ETV Bharat / state

আৰক্ষীৰ জালত ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী প্ৰতুল ঘোষ - অপৰাধ অনুসন্ধান শাখা

গ্ৰেপ্তাৰ হ'ল ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী প্ৰতুল ঘোষ ৷ ১ কোটি ১০ লাখ টকাৰ ঋণ আত্মসাৎ কৰাৰ এক গোচৰত গ্ৰেপ্তাৰ হ'ল ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী প্ৰতুল ঘোষ ।

arrested pratul ghosh
গ্ৰেপ্তাৰ হ'ল ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী প্ৰতুল ঘোষ
author img

By

Published : Oct 31, 2021, 4:13 PM IST

গুৱাহাটী, ৩১ অক্টোবৰ : আৰক্ষীৰ জালত পৰিছে ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী ৷ ১ কোটি ১০ লাখ টকাৰ ঋণ আত্মসাৎৰ গোচৰত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী প্ৰতুল ঘোষক । অভিযোগ অনুসৰি, IDBI বেংকৰ গুৱাহাটীৰ GS ৰোডৰ শাখাৰ পৰা ১ কোটি ১০ লাখ টকা ঋণ লৈ আত্মসাৎ কৰিছিল প্ৰতুল ঘোষে ।

অভিযোগ অনুসৰি, বেংকৰ পৰা টকাখিনি কৃষি বিকাশ যোজনা আৰু ডায়েৰী ডেভেলপমেন্টৰ বাবে লৈছিল ৷ কিন্তু টকাখিনি কৃষি বিকাশ যোজনা আৰু ডায়েৰী ডেভেলপমেন্টৰ বিপৰীতে নিজৰ ব্যক্তিগত কামতহে ব্যৱহাৰ কৰিছিল অভিযুক্ত প্ৰতুল ঘোষে ৷ এই ঋণ লোৱা টকাখিনি সময়মতে বেংকক ঘূৰাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছিল প্ৰতুল ঘোষৰ বিৰুদ্ধে ।

যাৰ বাবে IDBI বেংকৰ কলকাতাৰ মুখ্য শাখাৰ জেনেৰেল মেনেজাৰগৰাকীয়ে প্ৰতুল ঘোষৰ বিৰুদ্ধে ৰুজু কৰিছিল এক গোচৰ । সেই গোচৰৰ ভিত্তিতেই শনিবাৰে সন্ধিয়া ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা হয় প্ৰতুল ঘোষক । আজি অৰ্থাৎ দেওবাৰে আদালতত হাজিৰ কৰা হ’ব প্ৰতুল ঘোষক ৷ জানিব পৰা মতে, প্ৰতুল ঘোষক ৭ দিনৰ জিম্মাত বিচাৰিব BIEO (Bureau of Investigation Economic Offences) য়ে ।

কেৱল ঋণৰ টকা আত্মসাৎ কৰাই নহয়, প্ৰতুল ঘোষৰ বিৰুদ্ধে পূৰ্বেও NBFC (Non-bank financial institution) ৰে জড়িত কেচত ৰুজু হৈ আছিল এক গোচৰ । প্ৰাপ্ত তথ্য অনুসৰি, পূৰ্বেও CBI আৰু ED ত প্ৰতুল ঘোষৰ বিৰুদ্ধে ৰুজু হৈ আছে টকাৰ লেনদেনৰ কেইবাটাও গোচৰ । এই গোচৰ অনুসৰি চৰকাৰৰ কোনো অনুমতি নোলোৱাকৈ বহু লোকক আঁচনিৰ লোভ দেখুৱাই কোটি কোটি টকাৰ আত্মসাৎ কৰিছিল প্ৰতুল ঘোষে ।

ইতিমধ্যে প্ৰতুল ঘোষক গ্ৰেপ্তাৰ কৰি BIEO য়ে জব্দ কৰিছে বহু বেংকৰ নথি পত্ৰ । দেওবাৰে পুনৰ NBFC এক গোচৰত প্ৰতুল ঘোষক গ্ৰেপ্তাৰ কৰিব BIEO য়ে ।

লগতে পঢ়ক : লংকাত বেজালি কৰি আলহী হ’ল ৰঙাঘৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.