ETV Bharat / state

এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ ৰাজপথ

কৃত্ৰিম বানৰ বাবেই চলাচলত অসুবিধাৰ সন্মুখীন হয় মহানগৰবাসী ৷ ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ পৌৰনিগমৰ লগতে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ৷

author img

By

Published : Sep 14, 2019, 12:59 PM IST

এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ ৰাজপথ

গুৱাহাটী, 14 ছেপ্টেম্বৰ: এজাক বৰষুণতে বুৰ গ'ল মহানগৰীৰ ভি আই পি পথ ৷ গুৱাহাটী পৌৰনিগমৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবেই কৃত্ৰিম বানে জুৰুলা কৰিছে ভি আই পি পথেৰে অহা যোৱা কৰা যাত্ৰীক ৷ ইমানৰ পাছতো আজিলৈকে সংশ্লিষ্ট বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ পথাচাৰীৰ ৷ প্ৰায়ে কৃত্ৰিম বানৰ বাবে পথাচাৰীয়ে ভুগিব লগা হয় যমৰ যাতনা ৷ বৰষুণৰ ফলত পথটোত জমা হোৱা পানী ওলায় যাব নোৱাৰাৰ বাবেই সৃষ্টি হয় কৃত্ৰিম বানৰ ৷ পথটোত নাই উন্নত নলাৰ ব্যৱস্থা ৷ যাৰ ফলত এজাক বৰষুণতে সদাব্যস্ত পথটোত সৃষ্টি হয় একাঁঠু পৰ্যন্ত পানী ৷ কৃত্ৰিম বানৰ বাবেই চলাচলত অসুবিধাৰ সন্মুখীন হয় মহানগৰবাসী ৷ ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ পৌৰনিগম লগতে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ৷ এনে অৱস্থাত পথটোত হোৱা কৃত্ৰিম বান কেনেদৰে নিয়ন্ত্ৰণ কৰে সেয়া লক্ষণীয় ৷

Intro:এজাক বৰষুনতে কৃত্ৰিম বানপানীয়ে হাহাকাৰ লগায় মহানগৰীৰ অতি ব্যস্ত ভি আই পি পথত ৷Body:Anchor:: গুৱাহাটী পৌৰনিগমৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে কৃত্ৰিম বানে জুৰুলা কৰিছে ভিআইপি পথেৰে অহাযোৱা কৰা যাত্ৰীক ৷ কিন্ত ইমানৰ পাছতো আজিলৈকে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই সংশ্লিষ্ট বিভাগে ৷
VO::: এজাক বৰষুনতে কৃত্ৰিম বানে হাহাকাৰ লগায় মহানগৰীৰ অতি ব্যস্ত ভি আই পি পথত ৷ প্ৰতিদিনেই পথাচাৰীয়ে ভূগিব লগা হয় যমৰ যাতনা ৷ বৰষুনৰ ফলত পথটোত জমা হোৱা পানী ওলায় যাব নোৱাৰাৰ বাবেই পথটোত সৃষ্টি হয় কৃত্ৰিম বানপানীৰ ৷ পথটোত নাই উন্নত নলাৰ ব্যৱস্থা ৷ যাৰ বাবে এজাক বৰষুনতে একাঁঠু পৰ্যন্ত পানী হয় সদাব্যস্ত পথটোত ৷ কৃত্ৰিম বানৰ ফলত ব্যাঘাত জন্মে যাত্ৰীৰ অহাযোৱাত ৷ যানবাহন চলাচলত ভীষণ অসুবিধাৰ সন্মুখীন হয় মহানগৰবাসী ৷
Bite:::
VO::: কিন্ত পথছোৱাৰ এনে অৱস্থাক লৈ মুঠেই চিন্তিত নহয় সংশ্লিষ্ট বিভাগ ৷ বিভাগীয় বিষয়া কৰ্মচাৰীৰ অদূৰদৰ্শিতাৰ ফল ভূগিব লগা হৈছে সাধাৰণ ৰাইজে ৷ ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব নাই পৌৰনিগম অথবা গড়কাপ্তানী বিভাগৰ ৷ এনে অৱস্থাত পথটোত হোৱা কৃত্ৰিম বান কেনেদৰে নিয়ন্ত্ৰন কৰে সেয়া হব লক্ষনীয় ৷

Conclusion:লিপিকা ডেকা,গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.