ETV Bharat / state

'এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বাংলাদেশী হিন্দু আৰু মুছলমানৰ নাম': এ পি ডব্লিউ

এন আৰ চি সম্পৰ্কীয় কাম-কাজত অসন্তুষ্টি ব্যক্ত এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ

'এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বাংলাদেশী হিন্দু আৰু মুছলমানৰ নাম': এ পি ডব্লিউ
author img

By

Published : May 27, 2019, 7:25 PM IST

গুৱাহাটী,27 মেঃ 'এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বাংলাদেশী হিন্দু আৰু মুছলমানৰ নাম' এই গুৰুত্বৰ অভিযোগ এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি এন আৰ চি সম্পৰ্কীয় বিভিন্ন আসোঁৱাহৰ কথা উল্লেখ কৰে অভিজিত শৰ্মাই ৷ এখন শুদ্ধ এন আৰ চি ৰাইজক কেতিয়া দিব বুলি প্ৰশ্ন উত্থাপন কৰি অভিজিত শৰ্মাই কয় যে,লাখে লাখে এন আৰ চিৰ দাবী আপত্তি উত্থাপন হৈছে যদিও প্ৰায় সংখ্যকেই ভুৱা ৷

'এন আৰ চিত অন্তৰ্ভুক্ত হৈছে বাংলাদেশী হিন্দু আৰু মুছলমানৰ নাম': এ পি ডব্লিউ

ইয়াৰোপৰি,অবৈধভাৱে লিগেছি ডাটা ক্ৰয় কৰা সকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া স্পষ্ট কৰাৰ লগতে ৰাইজে কেতিয়া শুদ্ধ নাগৰিকপঞ্জী লাভ কৰিব NRC কৰ্তৃপক্ষই শীঘ্ৰেই বিজ্ঞাপন প্ৰকাশ কৰিব লাগে বুলি দাবী উত্থাপন কৰে এ পি ডব্লিউৰ সভাপতি গৰাকীয়ে ৷ 22 খন জিলাৰ সন্দেহযুক্ত লোকৰ নাম নাগৰিকপঞ্জীত সোমাইছে বুলি আন এক গুৰুতৰ অভিযোগ তুলি মৰিগাঁও জিলাৰ উপায়ুক্তই নাগৰিকপঞ্জীত বিদেশীৰ নাম সোমাইছে বুলি উল্লেখ কৰাৰ পাচত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে অভিজিত শৰ্মাই ৷ আনহাতে,বাংলাদেশীমূলৰ লোকসকলে কেৱল সন্তান জন্ম দিবলৈকে অসমলৈ আহে,এনে যথেষ্ট সংখ্যক ল'ৰা-ছোৱালীৰ বোজা অসমে লব নোৱাৰে ৷ সেয়েহে,জন্ম নিয়ন্ত্ৰণৰ ৰোধৰ বাবে তেওঁলোক আদালতৰ দ্বাৰস্থ হ'ব বুলি ব্যক্ত কৰে সংগঠনটোৰ সভাপতি অভিজিত শৰ্মাই ৷

গুৱাহাটী প্ৰেছ ক্লাৱত APW ৰ সংবাদমেল
সংবাদমেল সম্বোধন সভাপতি অভিজিত শৰ্মাৰ গুৰুতৰ অভিযোগ NRCৰ খচৰাত  অন্তৰ্ভুক্ত হৈছে বাংলাদেশী হিন্দু আৰু মুছলমানৰ নাম ৷ যাৰ বাবে এখন শুদ্ধ NRC কোনে দিব এতিয়াও সেয়া  স্পষ্ট নহয় বুলি অভিযোগ তুলিলে শৰ্মাই ৷ লগতে তেওঁ আৰু কয় যে লুঙী আৰু টুপী পিন্ধা মুছলমান মানেই বাংলাদেশী নহয় ৷ কিন্ত সেই অনুসৰি লিগেছী ডাটা ক্ৰয় কৰা মুছলিমসকলো ভাৰতীয় নহয় ৷ এনেদৰে লিগেছে ডাটা ক্ৰয় কৰা  সকলৰ বিৰুদ্ধে কি ব্যৱস্থা ল’ব চৰকাৰে বুলি প্ৰশ্ন  অভিজিত শৰ্মাৰ ৷ ইয়াৰ উপৰিও ১০% পুনৰীক্ষণৰ প্ৰতিবেদন উচ্চতম ন্যায়ালয়ত কেনেদৰে  দাখিল কৰিলে সেয়াও একো তথ্য পোৱা নাই বুলি সংবাদমেলত অভিযোগ কৰিলে ৷
NRCৰ দাবী আপত্তি লাখে লাখে কৰিছে যদিও প্ৰায় সংখ্যকেই ভুৱা ৷  অভিজিত শৰ্মাই আৰু কয় যে শুদ্ধ নাগৰিক পঞ্জী পাব বুলি NRC কতৃপক্ষই বিজ্ঞাপন দিব লাগে অতি শীঘ্ৰে ৷ লগতে আৰু কয় যে মৰিগাঁও উপায়ুক্তই কৈছিল বিদেশীৰ নাম নাগৰিকপঞ্জীত সোমাইছে ৷ তাৰ কি ব্যৱস্থা গ্ৰহন কৰা হ'ল, ?ইয়াৰ উপৰিও ২২খন জিলাৰ সন্দেহযুক্তলোকৰ নাম নাগৰিকপঞ্জীত সোমাইছে বুলি আন এক গুৰুতৰ অভিযেগ তুলে ৷সংবাদমেলতে তেওঁ আৰু কয় যে জন্ম নিয়ন্ত্ৰনৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ত এক আবেদন কৰিব অসম পাব্লিক ওৰ্ৱকছে ৷ কিয়নো ৷ বহু বাংলাদেশী মূলৰ মানুহে অসমলৈ আহি বহু কেইগৰাকী মহিলাক বিয়া পাতি যথেষ্ট সংখ্যৰৃক ল'ৰা ছোৱালী জন্ম দিয়ে ৷ অসমে এনে ধৰনৰ বোজা ল'ব নোৱাৰে ৷ গতিকে ইয়াৰ বিৰুদ্ধে আমি ন্যায়লয়ৰ দ্বাৰস্থ হৈ ব্যৱস্থা গ্ৰহন কৰিবলৈ অনুৰোধ জনাম ৷

Lipika deka..Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.