ETV Bharat / state

APSC Scam New Chapter: গোপন ফাইলে পোহৰলৈ আনিব ৰাকেশ পালৰ APSCৰ আন এক নিযুক্তি কেলেংকাৰী - Assam Public Service Commission

APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল, এটি গোপনীয় ফাইল আৰু ফাইলৰখীয়াৰ কাহিনী (Rakesh Paul APSC Scam) ৷ এইবাৰ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত খোল খাব ৰাকেশ পালৰ APSC-ৰ আন এক কেলেংকাৰী ।

APSC
APSC
author img

By

Published : Dec 31, 2022, 4:15 PM IST

গুৱাহাটী, ৩১ ডিচেম্বৰ : APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল, এটা গোপন ফাইল আৰু ফাইলবোৰৰ গোপনে চোৱা-চিতা কৰা এজন ৰখীয়াৰ কাহিনীয়ে পুনৰ অসম লোকসেৱা আয়োগত সংঘটিত আন কেলেংকাৰীৰ নতুন দৃশ্যপট উদ্ধাৰ কৰিছে (Rakesh Paul APSC Scam) ৷ কেৱল অসম প্ৰশাসনিক সেৱাৰ কেলেংকাৰীয়েই নহয়, আন আন নিযুক্তিৰ ক্ষেত্ৰতো অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাবে ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লৈছিল ৰাকেশ পালে (Assam Public Service Commission) ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ

দুৰ্নীতিৰে দিয়া আন আন নিযুক্তিৰ ফাইল গোপনে ৰাখিছিল ৰাকেশ কুমাৰ পালে ৷ ব্যক্তিগত সচিবে চোৱা-চিতা কৰিছিল গোপন ফাইল ৷ এই সন্দৰ্ভত ব্যক্তিগত সচিবলৈ উচ্চ ন্যায়ালয়ৰ চমন জাৰি ৷ মাত্ৰ দুদিন পূৰ্বে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া আয়োগে বক্ৰপথেৰে APSC-ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱাৰ প্ৰসংগত ভনীতা নাথ নামৰ এগৰাকী উপ-আৰক্ষী অধীক্ষক আৰু মানৱী দাস নামৰ এগৰাকী আবকাৰী অধীক্ষকক ১৫ দিনৰ ভিতৰত আয়োগৰ সন্মুখত উপস্থিত হ’বলৈ জাননী জাৰি কৰিছিল ৷

ৰাকেশ পালৰ এটা গোপন ফাইলৰ কাহিনী
ৰাকেশ পালৰ এটা গোপন ফাইলৰ কাহিনী

এইবাৰ উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত খোল খাব ৰাকেশ পালৰ APSC-ৰ আন এক কেলেংকাৰী (High Court intervention on APSC scam) ৷ যিমানেই খান্দিছে সিমানেই পোহৰলৈ আহিছে অসম লোকসেৱা আয়োগৰ কাৰাৰুদ্ধ-নিলম্বিত অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ কেলেংকাৰীৰ নতুন অধ্যায় । APSC-ত ২০১৩ আৰু ২০১৪ চনত প্ৰশাসনীয় নিযুক্তিত বিয়াগোম কেলেংকাৰী সংঘটিত কৰা ৰাকেশ কুমাৰ পালৰ আন এক কেলেংকাৰীৰ ফাইল খুলিবলৈ আগবাঢ়িছে গুৱাহাটী উচ্চ ন্যায়ালয় ।

এই কেলেংকাৰী হ'ল— '২০১৩ আৰু ২০১৬ চনত কৃষি উন্নয়ন বিষয়া নিযুক্তি' । অসম লোকসেৱা আয়োগত দুৰ্নীতিৰ মুকলি বেহা চলোৱা ৰাকেশ কুমাৰ পালেই সংঘটিত কৰিছিল এই নিযুক্তি কেলেংকাৰীও । ২০১৩ আৰু ২০১৬ চনত কৃষি উন্নয়ন বিষয়া নিযুক্তি সম্পৰ্কীয় এটা গোপন ফাইল ৰাখিছিল তদানীন্তন অধ্যক্ষগৰাকীয়ে । এই ফাইলটো চোৱা-চিতা কৰিছিল অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ ব্যক্তিগত সচিব পংকজ কুমাৰ শৰ্মাই ।

গুৰুত্বপূৰ্ণ কথা যে বিগত তদন্তৰ সময়ত আৰক্ষীয়ে জব্দ কৰা নাছিল এই ফাইলটো ৷ সেয়ে যোৱা ২৮ নৱেম্বৰত বিশেষ ন্যায়াধীশৰ আদালতে এই গোচৰটোত নাম সাঙোৰ খাই থকা ৰাকেশ কুমাৰ পালৰ ব্যক্তিগত সচিব পংকজ কুমাৰ শৰ্মাক ফাইলটোৰ লগতে নিযুক্তিৰ তালিকা, অনুমোদন জনোৱা সন্দৰ্ভত বৈঠকৰ কাৰ্যবিৱৰণী আদি দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

APSC কেলেংকাৰীৰ নতুন মোৰ
APSC কেলেংকাৰীৰ নতুন মোৰ

উল্লেখ্য, এই গোচৰৰ শুনানিকালত ৰাকেশ কুমাৰ পাল অধ্যক্ষ হৈ থাকোঁতে APSC-ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত থকা তথা বৰ্তমানৰ APSC-ৰ অধ্যক্ষ ভাৰতভূষণ দেৱচৌধুৰীয়ে ন্যায়ালয়ত জবানবন্দীত উল্লেখ কৰিছে— কৃষি উন্নয়ন বিষয়াৰ নিযুক্তিত এটা সুকীয়া ফাইল কৰা হৈছিল ৷ তাৰ পাছতেই ৰাকেশ কুমাৰ পালৰ তদানীন্তন ব্যক্তিগত সচিব পংকজ কুমাৰ শৰ্মালৈ ন্যায়ালয়ে দিয়ে চমন। অৱশ্যে ন্যায়লয়ত চৰকাৰী পক্ষৰ এই ফাইলৰ যুক্তিক অভিযুক্ত পক্ষই গোচৰৰ সৈতে প্ৰাসংগিক নহয় বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও ন্যায়ালয়ে ফাইলটো আদালতত দাখিলৰ নিৰ্দেশ দিয়ে ।

ন্যায়ালয়ে এই নিৰ্দেশৰ লগতে APSC-ৰ বৰ্তমানৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীক পংকজ কুমাৰ শৰ্মাক ফাইলৰ লগতে যাতে সকলো নথি-পত্ৰ জমা দিব পাৰে তাৰ বাবে অনুমতি দিবলৈও নিৰ্দেশ দিয়ে । এতিয়া এই গোপন ফাইলে ৰাকেশ কুমাৰ পালৰ নিযুক্তি কেলেংকাৰী আৰু অনিয়মৰ তথ্য পোহৰলৈ আনিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Assam APSC Sacm: গেঁঠেলা মাৰিছে APSC কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.