গুৱাহাটী,২৫ ডিচেম্বৰ : অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী (Crime in Guwahati)। প্ৰায় প্ৰতিদিনে মহানগৰীত বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হৈছে । বিভিন্ন প্ৰান্তত চুৰি, ডকাইতি, লুণ্ঠন, অপহৰণ আদিৰ দৰে ঘটনাবোৰ সংঘটিত হোৱাত একপ্ৰকাৰ নিৰাপত্তাহীনতাত ভূগিছে মহানগৰবাসী । অৱশ্যে এনেধৰণৰ অপৰাধমূলক কাৰ্যকলাপ ৰোধৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন পন্থা লৈছে । অপৰাধমূলক কাৰ্যকলাপত জড়িতসকলৰ বিৰুদ্ধেও ঠায়ে ঠায়ে আৰক্ষীয়ে চলাইছে অভিযান ।
তেনে এক অভিযানৰ মাজতে মহানগৰ আৰক্ষীয়ে এক বৃহৎ সফলতা অৰ্জন কৰিছে । নুনমাটি আৰক্ষী, সাতগাঁও আৰক্ষী, পানীখাইতি আৰু গড়চুক আৰক্ষীৰ যুটীয়া এটা বৃহৎ দলে অভিযান চলাই গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে ৩ টাকৈ কুখ্যাত চোৰক (Three thieves arrested in Guwahati)। চোৰকেইটাৰ লগতে আৰক্ষীয়ে এটা পিষ্টল, এখন চোকা অস্ত্ৰ, ১২ খনকৈ চুৰি মটৰ চাইকেল আৰু ১২ টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে ।
আৰক্ষীৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হোৱা চোৰ কেইটা হৈছে ক্ৰমে নাৰেঙ্গীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ আবাসী পংকজ দাস, হেঙেৰাবাৰীৰ বিশ্বজিত টুমুং আৰু বিপ্লৱ দাস ওৰফে বিজয় দাস । আৰক্ষীৰ দলটোৱে ধৃত বিশ্বজি টুমুঙ আৰু বিপ্লৱ দাসৰ পৰা এটা পিষ্টল, চোকা অস্ত্ৰ আৰু ১০ টা মোবাইল ফোন জব্দ কৰে (Stolen items recovered in Guwahati)। আৰক্ষীয়ে জনোৱা মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মহানগৰৰ ভিন্ন প্ৰান্তত চলোৱা হৈছিল এই অভিযান । আৰক্ষী সূত্ৰে জানিব পৰা মতে অনাগত দিনত আৰু অধিক চুৰি বাহন উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে । লগতে এই ঘটনাত এটা বৃহৎ চোৰৰ গেং জড়িত থকাৰ সম্ভাৱনা থকাৰ কথাও সদৰী কৰিছে আৰক্ষীয়ে ।
ইফালে মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদমাধ্যমক জনোৱা মতে মহানগৰীৰ বহু অপৰাধমূলক কাৰ্যকলাপত বহিঃৰাজ্যৰ অপৰাধীও জড়িত আছে । দিল্লী, মণিপুৰ, কাশ্মীৰ, উত্তৰ প্ৰদেশ আদিৰ পৰা অঞ্চলৰ পৰাও এনে অপৰাধীক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে গুৱাহাটীলৈ অনা হৈছে । ইফালে আৰক্ষীৰ এনকাউণ্টাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই (Encounter in Guwahati)। আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে গুৱাহাটীত কোনো ধৰণৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হোৱা নাই ।
তেওঁৰ মতে নিৰাপত্তা দিয়াটোৱে গুৱাহাটী আৰক্ষীৰ প্ৰধান কৰ্তব্য । সেয়ে মহানগৰ আৰক্ষীয়ে দিনে নিশাই ৰাইজৰ নিৰাপত্তাৰ বাবে কাম কৰি আছে । ইফালে শনিবাৰে সংঘটিত হেঙেৰাবাৰী ডকাইতি কাণ্ডৰ ঘটনাটো প্ৰকৃততে ডকাইতি নহয় চুৰিহে বুলি ব্যক্ত কৰে পাৰ্থ সাৰথি মহন্তই ।
লগতে পঢ়ক :Magazines recovered at Darbhanga Airport : বিমানবন্দৰৰ যাত্ৰীৰ বেগত উদ্ধাৰ মেগজিন আৰু কাৰ্টিজ