ETV Bharat / state

বিজেপিতো আৰম্ভ হ'ল নেকি মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিতৰ্ক !

author img

By

Published : Aug 17, 2020, 4:33 AM IST

মন্ত্ৰী পীযুষ হাজৰিকাই এদিন পূৰ্বে কৰা এক মন্তব্যই সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়া । "ডঃ হিমন্তবিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ সকলো যোগ্যতা আছে" বুলি এদিন পূৰ্বে মন্তব্য কৰিছিল পীযুষ হাজৰিকাই । এইয়া যেন বিজেপিৰ ভিতৰচৰাতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শেষৰ সময়খিনিৰ দৰে এয়া মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিসম্বাদহে ৷

controversy for cm
controversy for cm

গুৱাহাটী, ১৬ আগষ্ট : পুনৰ মুখ্যমন্ত্ৰী বিতৰ্ক । ঠিক যেন যোৱা সময়চোৱাত কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া শাসনকালৰ শেষৰ সময়চোৱাৰ পুণৰাগমন ৷ কেন্দ্ৰীয় চৰিত্ৰ একেজন ডঃ হিমন্তবিশ্ব শৰ্মা । ডঃ শৰ্মাৰ অন্যতম অনুগামী "দাদা ব্ৰীগেড" ৰ সদস্য মন্ত্ৰী পীযুষ হাজৰিকাই এদিন পূৰ্বে কৰা এক মন্তব্যই সৃষ্টি কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়া । "ডঃ হিমন্তবিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ সকলো যোগ্যতা আছে" বুলি এদিন পূৰ্বে মন্তব্য কৰিছিল পীযুষ হাজৰিকাই । এই মন্তব্যক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়া ।

controversy for cm
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

পৰিস্থিতি ক্ৰমাৎ জটিল হোৱাৰ আশংকাত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই বিষয়টো কিছু পাতল কৰিবলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে যে কথাটো ঠিক তেনেকুৱা নহয় । মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা-অৰ্হতা বহুতৰে আছে । কিন্তু দলৰ শীৰ্ষ নেতৃত্বই যাক বিচাৰিব তেৱেঁই মুখ্যমন্ত্ৰী হ’ব ।

controversy for cm
স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

আনহাতে, শেহতীয়াকৈ মন্ত্ৰী পীযুষ হাজৰিকাই পুনৰ মন্তব্য কৰিছে যে তেওঁ কৰা মন্তব্যৰ ভুল প্ৰচাৰ চলাইছে একাংশ সংবাদ মাধ্যমে । মুঠতে হিমন্ত বিশ্ব শৰ্মা বা পীযুষ হাজৰিকাই যিয়েই নকওক কিয়, এইয়া যেন বিজেপিৰ ভিতৰচৰাতো পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শেষৰ সময়খিনিৰ দৰে এয়া মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিসম্বাদহে ৷

লগতে : ৰহস্যময়ী জাতিংগা....

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.