ETV Bharat / state

APSC কেলেংকাৰী; ১১ গৰাকী ৰাজপত্ৰিত বিষয়াক নিলম্বন

author img

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 4:16 PM IST

এখোজ আগবাঢ়িছে APSC কেলেংকাৰীৰ তদন্ত । ৰাজ্যপালৰ অনুমোদনমৰ্মে অসম চৰকাৰৰ গৃহ বিভাগে নিলম্বন কৰিলে বক্ৰপথেৰে চাকৰি লোৱা ১১ গৰাকী কৰ্মৰত ৰাজপত্ৰিত বিষয়াক ।

১১ গৰাকী ৰাজপত্ৰিত বিষয়াক নিলম্বন
APSC কেলেংকাৰী

গুৱাহাটী, ১ ডিচেম্বৰ : অসম কঁপোৱা APSC কেলেংকাৰীৰ সৈতে জড়িত ১১ গৰাকী ৰাজপত্ৰিত বিষয়াক নিলম্বন অসম চৰকাৰৰ ৷ ৰাজ্যপালৰ অনুমতি সাপেক্ষে এই ৰাজপত্ৰিত বিষয়াসকলক ৩০ নৱেম্বৰৰ এক জাননীযোগে অসম চৰকাৰৰ গৃহ বিভাগৰ যুটীয়া সচিবে নিলম্বনৰ জাননী জাৰি কৰিছে ৷ নিলম্বিত আটাইকেইগৰাকী বিষয়াই ২০১৩-১৪ বৰ্ষত APSC কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ নেতৃত্বত বক্ৰপথেৰে চাকৰি লৈছিল । অসম চৰকাৰে গঠন কৰি দিয়া ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ এজনীয়া আয়োগৰ প্ৰতিবেদনত এই আটাইকেইগৰাকী ৰাজপত্ৰিত বিষয়াৰ নাম উল্লেখ আছে ৷ শৰ্মা আয়োগৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে যে অনিয়ম আৰু বক্ৰপথেৰে এইসকল ৰাজপত্ৰিত বিষয়াই অসম লোকসেৱা আয়োগৰ চাকৰিৰ বাবে নিৰ্বাচিত হৈছিল ৷ তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ আছে ৷ অৱশেষত বিভিন্ন বিতৰ্কৰ পিছত ৰাজ্য চৰকাৰে এই ১১ গৰাকী ৰাজপত্ৰিত বিষয়াক নিলম্বন কৰিবলৈ বাধ্য হয় ৷

নিলম্বনত অনুমোদন ৰাজ্যপালৰ
নিলম্বনত অনুমোদন ৰাজ্যপালৰ

অসম চৰকাৰে নিলম্বন কৰা ৰাজপত্ৰিত বিষয়াসকল হৈছে—

১. দিপাংকৰ দত্ত লস্কৰ ৷ এইগৰাকী APS বিষয়া হাইলাকান্দিৰ কাটলিচেৰাত ২১ এপিবিএনত উপ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল

২. নিতুমণি দাস ৷ APS বিষয়া নিতুমণি দাস বঙাইগাঁৱত ক্ৰাইম ব্ৰাঞ্চত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল ।

৩. ৰুমীৰ তিমুংপী ৷ APS বিষয়া ৰুমীৰ তিমুংপী অসম আৰক্ষী মুখ্য কাৰ্যালয়ত সংলগ্ন হৈ NIA-ত ডেপুটেচনত আছিল ৷

৪. ফাৰুক আহমেদ ৷ APS বিষয়া ফাৰুক অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে দক্ষিণ শালমাৰাত কৰ্মৰত আছিল ৷

৫. কল্যাণ কুমাৰ দাস ৷ APS কল্যাণ কুমাৰ গগৈ কাছাৰত ক্ৰাইম ব্ৰাঞ্চত অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল ৷

৬. কুলপ্ৰদীপ ভট্টাচাৰ্য ৷ APS বিষয়া কুলপ্ৰদীপ আছিল মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰে জড়িত ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে CM's SVC And attached to CM security ৰূপে আছিল কুলপ্ৰদীপ ভট্টাচাৰ্য ৷

৭. নীলাঞ্জন গগৈ ৷ এইগৰাকী APS বিষয়া বিশেষ শাখাৰ মুখ্য কাৰ্যালয়ত (SB HQ) উপ আৰক্ষী অধীক্ষক হিচাপে নিয়োজিত আছিল ।

৮. নন্দিনী কাকতি ৷ মহানগৰ আৰক্ষীৰ গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত আছিল APS নন্দিনী ৷ তেওঁ ADCP (Central), গুৱাহাটী পুলিচ কমিছনাৰেটত কৰ্মৰত আছিল ৷ মহাগৰীৰৰ বহু গুৰুত্বপূৰ্ণ গোচৰৰ তদন্তকাৰী বিষয়া আছিল নন্দিনী কাকতি ৷

৯. অনলজ্যোতি দাস ৷ ডিমা হাচাওত এইগৰাকী APS বিষয়া অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল ৷

১০. চাহজাহান সৰকাৰ ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে যোৰহাটত কৰ্মৰত আছিল চাহজাহান সৰকাৰ ।

১১. ঐশ্বৰ্য জীৱন বৰুৱা ৷ APS বিষয়া ঐশ্বৰ্য জীৱন বৰুৱাই ওদালগুৰিত অতিৰিক্ত আৰক্ষী অধীক্ষকৰূপে কাম কৰি আছিল ৷

এই ১১ গৰাকী নিলম্বিত ৰাজপত্ৰিত বিষয়াৰ ভিতৰত ইতিমধ্যেই চাহজাহান সৰকাৰ আৰু ঐশ্বৰ্য জীৱন বৰুৱাক APSC কেলেংকাৰী সন্দৰ্ভত সোধ-পোছৰ পিছত গ্ৰেপ্তাৰ কৰা হৈছে ৷ দুয়োগৰাকীয়েই বৰ্তমান ৰঙাঘৰৰ আলহী ৷ নিলম্বিত আনসকলক আৰক্ষীয়ে ইতিমধ্যে জেৰাৰ বাবে চমন জাৰি কৰিছে । তেওঁলোকৰ কেইবাগৰাকীকো অচিৰেই পৰ্যায়ক্ৰমে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ আনহাতে, তালিকা অধিক দীঘল হ’ব নিলম্বিত ৰাজপত্ৰিত বিষয়াৰো ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চাৰিগৰাকী ACS বিষয়াক ৰাজ্য চৰকাৰে নিলম্বন কৰিছে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত । তেওঁলোক হৈছে যোৰহাটৰ অতিৰিক্ত জিলা আয়ুক্ত আকাশী দুৱৰা, ধিঙৰ অতিৰিক্ত জিলা আয়ুক্ত হিতেশ মজুমদাৰ, অতিৰিক্ত জিলা আয়ুক্ত ধীৰাজ জৈন আৰু ধ্ৰুৱজ্যোতি হাতীবৰুৱা ।

লগতে পঢ়ক :উৰণ সেঁতু নিৰ্মাণৰ আঁৰত মুখ্যমন্ত্ৰীৰ আছে ঘৰুৱা এজেণ্ডা- পুনৰ গৌৰৱ গগৈৰ চোকা আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.