগ্ৰ অসমত আৰু তাৰ মাজতে লতাশিল খেলপথাৰত শিল্পী সকলৰ প্ৰতিবাদী কাৰ্যসূচী । জ্যোতি প্ৰসাদ আগৰৱালাৰ পৰা আৰম্ভ কৰি ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীতসমূহ সকলো শিল্পীয়ে পৰিবেশন কৰি কৰিছে প্ৰতিবাদ।

Body:লতাশিল খেল পথাৰত প্ৰতিবাদৰ বাবে ওলাই আহিল অনাতাঁৰ শিল্পী সকলৰ লগতে বিশিষ্ট সংগীত শিল্পী সকল। জে পি দাস , শান্তা উজীৰ মনিশা হাজৰিকা কে ধৰি বহু শিল্পী উপস্থিত থাকে এই কা বিৰোধী প্ৰতিবাদত।
বিশিষ্ট সংগীত শিল্পী জে পি দাসে জানিবলৈ দিয়া অনুসৰি একালৰ বিপ্লৱী সকলে লিখা বহু গান আৰু দেশ প্ৰেম মূলক গীতেৰে মুখৰিত হৈছে লতাশিল খেল পথাৰ।
bite:-জে পি দাস

Conclusion:নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰে এতিয়া অসমৰ জনগণে এই দৰে দীৰ্ঘদিনীয়া প্ৰতিবাদ চলাই যাব। এয়া আৰম্ভণি হে মাথো বিপ্লৱৰ শেষ কত এয়া এতিয়া অসম চৰকাৰ অথবা কেন্দ্ৰীয় চৰকাৰ কোনেও হয়তো নাজানে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.