ETV Bharat / state

এবছৰত মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিব পৰা নাযায় : অশোক সিংহাল

author img

By

Published : Jun 5, 2022, 9:42 PM IST

কৃত্ৰিম বান সমস্যাৰ (Artificial flood in Guwahati) পৰা মহানগবাসীক সকাহ দিয়াৰ উদ্দেশ্যে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ চমুকৈ জি এম ডি এ গ্ৰহণ কৰিছে এক বিশেষ ব্যৱস্থা ৷ সেই অনুসৰি, শিলসাঁকোত ২২ কোটি টকাৰ এটা প্ৰকল্প হাতত লৈছে জি এম ডি এ । কিন্তু এবছৰত ৰোধ কৰিব পৰা নাযাব মহানগৰীৰ কৃত্ৰিম বান ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহালে ৷

Silsako Lake visited minister Ashok Singhal
এবছৰত মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিব পৰা নাযায়: অশোক সিংহল

গুৱাহাটী, ৫ জুন : কৃত্ৰিম বানপানীৰ সমস্যাৰ (Artificial flood in Guwahati) পৰা গুৱাহাটীবাসীক কিছু সকাহ দিয়াৰ উদ্দেশ্যে অইন জলাশয়সমূহৰ লগতে বিশেষকৈ শিলসাঁকো বিলখন বিশেষভাৱে সংৰক্ষণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ চমুকৈ জি এম ডি এ । ইতিমধ্যে শিল সাঁকোক লৈ ২২ কোটি টকাৰ এটা প্ৰকল্প হাতত লৈছে জি এম ডি এ ।

সেই অনুসৰি শিল সাঁকোৰ পৰিৱেশ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে বিলৰ পাৰত গছ পুলি ৰোপন আৰু গুৱাহাটীৰ পানী শিল সাঁকোত জমা কৰি নাৰেংগী বোন্দাজান হৈ ব্ৰহ্মপুত্ৰত পেলোৱাৰ ব্যৱস্থা কৰিব । সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে জি এম ডি এ অধ্যক্ষ নাৰায়ণ ডেকাই ।

এবছৰত মহানগৰীৰ কৃত্ৰিম বান ৰোধ কৰিব পৰা নাযায় : অশোক সিংহাল

বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি GMDA ৰ উদ্যোগত দেওবাৰে দিনৰ ১০:৩০ বজাত শিলসাঁকো বিলৰ পাৰত এক গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় (World Environment Day 2022) । উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহাল (Silsako beel visited minister Ashok Singhal) । এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীক সংগ দিয়ে জি এম ডি এ ৰ অধ্যক্ষ গৰাকীয়ে ।

গুৱাহাটীবাসীৰ জলন্ত সমস্যা হিচাপে পৰিগণিত কৃত্ৰিম বান সমস্যাৰ সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী গৰাকীয়ে কয়, ‘‘গুৱাহাটীৰ কৃত্ৰিম বান এবছৰতে সমাধান কৰিব পৰা নাযাব (Artificial floods in Guwahati cannot be prevented in a year) । ইয়াৰ বাবে চৰকাৰক কিছু সময় লাগিব । বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা অহা পানী গুৱাহাটীত সোমায় এক নতুন সমস্যাৰ সৃষ্টি কৰিছে । সেইবাবে কৃত্ৰিম বান ৰোধ কৰাত কিছু অসুবিধা হৈছে’’ ।

তেওঁ লগতে কয়, গুৱাহাটীৰ বাট পথ, নলা-নৰ্দমাসমূহ পৰিষ্কাৰ কৰাৰ পিছতো মানুহে নলাত জাৱৰ পেলাই থাকে । যোৱা এবছৰত ১ লাখ মেট্ৰিক টন আৱৰ্জনা নলাৰ পৰা উঠোবাৰ পিছতো এতিয়াও ২ লাখ মেট্ৰিক টন আৱৰ্জনা উঠাবলৈ বাকী আছে । আনহাতে, মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত বহিঃৰাজ্যৰ পৰা পৰা ক্ৰয় কৰা চুপাৰ চাকাৰৰ বিফলতা সন্দৰ্ভতো সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে কয়, হয় আমি আশা কৰা ধৰণে গুৱাহাটীত কাম কৰিব পৰা নাই চুপাৰ চাকাৰে ।

একোখন চুপাৰ চাকাৰে ১০ ঘণ্টাৰ সলনি মাত্ৰ ১/২ ঘণ্টা কাম কৰিয়ে থমকিবলগীয়া হয় । কিয়নো চুপাৰ চাকাৰ মেচিন চলোৱাৰ ক্ষেত্ৰত নাই কোনো অভিজ্ঞ লোক । অৱশ্যে উপযুক্ত অনুশীলনৰ অভাৱত চুপাৰ ছাকাৰে কাম কৰিব পৰা নাই বুলি উল্লেখ কৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে অসমৰ বাহিৰৰ পৰা উপযুক্ত প্ৰশিক্ষক আনি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও ব্যক্ত কৰে ।

ইতিমধ্যে পৌৰ আয়ুক্তক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ কোৱা হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰে । আনহাতে, জাইকা পানী যোগান প্ৰকল্পৰ কাম লেহেমীয়া হোৱাৰ কথা স্বীকাৰ কৰি মন্ত্ৰী অশোক সিংহলে কয়, ‘‘ঠিকাদাৰৰ হেমাহীৰ বাবে জাইকাৰ কাম লেহেমীয়া হোৱাৰ অভিযোগ আমি পাইছো । আমি ব্যৱস্থা হাতত ল’ম । তথাপিও আমি জুলাই-আগষ্টৰ ভিতৰত খোৱাপানী যোগানৰ বাবে প্ৰথম ট্ৰায়েল দিবলৈ চেষ্টা কৰিম’’ ।

লগতে পঢ়ক : এটি দম্পতীৰ হাতত ঠন ধৰি উঠা শিৱসাগৰৰ এখন বিশেষ অৰণ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.