ETV Bharat / state

Ardhendu Kumar Dey passes away: প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে'ৰ দেহাৱসান

author img

By

Published : Jul 27, 2022, 9:18 AM IST

প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিক অৰ্ধেন্দু কুমাৰ দে'ৰ দেহাৱসান (Ardhendu Kumar Dey passes away at GMCH in Guwahati) ৷ দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ ।

Ardhendu Kumar Dey passes away
প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে'ৰ দেহাৱসান

গুৱাহাটী,২৭ জুলাই: প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিক অৰ্ধেন্দু কুমাৰ দে’ আৰু নাই । যোৱা নিশা ১.৩০ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ (Ardhendu Kumar Dey passes away at GMCH in Guwahati) ।

আজি তেওঁৰ নশ্বৰ দেহ হোজাইলৈ লৈ যোৱা হ’ব । উল্লেখ যে ১৯৯১ চনৰ পৰা ২০২১ চনলৈ তেওঁ কংগ্ৰেছ দলৰ নেতা আছিল । ১৯৯১ চনৰ পৰা ২০০৬ চনলৈ সুদীৰ্ঘ সময় তেওঁ হোজাইৰ বিধায়ক আছিল । ২০১১ চনৰ পৰা ২০১৬ লৈ পুনৰ হোজাইৰ বিধায়ক নিৰ্বাচিত হৈছিল । তৰুণ গগৈ চৰকাৰৰ দিনত মন্ত্ৰী আছিল অৰ্ধেন্দু দে’ ।

২০২১ চনত অৰ্ধেন্দু দে’ই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল । তেওঁৰ মৃত্যুত ৰাজ্যৰ ৰাজনীতিত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক: Atulananda Goswami Passes Away: বিশিষ্ট সাহিত্যিক অতুলানন্দ গোস্বামীৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.